--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিলামৰ প্ৰতি বিশেষ আগ্ৰহ আছে বুলি বিভিন্নজনে কয়।সম্ভৱত: সময়ে সময়ে বিভিন্ন ৰাজহুৱা খণ্ডৰ প্ৰতিস্থান আৰু সম্পদক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ বাবেই তেওঁক কিছু লোকে এইভাৱে কয়। কিন্তু এনে সমালোচনাক কাহানিও তেওঁ গুৰুত্ব দিয়া নাই। এইবাৰো তেওঁ নিলাম কৰিছে। অৱশ্যে ৰাজহুৱা প্ৰতিষ্ঠান নহয়। নিলাম কৰিছে লাভলীনা বৰগোহাঁই, নীৰজ চোপ্ৰাকে ধৰি অলিম্পিকৰ পদক বিজয়ীসকলে তেওঁক দিয়া উপহাৰসমূহহে।

এই নিলাম কাৰ্যৰ বাবে তেওঁ আয়োজন কৰে ই- অকশ্যনৰ। আৰু এইবাৰো অতিকে সফল হয় এই বিশেষ আয়োজন। প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে আয়োজিত এই ই-অকশ্যনৰ প্ৰথম দিনটোতেই ১০ কোটি টকাৰ নিলাম ধন সংগ্ৰহ হয়। সৰ্বাধিক মূল্যত নিলাম হয় অসম কন্যা লাভলীনাই টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ বিজয়ী খেলখনত পিন্ধা গ্লোভছজোৰ। এই গ্লোভছজোৰ নিলাম হয় ১.৯২ কোটি টকাত। দ্বিতীয় সৰ্বাধিক মূল্যত নিলাম হয় নীৰজ চোপ্ৰাৰ পদক বিজয়ী জেভলিনডাল।সংগ্ৰহ কৰা হয় ১.৫৫ কোটি টকা।দেখা গ’ল, স্বৰ্ণজয়ী নীৰজৰ জেভলিনতকৈ ক্ৰেতাই অধিক মূল্য পৰিশোধ কৰে ব্ৰঞ্জবিজয়ী লাভলীনাৰ গ্লোভছজোৰৰ বাবে!

আনহাতে পেৰা অলিম্পিকৰ পদক বিজয়ীসকলে প্ৰধানমন্ত্ৰীক উপহাৰ স্বৰূপে দিয়া সামগ্ৰীসমূহৰ নিলাম কৰিও ভালেখিনি ধন সংগ্ৰহ কৰা হয়।
ইফালে এই নিলাম অনুষ্ঠানৰ সফলতাই স্বাভাৱিকতেই উল্লসিত কৰি তুলিছে আয়োজকসকলক। প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি অনাগত ১৯ টা দিনলৈ চলিবলগীয়া এই নিলাম কাৰ্যসূচীয়ে সাফল্যৰ ধাৰা অব্যাহত ৰাখিব বুলি তেওঁলোক আশাবাদী। অৱশ্যে অনাগত ১৯ দিনত আৰু কি কি সামগ্ৰীৰ নিলাম হয় সেয়াহে লক্ষ্যণীয় হ’ব!


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ