--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিলামৰ প্ৰতি বিশেষ আগ্ৰহ আছে বুলি বিভিন্নজনে কয়।সম্ভৱত: সময়ে সময়ে বিভিন্ন ৰাজহুৱা খণ্ডৰ প্ৰতিস্থান আৰু সম্পদক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ বাবেই তেওঁক কিছু লোকে এইভাৱে কয়। কিন্তু এনে সমালোচনাক কাহানিও তেওঁ গুৰুত্ব দিয়া নাই। এইবাৰো তেওঁ নিলাম কৰিছে। অৱশ্যে ৰাজহুৱা প্ৰতিষ্ঠান নহয়। নিলাম কৰিছে লাভলীনা বৰগোহাঁই, নীৰজ চোপ্ৰাকে ধৰি অলিম্পিকৰ পদক বিজয়ীসকলে তেওঁক দিয়া উপহাৰসমূহহে।

এই নিলাম কাৰ্যৰ বাবে তেওঁ আয়োজন কৰে ই- অকশ্যনৰ। আৰু এইবাৰো অতিকে সফল হয় এই বিশেষ আয়োজন। প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে আয়োজিত এই ই-অকশ্যনৰ প্ৰথম দিনটোতেই ১০ কোটি টকাৰ নিলাম ধন সংগ্ৰহ হয়। সৰ্বাধিক মূল্যত নিলাম হয় অসম কন্যা লাভলীনাই টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ বিজয়ী খেলখনত পিন্ধা গ্লোভছজোৰ। এই গ্লোভছজোৰ নিলাম হয় ১.৯২ কোটি টকাত। দ্বিতীয় সৰ্বাধিক মূল্যত নিলাম হয় নীৰজ চোপ্ৰাৰ পদক বিজয়ী জেভলিনডাল।সংগ্ৰহ কৰা হয় ১.৫৫ কোটি টকা।দেখা গ’ল, স্বৰ্ণজয়ী নীৰজৰ জেভলিনতকৈ ক্ৰেতাই অধিক মূল্য পৰিশোধ কৰে ব্ৰঞ্জবিজয়ী লাভলীনাৰ গ্লোভছজোৰৰ বাবে!

আনহাতে পেৰা অলিম্পিকৰ পদক বিজয়ীসকলে প্ৰধানমন্ত্ৰীক উপহাৰ স্বৰূপে দিয়া সামগ্ৰীসমূহৰ নিলাম কৰিও ভালেখিনি ধন সংগ্ৰহ কৰা হয়।
ইফালে এই নিলাম অনুষ্ঠানৰ সফলতাই স্বাভাৱিকতেই উল্লসিত কৰি তুলিছে আয়োজকসকলক। প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি অনাগত ১৯ টা দিনলৈ চলিবলগীয়া এই নিলাম কাৰ্যসূচীয়ে সাফল্যৰ ধাৰা অব্যাহত ৰাখিব বুলি তেওঁলোক আশাবাদী। অৱশ্যে অনাগত ১৯ দিনত আৰু কি কি সামগ্ৰীৰ নিলাম হয় সেয়াহে লক্ষ্যণীয় হ’ব!


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক