--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভগ্নীৰ শহুৰেকৰ ঘৰৰ পৰা ১
  • ৪ কেজি সোণৰ গহনা আৰু ২
  • ৩ কেজি ৰূপৰ সামগ্ৰী লৈ পলায়ন কৰে যুৱতীগৰাকীয়ে।

ডিজিটেল ডেস্কঃ এগৰাকী যুৱতীয়ে সংঘটিত কৰা অপৰাধে সকলোৰে চকু কপালত তুলিছে। ২৭ বছৰীয়া যুৱতীগৰাকীয়ে পুৰুষৰ বেশ ধৰি ভগ্নীৰ শহুৰেকৰ ঘৰত লুটপাত চলায়। 


মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে এই ঘটনা। জ্যোতি মোহন ভানুশালী নামৰ যুৱতীগৰাকীয়ে পুৰুষৰ বেশ ধৰি ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিয়ে ।


ভাছাই অঞ্চলৰ মাণিকপুৰত সংঘটিত হোৱা ঘটনাটোৰ সেই নিশাই গুজৰাটৰ নৱছাৰীৰ পৰা জ্যোতি মোহন ভানুশালীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।


সহকাৰী আৰক্ষী আয়ুক্ত (অপৰাধ) মদন বল্লালে জনোৱা মতে, ঘৰত প্ৰৱেশ কৰাৰ পিছত অভিযুক্ত যুৱতীগৰাকীয়ে শৌচাগাৰ পৰীক্ষা কৰাৰ অজুহাতত ঘৰত অকলে থকা বৃদ্ধ শহুৰেকক শৌচাগাৰলৈ লৈ যায়। য'ত তেওঁক ভিতৰৰ পৰা আবদ্ধ কৰি দিয়ে যুৱতীগৰাকীয়ে। তাৰপাছত ১.৪ কেজি সোণৰ গহনা আৰু ২.৩ কেজি ৰূপৰ সামগ্ৰী লৈ পলায়ন কৰে যুৱতীগৰাকীয়ে। চুৰি হোৱা সামগ্ৰীসমূহৰ মুঠ মূল্য ১৫০৮৪০৫০ টকা বুলি জানিব পৰা গৈছে।


ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ ধাৰাসমূহৰ অধীনত চুৰি, ডকাইতি আৰু অন্যায়ভাৱে বন্দীত্বৰ গোচৰত এফআইআৰ ৰুজু কৰা হৈছে যুৱতীগৰাকীৰ বিৰুদ্ধে। এই গোচৰৰ তদন্তৰ বাবে আৰক্ষীয়ে ৭৫ৰ পৰা ৮০টা চিচিটিভি ফুটেজ পৰীক্ষা কৰে।


এগৰাকী আৰক্ষী বিষয়াই কয় যে জেৰাৰ সময়ত তেওঁ নিজেই অপৰাধৰ পৰিকল্পনা কৰা বুলি স্বীকাৰ কৰে। জ্যোতিয়ে স্বীকাৰ কৰে যে তেওঁ পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰলৈ গৈছিল। ইয়াৰ পিছতে সংঘটিত হয় ডকাইতি। বৰ্তমান আৰক্ষীয়ে চুৰি হোৱা সকলো সামগ্ৰী উদ্ধাৰ কৰি গোচৰটোৰ অধিক তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু