--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়া-ইউক্রেইনৰ ৩০ দিনীয়া যুদ্ধ বিৰতিৰ আমেৰিকাৰ প্ৰস্তাৱ ইউক্রেইনে মানি লোৱাৰ এদিনৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কয় যে ইউক্রেইনৰ সৈতে ৰুছ বাহিনীৰ শান্তি চুক্তিৰ বাবে মার্কিন প্রতিনিধি অচিৰেই ৰাছিয়ালৈ ৰাওনা হ'ব। বুধবাৰে ৰাষ্ট্ৰপতি ট্রাম্পে ৰুছ ৰাষ্ট্ৰপতি পুটিনক সতর্ক কৰি দিয়ে যে ইউক্রেইনৰ সৈতে যদি ৰাছিয়াই শান্তি প্রক্রিয়াত যোগ নিদিয়ে তেনেহ'লে ৰাছিয়া ভয়ংকৰ মার্কিন 'নিষেধাজ্ঞা'ৰ সম্মুখীন হ'ব।

চলিত সপ্তাহতে মার্কিন বিশেষ দূত ষ্টিভ উইটকফ মস্কোলৈ ৰাওনা হ'ব বুলি হোৱাইট হাউছৰ সূত্রই প্রকাশ কৰিছে। আনহাতে, ইউক্রেইনৰ সৈতে যুদ্ধ অন্ত পেলোৱাৰ বাবে আমেৰিকাক ৰাছিয়াই কেইবাটাও দাবী উত্থাপন কৰিছে। অৱশ্যে দাবীকেইটাৰ বিষয়ে এতিয়ালৈকে জানিব পৰা নাই। ৰাছিয়াই উত্থাপন কৰা দাবীসমূহ আমেৰিকাই পূৰণ কৰিলেহে ইউক্রেইনৰ সৈতে যুদ্ধ বিৰতি সম্ভৱ বুলি ক্রেমলিনে সদৰী কৰে। এই ঘটনা প্ৰৱাহৰ মাজতে বুধবাৰে ৰাছিয়াৰ কুৰ্স্ক অঞ্চলত আকস্মিকভাৱে উপস্থিত হয় ৰুছ ৰাষ্ট্ৰপতি পুটিন। ইউক্রেইনৰ সেনাই এই অঞ্চলটোত দখল কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি পুটিন কুৰ্স্ক অঞ্চলত উপস্থিত হয়। ৰুছ বাহিনীয়ে ইতিমধ্যে কুৰ্স্ক অঞ্চলৰ বহু এলেকা ইউক্রেইনৰ কবলৰ পৰা উদ্ধাৰ কৰিছে। 

ৰাষ্ট্ৰপতি পুটিন কুৰ্স্কত উপস্থিত হৈ ইউক্রেইনৰ দখলত থকা বাকী অঞ্চলসমূহ উদ্ধাৰ কৰিবলৈ ৰুছ বাহিনীক কাঢ়া নির্দেশ দিয়ে। উল্লেখযোগ্য যে কুস্কেই হৈছে একমাত্ৰ ৰাছিয়াৰ অঞ্চল, য'ত ইউক্রেইনে ইয়াৰ স্থিতি এতিয়াও বাহাল ৰাখিছে। শেহতীয়া বাতৰি মতে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্রালয়ে ঘোষণা কৰিছে যে বৃহস্পতিবাৰে ইউক্রেইনৰ দখলৰ পৰা তেওঁলোকে কুৰ্স্ক অঞ্চলৰ বৃহৎ চহৰ চূডঝা দখল কৰিছে।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ