--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকুম্ভ মেলাৰ পৰা শেহতীয়াকৈ এজন যুৱক ভাইৰেল হৈ পৰিছে। যুৱকজনৰ ব্যৱসায় হৈ পৰিছে চৰ্চাৰ বিষয়। শূণ্য মূলধনতে যুৱকজনে উপাৰ্জন কৰিছে হাজাৰ হাজাৰ টকা। মহাকুম্ভত মাত্ৰ ৫ দিনতে যুৱকজনে ৪০ হাজাৰ টকা উপাৰ্জন কৰিলে।

মহাকুম্ভ মেলাত ঘূৰি ফুৰা এজন সাধাৰণ যুৱকৰ কাহিনীয়ে এতিয়া জনসাধাৰণৰ হৃদয় চুই গৈছে। যুৱকজনৰ ভিডিঅ’ যথেষ্ট ভাইৰেল হৈ পৰিছে। প্ৰেমিকাৰ পৰামৰ্শ মতে মহাকুম্ভ মেলাত ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰি মাত্ৰ ৫ দিনতে তেওঁ ৪০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ’ল।

ইনষ্টাগ্ৰামত ভাইৰেল হোৱা ভিডিঅ’টোত নীলা জেকেট পিন্ধা এজন যুৱকে হাতত নিম ঠাৰিৰ দাতোন লৈ থকা দেখা গৈছে। কোনো এজন ভিডিঅ’ ব্লগাৰে তেওঁক প্ৰশ্ন কৰে যে- “ভাই, আপুনি দাতোন বিক্ৰী কৰে নেকি?” ল'ৰাটোৱে কয় - হয়, মই নিমৰ দাতোন বিক্ৰী কৰি আছো। ভিডিঅ’ ব্লগাৰজনে আকৌ সুধিছে- ভাই, আপুনি কিমান টকা উপাৰ্জন কৰিলে? এই প্ৰশ্নত ল’ৰাজনে ক’লে যে তেওঁ ৫ দিনত ৪০ হাজাৰ টকাৰ দাতোন বিক্ৰী কৰিছে। তেওঁ যিমানেই এই কামটোত দৌৰিব পাৰিব সিমানেই উপাৰ্জন কৰিব পাৰিব বুলিও জনায়।

এই ব্যৱসায় কৰাৰ আইডিয়া ক’ৰ পৰা আহিল বুলি সোধাত তেওঁ হাঁহি হাঁহি গৌৰৱেৰে উত্তৰ দিলে – ‘‘মোৰ প্ৰেমিকাই মোক এই আইডিয়া দিছিল। প্ৰেমিকাই কৈছিল দাতোন বিক্ৰী কৰিবলৈ কোনো মূলধনৰ প্ৰয়োজন নহয় শূন্য ইনভেছমেণ্টতে এটা লাভজনক ব্যৱসায় কৰিব পৰা যাব। প্ৰেমিকাৰ প্ৰেৰণাতে এতিয়া মই ভাল উপাৰ্জন কৰি আৰ্থিকভাৱে স্বাৱলম্বী হৈ পৰিছোঁ।’’

এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত যুৱকজনৰ সততা আৰু প্ৰকৃত ভালপোৱাৰ শলাগ লৈছে ৰাইজে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে – এইগৰাকী প্ৰেৰণাদায়িনী প্ৰেমিকাক তুমি কেতিয়াও নঠগিবা। আন এজনে লিখিছে – এজন প্ৰকৃত পুৰুষ, যিয়ে নিজৰ সফলতাৰ সম্পূৰ্ণ কৃতিত্ব প্ৰেমিকাক দিছে।

এনেদৰেই ভিন্ন মন্তব্য লিখি ভিন্নজনে যুৱকজনক প্ৰশংসাৰে উপচাই দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ