--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভোটৰ অংকত পুনৰ ঋণ ল'বলৈ সাজু হৈছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখন। জানুৱাৰী মাহত দুটা পর্যায়ত মুঠ ১০০০ কোটি টকাৰ ঋণ লোৱা চৰকাৰখনে পুনৰ অহা ৪ ফেব্ৰুৱাৰীত ৯০০ কোটি টকাৰ ঋণ লোৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। 

চৰকাৰী ষ্টক (ছিকিউৰিটি) নিলামৰ যোগেদি এই ঋণ লোৱাৰ বাবে ৰাজ্য চৰকাৰখনে ইতিমধ্যে ৰিজার্ভ বেংকৰ ওচৰত প্ৰয়োজনীয় প্ৰস্তাৱ দাখিল কৰিছে। উল্লেখযোগ্য যে চলিত বিত্তীয় বর্ষ শেষ হ'বলৈ মাত্র দুটা মাহ বাকী আছে। অনাগত এই দুটা মাহতো ৰাজ্য চৰকাৰখনে প্রায় ২৫০০ কোটি টকা ঋণ লোৱাৰ বাবে লক্ষ্য স্থিৰ কৰিছে। ইতিমধ্যে চলিত বিত্তীয় বর্ষটোত এতিয়ালৈকে প্রায় পোন্ধৰ হাজাৰ কোটি টকাৰ ঋণ লৈছে চৰকাৰখনে। ইফালে প্ৰতি মাহে ঋণ লোৱাৰ ফলত ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজাও দ্রুত গতিত বৃদ্ধি পাবলৈ ধৰিছে। শেহতীয়াকৈ ৰিজার্ভ বেংকে প্ৰকাশ কৰা মতে যোৱা মাৰ্চলৈকে ৰাজ্য চৰকাৰখনে লোৱা ঋণৰ পৰিমাণ হৈছে ১,৫০,৯০০ কোটি টকা। আনহাতে যোৱা মাৰ্চৰ পাছত চৰকাৰে লোৱা ঋণৰ পৰিমাণ যদি যোগ কৰা হয় তেনেহ'লে ঋণৰ পৰিমাণ বৃদ্ধি পাই ১,৬৬,০০০ কোটি টকা হ'বগৈ। মূলতঃ নগদ ধন বিতৰণ তথা বিনামূলীয়া সামগ্রী বিতৰণৰ আঁচনিবোৰৰ বাবেই চৰকাৰখনে এনেদৰে মাহে মাহে ঋণ. ল'ব লগীয়া হৈছে। এই ক্ষেত্ৰত ৰিজার্ভ বেংক আৰু কেগে অনুৎপাদনমূলক ব্যয় হ্রাস কৰি উৎপাদনমূলক কামত ধন ব্যয় কৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু অসম চৰকাৰে ৰিজার্ভ বেংক কর্তৃপক্ষ আৰু কেগৰ পৰামৰ্শক গুৰুত্ব নিদি একমাত্র ভোটৰ স্বাৰ্থতে ঋণৰ ধন হিতাধিকাৰী আঁচনিত ব্যয় কৰি আছে। জানিব পৰা মতে বিগত সময়ছোৱাত বহু কেইখন হিতাধিকাৰীকেন্দ্ৰিক আঁচনিৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ফেব্ৰুৱাৰী মাহত দাখিল কৰিব লগীয়া বাজেটতো এনে ধৰণৰ চমক সৃষ্টিকাৰী কেইবাখনো আঁচনি গ্রহণ কৰাৰ বাবে যো-জা চলাইছে। একেদৰে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অর্থাৎ অহা ফেব্ৰুৱাৰী, মাৰ্চৰ ভিতৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি ৰূপায়ণৰ কাম আৰম্ভ কৰাৰ বাবেও চৰকাৰখনে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। এনে পৰিস্থিতিত ঋণৰ অবিহনে গত্যন্তৰ নোহোৱা হৈছে চৰকাৰখনৰ, যাৰ বাবে একমাত্র ভোটৰ অংকত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰখনে ধাৰ কৰা ধনেৰে হ'লেও হিতাধিকাৰী ৰাইজক সন্তুষ্ট কৰাৰ বাবে উঠিপৰি লাগিছে।

(উৎস দৈনিক জনমভূমি)

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ