--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰকভৰ্তি গাড়ী ৰখোৱাৰ ঘটনাই নিত্য নতুন ৰূপ লোৱা দেখা গৈছে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত নিয়াই মুম্বাই আৰক্ষীৰ এজন বিষয়াক নিজৰ জিম্মাত লোৱাৰ পাছতে এই ঘটনাই ৰাজনৈতিক বিতৰ্কৰ ৰূপ ধাৰণ কৰিছিল। শেহতীয়াকৈ পোহৰলৈ অহা এক তথ্য অনুসৰি মুম্বাই আৰক্ষীৰ গ্ৰেপ্তাৰ হোৱা আৰক্ষী বিষয়া শচীন ৱাজেই ১৭ ফেব্ৰুৱাৰীত মনসুখ হিৰণ নামৰ ব্যৱসায়াগৰাকীক লগ ধৰিছিল।

আৰু পঢ়িব পাৰিব : প্ৰব্ৰজিত শ্ৰমিকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

সেইদিনাই থানেৰ ব্যৱসায়ীগৰাকীৰ মহিন্দ্ৰা স্ক’ৰপিঅ’ গাড়ীখন চুৰি হৈছিল। এটা সূত্ৰই আজি এই তথ্য প্ৰকাশ কৰিছে। এসপ্তাহৰ পাছতে ব্যৱসায়ীগৰাকীৰ এই গাড়ীখন মুকেশ আম্বানীৰ ঘৰৰ সমীপত উদ্ধাৰ হৈছিল আৰু তাত বিস্ফোৰক তথা আম্বানী পৰিয়াললৈ ভাবুকি দি লিখা এখন পত্ৰ উদ্ধাৰ হৈছিল।

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা ‘নিয়া’, মহাৰাষ্ট্ৰৰ সন্ত্ৰাসবাদবিৰোধী গোট ‘এটিএছ’-এ ঘটনা সম্পৰ্কীয় তিনিটা গোচৰৰ তদন্ত কৰি আছে। সংস্থা দুটাই লাভ কৰা চিচিটিভি ফুটেজত শচীন ৱাজে আৰু ব্যৱসায়ীগৰাকীক মুম্বাইৰ ফ’ৰ্ট এলেকাত লগ হোৱাটো ধৰা পেলাইছে। ব্যৱসায়ী হিৰনৰ মৃতদেহ ৫ মাৰ্চত থানেৰ ক্ৰিকত উদ্ধাৰ হয়।

আৰু পঢ়িব পাৰিব : কৰিমগঞ্জৰ চুড়াইবাৰীত বাহনসহ জব্দ নিচাযুক্ত টেবলেট

তেওঁৰ পত্নীয়ে এই ঘটনাৰ সৈতে ৱাজে জড়িত থকা বুলি অভিযোগ কৰিছে। নিলম্বিত আৰক্ষী বিষয়াজনে ব্যৱসায়ীগৰাকীৰ একেখন গাড়ী চাৰিমাহৰ বাবে ভাড়ালৈ লৈছিল আৰু ৫ ফেব্ৰুৱাৰীতহে তেওঁ সেইখন ওভটাই দিছিল। ১৭ ফেব্ৰুৱাৰীত ৱাজে আৰু হিৰণ এখন ক’লা ৰঙৰ মাৰ্চিডিজ গাড়ীৰ ভিতৰত মিলিত হৈছিল। দহ মিনিট ধৰি তেওঁলোকৰ আলোচনা চলিছিল। তাৰ পাছতে স্কৰপিঅ’ গাড়ীখন চুৰি হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ