--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভগ্নীৰ শহুৰেকৰ ঘৰৰ পৰা ১
  • ৪ কেজি সোণৰ গহনা আৰু ২
  • ৩ কেজি ৰূপৰ সামগ্ৰী লৈ পলায়ন কৰে যুৱতীগৰাকীয়ে।

ডিজিটেল ডেস্কঃ এগৰাকী যুৱতীয়ে সংঘটিত কৰা অপৰাধে সকলোৰে চকু কপালত তুলিছে। ২৭ বছৰীয়া যুৱতীগৰাকীয়ে পুৰুষৰ বেশ ধৰি ভগ্নীৰ শহুৰেকৰ ঘৰত লুটপাত চলায়। 


মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে এই ঘটনা। জ্যোতি মোহন ভানুশালী নামৰ যুৱতীগৰাকীয়ে পুৰুষৰ বেশ ধৰি ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিয়ে ।


ভাছাই অঞ্চলৰ মাণিকপুৰত সংঘটিত হোৱা ঘটনাটোৰ সেই নিশাই গুজৰাটৰ নৱছাৰীৰ পৰা জ্যোতি মোহন ভানুশালীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।


সহকাৰী আৰক্ষী আয়ুক্ত (অপৰাধ) মদন বল্লালে জনোৱা মতে, ঘৰত প্ৰৱেশ কৰাৰ পিছত অভিযুক্ত যুৱতীগৰাকীয়ে শৌচাগাৰ পৰীক্ষা কৰাৰ অজুহাতত ঘৰত অকলে থকা বৃদ্ধ শহুৰেকক শৌচাগাৰলৈ লৈ যায়। য'ত তেওঁক ভিতৰৰ পৰা আবদ্ধ কৰি দিয়ে যুৱতীগৰাকীয়ে। তাৰপাছত ১.৪ কেজি সোণৰ গহনা আৰু ২.৩ কেজি ৰূপৰ সামগ্ৰী লৈ পলায়ন কৰে যুৱতীগৰাকীয়ে। চুৰি হোৱা সামগ্ৰীসমূহৰ মুঠ মূল্য ১৫০৮৪০৫০ টকা বুলি জানিব পৰা গৈছে।


ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ ধাৰাসমূহৰ অধীনত চুৰি, ডকাইতি আৰু অন্যায়ভাৱে বন্দীত্বৰ গোচৰত এফআইআৰ ৰুজু কৰা হৈছে যুৱতীগৰাকীৰ বিৰুদ্ধে। এই গোচৰৰ তদন্তৰ বাবে আৰক্ষীয়ে ৭৫ৰ পৰা ৮০টা চিচিটিভি ফুটেজ পৰীক্ষা কৰে।


এগৰাকী আৰক্ষী বিষয়াই কয় যে জেৰাৰ সময়ত তেওঁ নিজেই অপৰাধৰ পৰিকল্পনা কৰা বুলি স্বীকাৰ কৰে। জ্যোতিয়ে স্বীকাৰ কৰে যে তেওঁ পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰলৈ গৈছিল। ইয়াৰ পিছতে সংঘটিত হয় ডকাইতি। বৰ্তমান আৰক্ষীয়ে চুৰি হোৱা সকলো সামগ্ৰী উদ্ধাৰ কৰি গোচৰটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ