--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰকভৰ্তি গাড়ী ৰখোৱাৰ ঘটনাই নিত্য নতুন ৰূপ লোৱা দেখা গৈছে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত নিয়াই মুম্বাই আৰক্ষীৰ এজন বিষয়াক নিজৰ জিম্মাত লোৱাৰ পাছতে এই ঘটনাই ৰাজনৈতিক বিতৰ্কৰ ৰূপ ধাৰণ কৰিছিল। শেহতীয়াকৈ পোহৰলৈ অহা এক তথ্য অনুসৰি মুম্বাই আৰক্ষীৰ গ্ৰেপ্তাৰ হোৱা আৰক্ষী বিষয়া শচীন ৱাজেই ১৭ ফেব্ৰুৱাৰীত মনসুখ হিৰণ নামৰ ব্যৱসায়াগৰাকীক লগ ধৰিছিল।

আৰু পঢ়িব পাৰিব : প্ৰব্ৰজিত শ্ৰমিকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

সেইদিনাই থানেৰ ব্যৱসায়ীগৰাকীৰ মহিন্দ্ৰা স্ক’ৰপিঅ’ গাড়ীখন চুৰি হৈছিল। এটা সূত্ৰই আজি এই তথ্য প্ৰকাশ কৰিছে। এসপ্তাহৰ পাছতে ব্যৱসায়ীগৰাকীৰ এই গাড়ীখন মুকেশ আম্বানীৰ ঘৰৰ সমীপত উদ্ধাৰ হৈছিল আৰু তাত বিস্ফোৰক তথা আম্বানী পৰিয়াললৈ ভাবুকি দি লিখা এখন পত্ৰ উদ্ধাৰ হৈছিল।

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা ‘নিয়া’, মহাৰাষ্ট্ৰৰ সন্ত্ৰাসবাদবিৰোধী গোট ‘এটিএছ’-এ ঘটনা সম্পৰ্কীয় তিনিটা গোচৰৰ তদন্ত কৰি আছে। সংস্থা দুটাই লাভ কৰা চিচিটিভি ফুটেজত শচীন ৱাজে আৰু ব্যৱসায়ীগৰাকীক মুম্বাইৰ ফ’ৰ্ট এলেকাত লগ হোৱাটো ধৰা পেলাইছে। ব্যৱসায়ী হিৰনৰ মৃতদেহ ৫ মাৰ্চত থানেৰ ক্ৰিকত উদ্ধাৰ হয়।

আৰু পঢ়িব পাৰিব : কৰিমগঞ্জৰ চুড়াইবাৰীত বাহনসহ জব্দ নিচাযুক্ত টেবলেট

তেওঁৰ পত্নীয়ে এই ঘটনাৰ সৈতে ৱাজে জড়িত থকা বুলি অভিযোগ কৰিছে। নিলম্বিত আৰক্ষী বিষয়াজনে ব্যৱসায়ীগৰাকীৰ একেখন গাড়ী চাৰিমাহৰ বাবে ভাড়ালৈ লৈছিল আৰু ৫ ফেব্ৰুৱাৰীতহে তেওঁ সেইখন ওভটাই দিছিল। ১৭ ফেব্ৰুৱাৰীত ৱাজে আৰু হিৰণ এখন ক’লা ৰঙৰ মাৰ্চিডিজ গাড়ীৰ ভিতৰত মিলিত হৈছিল। দহ মিনিট ধৰি তেওঁলোকৰ আলোচনা চলিছিল। তাৰ পাছতে স্কৰপিঅ’ গাড়ীখন চুৰি হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু