--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বেলুচিস্তান লিবাৰেশ্যন আর্মিয়ে (বি এল এ) বৃহস্পতিবাৰে কয় যে পাকিস্তানৰ সামৰিক বাহিনীয়ে জাফৰ এক্সপ্ৰেছ অপহৰণ সম্পর্কে কোৱা কথা 'মিছা' আৰু প্রবল যুঁজ চলি আছে তথা পাকিস্তানী বাহিনী বিপুল ক্ষতিৰ সম্মুখীন হৈছে। এটা বিবৃতিত বি এল এই কয়, 'প্রকৃত কথাটো হৈছে বিভিন্ন যুদ্ধক্ষেত্রত যুদ্ধ চলি আছে আৰু শত্রুৰ (পাকিস্তানী সেনা) বুজনসংখ্যক লোক হতাহত হৈছে তথা সামৰিক ক্ষতি হৈছে।' 

উল্লেখযোগ্য যে কালি পাকিস্তানী সেনাই দাবী কৰিছিল যে চাৰিশতাধিক যাত্রী কঢ়িয়াই নিয়া যাত্রীবাহী ৰে'লখনঅশান্ত বেলুচিস্তান প্রদেশত অপহৰণ কৰা ৩৩জন বেলুচ উগ্রপন্থীক তেওঁলোকে হত্যা কৰিলে।' বি এল এই বিবৃতিত কয়, 'দখলদাৰী সেনা যুদ্ধক্ষেত্রত বিজয়ীও হোৱা নাই অথবা পণবন্দী কৰা লোকসকলক ৰক্ষা কৰিবও পৰা নাই।' উল্লেখযোগ্য যে মঙলবাৰে বেলুচ উগ্রপন্থীয়ে নটা দবাত ৪২৫জন যাত্রী থকা পেছোৱাৰ অভিমুখী জাফৰ এক্সপ্ৰেছ অপহৰণ কৰিছিল। এই ৰে'লখন আহিছিল বেলুচিস্তানৰ ৰাজধানী কুবেটাৰ পৰা। 

শুদালাৰ আৰু পিক কুনৰীৰ পর্বতীয়া অঞ্চলৰ এটা সুৰংগেৰে পাৰ হওঁতেই উগ্রপন্থীয়ে জধে-মধে গুলীয়াই ৰে'লখনৰ নিয়ন্ত্রণ নিজৰ হাতলৈ আনিছিল। বেলুচ উগ্রপন্থীয়ে পাকিস্তানী সেনা আৰু প্রশাসনিক বিষয়াক পণবন্দী কৰি পাকিস্তানক বিনাচৰ্তে বেলুচ কন্দীসকলক মুক্তি দিবলৈ দাবী জনাইছিল। বেলুচ উগ্রপন্থী সংগঠনটোৰ মতে, তেওঁলোকে বন্দী বিনিময়ৰ প্রস্তাৱ দিছিল, কিন্তু পাকিস্তানে আলোচনা আৰু বুজাবুজি নাকচ কৰি তেওঁলোকৰ সেনা জোবানক মৰিবলৈ এৰি দিলে। বি এল এই এইবুলিও কয় যে পাকিস্তানে যিহেতু বিজয়ৰ দাবী কৰিছে তেন্তে স্বতন্ত্র সাংবাদিকক উক্ত ক্ষেত্র দেখুৱাওক।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ