--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ ৮০ নিযুত প্ৰব্ৰজিত শ্ৰমিকৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। মোদী চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত সকলো প্ৰব্ৰজিত শ্ৰমিককে সামৰি লোৱাৰ বাবে আৰম্ভ কৰিছে ‘ৱান নেচন, ৱান ৰেচন কাৰ্ড’ আঁচনি। এই ডিজিটেল আঁচনিক সুফল যিকোনো ৰাজ্যতে থকা প্ৰব্ৰজিত শ্ৰমিকে লাভ কৰিব পাৰিব। সম্প্ৰতি দেশৰ ৩২খন ৰাজ্যত এই আঁচনি আৰম্ভ হৈছে।

আৰু পঢ়িব পাৰিব : কৰিমগঞ্জৰ চুড়াইবাৰীত বাহনসহ জব্দ নিচাযুক্ত টেবলেট

আনহাতে আন চাৰিখন ৰাজ্যই এই ডিজিটেল ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰক্ৰিয়া চলাই আছে। খাদ্য মন্ত্ৰণালয়ৰ পৰা জাৰি কৰা তথ্যত এই কথা প্ৰকাশ পাইছে। তথ্য অনুসৰি বিগত বৰ্ষৰ আগষ্ট মাহৰ পৰা এই বছৰৰ ফেব্ৰুৱাৰী মাহলৈ এই ব্যৱস্থাৰে ২৩০ নিযুত লেনদেন কৰা হৈছে। তদুপৰি চৰকাৰে ‘মেৰা ৰেচন’ নামৰ এটা এপৰ জৰিয়তেও হিতাধিকাৰীৰ সুফল প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

আৰু পঢ়িব পাৰিব : নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিলৈ আন এজন তাৰকা

এই এপৰ সহায়ত নেচনেল ফুড ছিকিউৰিটী আঁচনিৰ সুফল হিতাধিকাৰীয়ে লাভ কৰিব পাৰিব। ৱান নেচন, ৱান ৰেচন আঁচনিৰ জৰিয়তে জীৱিকাৰ তাড়নাত অন্য ঠাইলৈ যাবলগীয়া হোৱা শ্ৰমিকসকলে প্ৰাপ্য লাভৰ ক্ষেত্ৰত থকা বাধা দূৰ কৰিব পৰা যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ