--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰংগম্মা নামৰ ভিক্ষাৰীগৰাকীক তেওঁৰ এই অৱদানৰ বাবে সম্বৰ্ধনা জনোৱা হয়। মূলত অন্ধ্ৰ প্ৰদেশৰ ৰংগম্মাই বিগত ৩৫ বছৰ ধৰি কৰ্ণাটকৰ বিজনগেৰাত বাস কৰি আহিছে।

ডিজিটেল ডেস্কঃ এগৰাকী ভিক্ষাৰীৰ মহানতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ভিক্ষাৰীগৰাকীয়ে এটকা, দুটকাকৈ সাঁচি ৬ বছৰত জমা কৰিছিল ১.৮৩ লাখ টকা।  যোৱা ছবছৰত তেওঁ সংগ্ৰহ কৰা দান-বৰঙণিৰ পৰাই এই ধন সম্পূৰ্ণৰূপে জমা হৈছিল। এই সমগ্ৰ ধনৰাশি ভিক্ষাৰীগৰাকীয়ে অঞ্জনেয়াস্বামী মন্দিৰলৈ দান কৰে। এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ  বিজনগেৰা গাঁৱত।


ৰংগম্মা নামৰ ভিক্ষাৰীগৰাকীক তেওঁৰ এই অৱদানৰ বাবে সম্বৰ্ধনা জনোৱা হয়। মূলত অন্ধ্ৰ প্ৰদেশৰ ৰংগম্মাই বিগত ৩৫ বছৰ ধৰি কৰ্ণাটকৰ বিজনগেৰাত বাস কৰি আহিছে। তেওঁ সম্পূৰ্ণৰূপে ভিক্ষাৰ জৰিয়তে নিজকে পোহপাল দি আহিছে।


যোৱা ছবছৰ ধৰি ৰংগম্মাই সংগ্ৰহ কৰা সকলো দান-বৰঙণি তিনিটা বেগত নিখুঁতভাৱে থুপ খোৱাই থৈছিল। গাঁৱৰ মানুহক ৰংগম্মাই কয় যে তেওঁ সেই সকলো ধন মন্দিৰলৈ দান কৰাৰ মনস্থ কৰিছে।

ইয়াৰ পিছত তেওঁ গাঁৱৰ বয়োজ্যেষ্ঠ কেইজনমানক মাতি আনি বেগ তিনিটাৰ ভিতৰত থকা টকাখিনি গণনা কৰিবলৈ ক'লে। ২০ জনতকৈ অধিক গাঁওবাসীয়ে প্ৰায় ছয় ঘণ্টা ধৰি কষ্ট কৰি চূড়ান্ত পৰিসংখ্যাটো উলিয়াই আনিলে: ১.৮৩ লাখ টকা।


উল্লেখ্য যে আৰ্দ্ৰতাৰ বাবে ৬ হাজাৰ টকাৰ মুদ্ৰাৰ নোটৰ ক্ষতিসাধন হয়।


অঞ্জনেয়াস্বামী মন্দিৰ সেৱা সমিতিৰ সম্পাদক বাসৱৰাজ যাদৱে কয়, ''ৰংগম্মাৰ ইচ্ছা অনুসৰি আমি সেই ধন মন্দিৰৰ সংস্কাৰৰ বাবে ব্যৱহাৰ কৰিছো।'' নিজৰ নাথাকিও ইমানখিনি টকা এক মহৎ উদ্দেশ্যত দান কৰা বাবে সকলোৱে ৰংগম্মাৰ বিশাল মনটোৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু