--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন  পূৰ্বে ভাৰতৰ এগৰাকী যুৱকে কুকুৰ এজনীক সামাজিক ভাবে বিয়া পাতি চৰ্চালৈ আহিছিল। এইবাৰ বিয়াৰ পাত্ৰী কুকুৰ নহয়, কুকুৰতকৈও ভয়ংকৰ প্ৰাণী এজনী ঘঁৰিয়ালহে। ঘঁৰিয়াল বিয়া পতা যুৱক জন শিক্ষিত। কেৱল শিক্ষিতই নহয়, তেওঁ এখন চহৰৰ মেয়ৰৰ দৰে উচ্চ পদবীতো অধিষ্ঠিত হৈ আছে। 

সেইগৰাকী মেয়ৰেই বিয়া পাতিলে এজনী ঘঁৰিয়ালক। তাকো সম্পূৰ্ণ সামাজিক ৰীতি-নীতিৰে। বিবাহ অনুষ্ঠানত কইনাই পিন্ধা বগা গাউন পিন্ধি ইফালে সিফালে চাই আছে  কইনাৰূপী ঘঁৰিয়ালে। স্থানীয় লোকসকলে প্ৰাণ ঢালি নাচিছিল আৰু বিয়াৰ সম্পূৰ্ণ  আনন্দ  লৈছিল। 

তেওঁলোকে বেণ্ডপাৰ্টী বজাই দৰা আৰু কইনাৰ বেশত থকা ঘঁৰিয়ালক আদৰণি জনাইছিল। বিয়া সম্পন্ন হোৱাৰ পিছতে দৰাই কইনাক চুমা খাইছিল। ঘঁৰিয়ালৰ সৈতে বিয়া পতাৰ ঘটনাটো ঘটিছে মেক্সিকোত।  মেক্সিকোৰ চান পেড্ৰোৰ মেয়ৰে  ঘঁৰিয়ালৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে।


'কইনা'ৰূপী ঘঁৰিয়াল জনীৰ নাম ৰখা হৈছে  লিটল প্ৰিন্সেছ । বিয়া খন হৈ যোৱাৰ পিছতে এলিয়া নামৰ এগৰাকী মহিলাক লিটল প্ৰিন্সেছৰ চোৱাচিতা কৰিবলৈ নিযুক্ত কৰা হৈছে। 

কিন্তু ইমান অদ্ভুত বিয়া কিয় সম্পন্ন হ’ল?চহৰ খনত সঁচাকৈয়ে বিবাহযোগ্য ছোৱালীৰ অভাৱ হৈছে নেকি? দৰাচলতে তেনে কোনো কথা নহয়। মেক্সিকোৰ চান পেড্ৰো চহৰৰ পৰম্পৰা অনুসৰি ঘঁৰিয়ালৰ সৈতে বিয়া পাতিব পৰাটো সৌভাগ্যৰ কথা। ঘঁৰিয়ালক উৰ্বৰতাৰ প্ৰতীক হিচাবে চহৰ খনৰ লোকসকলে মানি আহিছে।

  মানুহৰ সৈতে প্ৰকৃতিৰ মিলনৰ ইয়াক এক অপূৰ্ব চিন হিচাবেও  গণ্য কৰা হয়। যাতে পৰ্যাপ্ত বৰষুণ হয় আৰু খেতি ভাল হয় তাৰ বাবেই চহৰ খনৰ বহু লোকে ঘঁৰিয়ালৰ সৈতে বিয়া পাতি আহিছে। 

মেক্সিকোৰ এই অঞ্চলৰ বাসিন্দাসকলে পুৰণি পৰম্পৰা এতিয়াও বচাই ৰাখিছে। পৰম্পৰা ৰক্ষাৰ বাবেই চহৰ খনৰ মেয়ৰগৰাকীয়েও ঘঁৰিয়ালৰ সৈতে বিয়া পাতি ন-কইনাক চুম্বন কৰিছে,একেলগে  ফটোও উঠিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি