--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : আফগান ভূমিত প্ৰায় প্ৰতিৰোধশূন্য হৈ পৰিছে তালিবান। পঞ্জশীৰ উপত্যকাত প্ৰতিৰোধক বাহিনীৰ খোপনি তালিবানে ওফৰোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে প্ৰতিৰোধ বাহিনীৰ নেতাসকলে পঞ্জশীৰ ত্যাগ কৰিছে। পঞ্জশীৰ ত্যাগ কৰি তেওঁলোকে তুৰস্কত আশ্ৰয় লোৱা বুলি জানিব পৰা গৈছে। তালিবানৰ এজন মুখপাত্ৰই এইকথা প্ৰকাশ কৰিছে। আহমদ মাছুদ তুৰস্কত থকা বুলি দাবী কৰি তালিবানৰ মুখপাত্ৰজনে কয় যে, পঞ্জশীৰত ইণ্টাৰনেট সেৱা নাই।

তেওঁ কেনেকৈ অনলাইন পোষ্ট কৰি আছে? তেওঁ পঞ্জশীৰ উপত্যকা ত্যাগ কৰিছে আৰু তুৰ্কীত আশ্ৰয় লৈছে। পঞ্জশীৰ তালিবানে ঘেৰাও কৰি ৰখা বুলি দাবী কৰি তালিবানৰ চৰকাৰী সংবাদ মাধ্যমৰ সাংবাদিক তাৰিক গাজনিৱালে প্ৰকাশ কৰিছে, সংবাদ মাধ্যমৰ হাতত সঠিক খবৰ নথকা বাবে বিভ্ৰান্তিৰ সৃষ্টি হৈছে। কিন্তু পঞ্জশীৰ এতিয়া তালিবানে সম্পূৰ্ণৰূপে দখল কৰিছে। হিন্দু কুশ্ব পৰ্বতমালাৰ মাজত অৱস্থিত পঞ্জশীৰ কাবুলৰ পাৰ ৯০ মাইল দূৰত অৱস্থিত এখন ঠাই। কাবুল তালিবানৰ দখল কৰাৰ সময়ৰে পৰা ই প্ৰতিৰোধ বাহিনীৰ মূল কেন্দ্ৰত পৰিণত হৈছিল। যাৰ নেতৃত্ব দি আছিল দেশখনৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি অমৰুল্লাহ ছালেহ আৰু আফগান গৰিলা কমাণ্ডাৰ আহমদ শ্বাহ মাছুদৰ পুত্ৰ আহমদ মাছুদে।

আজি তালিবানে এখন গুৰুত্বপূৰ্ণ যুঁজত বিজয় সাব্যস্ত কৰা বুলি দাবী কৰিছে আৰু পঞ্জশীৰৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিছে। তেওঁলোকে দাবী কৰা মতে, ইয়াৰ নেতাসকলে বাহিৰৰ পৰা তাত প্ৰভাৱ বিস্তাৰ কৰি আছিল। তালিবানে দীঘলীয়া সময় ধৰি আলোচনাৰ বাবে অপেক্ষা কৰি আছিল যদিও আলোচনাৰ বাবে তেওঁলোক আগবাঢ়ি নাহিল। ফলত প্ৰতিৰোধ বাহিনীক প্ৰতিহত কৰি পঞ্জশীৰ নিজৰ দখললৈ নিলে তালিবানে। ইফালে নেচনেল ৰেজিষ্টেন্স ফ্ৰণ্টে দাবী কৰা মতে, তেওঁলোকে উপত্যকাটোৰ ষ্ট্ৰেটেজিক পইণ্টবোৰত আশ্ৰয় গ্ৰহণ কৰি আছে। তালিবান আৰু তেওঁলোকৰ সহযোগীসকলৰ সৈতে সংগ্ৰাম চলি থাকিব বুলিও তেওঁলোকে দাবী কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক