--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰংগম্মা নামৰ ভিক্ষাৰীগৰাকীক তেওঁৰ এই অৱদানৰ বাবে সম্বৰ্ধনা জনোৱা হয়। মূলত অন্ধ্ৰ প্ৰদেশৰ ৰংগম্মাই বিগত ৩৫ বছৰ ধৰি কৰ্ণাটকৰ বিজনগেৰাত বাস কৰি আহিছে।

ডিজিটেল ডেস্কঃ এগৰাকী ভিক্ষাৰীৰ মহানতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ভিক্ষাৰীগৰাকীয়ে এটকা, দুটকাকৈ সাঁচি ৬ বছৰত জমা কৰিছিল ১.৮৩ লাখ টকা।  যোৱা ছবছৰত তেওঁ সংগ্ৰহ কৰা দান-বৰঙণিৰ পৰাই এই ধন সম্পূৰ্ণৰূপে জমা হৈছিল। এই সমগ্ৰ ধনৰাশি ভিক্ষাৰীগৰাকীয়ে অঞ্জনেয়াস্বামী মন্দিৰলৈ দান কৰে। এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ  বিজনগেৰা গাঁৱত।


ৰংগম্মা নামৰ ভিক্ষাৰীগৰাকীক তেওঁৰ এই অৱদানৰ বাবে সম্বৰ্ধনা জনোৱা হয়। মূলত অন্ধ্ৰ প্ৰদেশৰ ৰংগম্মাই বিগত ৩৫ বছৰ ধৰি কৰ্ণাটকৰ বিজনগেৰাত বাস কৰি আহিছে। তেওঁ সম্পূৰ্ণৰূপে ভিক্ষাৰ জৰিয়তে নিজকে পোহপাল দি আহিছে।


যোৱা ছবছৰ ধৰি ৰংগম্মাই সংগ্ৰহ কৰা সকলো দান-বৰঙণি তিনিটা বেগত নিখুঁতভাৱে থুপ খোৱাই থৈছিল। গাঁৱৰ মানুহক ৰংগম্মাই কয় যে তেওঁ সেই সকলো ধন মন্দিৰলৈ দান কৰাৰ মনস্থ কৰিছে।

ইয়াৰ পিছত তেওঁ গাঁৱৰ বয়োজ্যেষ্ঠ কেইজনমানক মাতি আনি বেগ তিনিটাৰ ভিতৰত থকা টকাখিনি গণনা কৰিবলৈ ক'লে। ২০ জনতকৈ অধিক গাঁওবাসীয়ে প্ৰায় ছয় ঘণ্টা ধৰি কষ্ট কৰি চূড়ান্ত পৰিসংখ্যাটো উলিয়াই আনিলে: ১.৮৩ লাখ টকা।


উল্লেখ্য যে আৰ্দ্ৰতাৰ বাবে ৬ হাজাৰ টকাৰ মুদ্ৰাৰ নোটৰ ক্ষতিসাধন হয়।


অঞ্জনেয়াস্বামী মন্দিৰ সেৱা সমিতিৰ সম্পাদক বাসৱৰাজ যাদৱে কয়, ''ৰংগম্মাৰ ইচ্ছা অনুসৰি আমি সেই ধন মন্দিৰৰ সংস্কাৰৰ বাবে ব্যৱহাৰ কৰিছো।'' নিজৰ নাথাকিও ইমানখিনি টকা এক মহৎ উদ্দেশ্যত দান কৰা বাবে সকলোৱে ৰংগম্মাৰ বিশাল মনটোৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ