--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন  পূৰ্বে ভাৰতৰ এগৰাকী যুৱকে কুকুৰ এজনীক সামাজিক ভাবে বিয়া পাতি চৰ্চালৈ আহিছিল। এইবাৰ বিয়াৰ পাত্ৰী কুকুৰ নহয়, কুকুৰতকৈও ভয়ংকৰ প্ৰাণী এজনী ঘঁৰিয়ালহে। ঘঁৰিয়াল বিয়া পতা যুৱক জন শিক্ষিত। কেৱল শিক্ষিতই নহয়, তেওঁ এখন চহৰৰ মেয়ৰৰ দৰে উচ্চ পদবীতো অধিষ্ঠিত হৈ আছে। 

সেইগৰাকী মেয়ৰেই বিয়া পাতিলে এজনী ঘঁৰিয়ালক। তাকো সম্পূৰ্ণ সামাজিক ৰীতি-নীতিৰে। বিবাহ অনুষ্ঠানত কইনাই পিন্ধা বগা গাউন পিন্ধি ইফালে সিফালে চাই আছে  কইনাৰূপী ঘঁৰিয়ালে। স্থানীয় লোকসকলে প্ৰাণ ঢালি নাচিছিল আৰু বিয়াৰ সম্পূৰ্ণ  আনন্দ  লৈছিল। 

তেওঁলোকে বেণ্ডপাৰ্টী বজাই দৰা আৰু কইনাৰ বেশত থকা ঘঁৰিয়ালক আদৰণি জনাইছিল। বিয়া সম্পন্ন হোৱাৰ পিছতে দৰাই কইনাক চুমা খাইছিল। ঘঁৰিয়ালৰ সৈতে বিয়া পতাৰ ঘটনাটো ঘটিছে মেক্সিকোত।  মেক্সিকোৰ চান পেড্ৰোৰ মেয়ৰে  ঘঁৰিয়ালৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে।


'কইনা'ৰূপী ঘঁৰিয়াল জনীৰ নাম ৰখা হৈছে  লিটল প্ৰিন্সেছ । বিয়া খন হৈ যোৱাৰ পিছতে এলিয়া নামৰ এগৰাকী মহিলাক লিটল প্ৰিন্সেছৰ চোৱাচিতা কৰিবলৈ নিযুক্ত কৰা হৈছে। 

কিন্তু ইমান অদ্ভুত বিয়া কিয় সম্পন্ন হ’ল?চহৰ খনত সঁচাকৈয়ে বিবাহযোগ্য ছোৱালীৰ অভাৱ হৈছে নেকি? দৰাচলতে তেনে কোনো কথা নহয়। মেক্সিকোৰ চান পেড্ৰো চহৰৰ পৰম্পৰা অনুসৰি ঘঁৰিয়ালৰ সৈতে বিয়া পাতিব পৰাটো সৌভাগ্যৰ কথা। ঘঁৰিয়ালক উৰ্বৰতাৰ প্ৰতীক হিচাবে চহৰ খনৰ লোকসকলে মানি আহিছে।

  মানুহৰ সৈতে প্ৰকৃতিৰ মিলনৰ ইয়াক এক অপূৰ্ব চিন হিচাবেও  গণ্য কৰা হয়। যাতে পৰ্যাপ্ত বৰষুণ হয় আৰু খেতি ভাল হয় তাৰ বাবেই চহৰ খনৰ বহু লোকে ঘঁৰিয়ালৰ সৈতে বিয়া পাতি আহিছে। 

মেক্সিকোৰ এই অঞ্চলৰ বাসিন্দাসকলে পুৰণি পৰম্পৰা এতিয়াও বচাই ৰাখিছে। পৰম্পৰা ৰক্ষাৰ বাবেই চহৰ খনৰ মেয়ৰগৰাকীয়েও ঘঁৰিয়ালৰ সৈতে বিয়া পাতি ন-কইনাক চুম্বন কৰিছে,একেলগে  ফটোও উঠিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা