--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভোটৰ অংকত পুনৰ ঋণ ল'বলৈ সাজু হৈছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখন। জানুৱাৰী মাহত দুটা পর্যায়ত মুঠ ১০০০ কোটি টকাৰ ঋণ লোৱা চৰকাৰখনে পুনৰ অহা ৪ ফেব্ৰুৱাৰীত ৯০০ কোটি টকাৰ ঋণ লোৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। 

চৰকাৰী ষ্টক (ছিকিউৰিটি) নিলামৰ যোগেদি এই ঋণ লোৱাৰ বাবে ৰাজ্য চৰকাৰখনে ইতিমধ্যে ৰিজার্ভ বেংকৰ ওচৰত প্ৰয়োজনীয় প্ৰস্তাৱ দাখিল কৰিছে। উল্লেখযোগ্য যে চলিত বিত্তীয় বর্ষ শেষ হ'বলৈ মাত্র দুটা মাহ বাকী আছে। অনাগত এই দুটা মাহতো ৰাজ্য চৰকাৰখনে প্রায় ২৫০০ কোটি টকা ঋণ লোৱাৰ বাবে লক্ষ্য স্থিৰ কৰিছে। ইতিমধ্যে চলিত বিত্তীয় বর্ষটোত এতিয়ালৈকে প্রায় পোন্ধৰ হাজাৰ কোটি টকাৰ ঋণ লৈছে চৰকাৰখনে। ইফালে প্ৰতি মাহে ঋণ লোৱাৰ ফলত ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজাও দ্রুত গতিত বৃদ্ধি পাবলৈ ধৰিছে। শেহতীয়াকৈ ৰিজার্ভ বেংকে প্ৰকাশ কৰা মতে যোৱা মাৰ্চলৈকে ৰাজ্য চৰকাৰখনে লোৱা ঋণৰ পৰিমাণ হৈছে ১,৫০,৯০০ কোটি টকা। আনহাতে যোৱা মাৰ্চৰ পাছত চৰকাৰে লোৱা ঋণৰ পৰিমাণ যদি যোগ কৰা হয় তেনেহ'লে ঋণৰ পৰিমাণ বৃদ্ধি পাই ১,৬৬,০০০ কোটি টকা হ'বগৈ। মূলতঃ নগদ ধন বিতৰণ তথা বিনামূলীয়া সামগ্রী বিতৰণৰ আঁচনিবোৰৰ বাবেই চৰকাৰখনে এনেদৰে মাহে মাহে ঋণ. ল'ব লগীয়া হৈছে। এই ক্ষেত্ৰত ৰিজার্ভ বেংক আৰু কেগে অনুৎপাদনমূলক ব্যয় হ্রাস কৰি উৎপাদনমূলক কামত ধন ব্যয় কৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু অসম চৰকাৰে ৰিজার্ভ বেংক কর্তৃপক্ষ আৰু কেগৰ পৰামৰ্শক গুৰুত্ব নিদি একমাত্র ভোটৰ স্বাৰ্থতে ঋণৰ ধন হিতাধিকাৰী আঁচনিত ব্যয় কৰি আছে। জানিব পৰা মতে বিগত সময়ছোৱাত বহু কেইখন হিতাধিকাৰীকেন্দ্ৰিক আঁচনিৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ফেব্ৰুৱাৰী মাহত দাখিল কৰিব লগীয়া বাজেটতো এনে ধৰণৰ চমক সৃষ্টিকাৰী কেইবাখনো আঁচনি গ্রহণ কৰাৰ বাবে যো-জা চলাইছে। একেদৰে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অর্থাৎ অহা ফেব্ৰুৱাৰী, মাৰ্চৰ ভিতৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি ৰূপায়ণৰ কাম আৰম্ভ কৰাৰ বাবেও চৰকাৰখনে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। এনে পৰিস্থিতিত ঋণৰ অবিহনে গত্যন্তৰ নোহোৱা হৈছে চৰকাৰখনৰ, যাৰ বাবে একমাত্র ভোটৰ অংকত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰখনে ধাৰ কৰা ধনেৰে হ'লেও হিতাধিকাৰী ৰাইজক সন্তুষ্ট কৰাৰ বাবে উঠিপৰি লাগিছে।

(উৎস দৈনিক জনমভূমি)

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু