--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিল নহয়, ৰিয়েল লাইফত 'বজৰংগী ভাইজান'ৰ ছবিৰ দৰে ঘটনা। মাজত আছে এখন কাঁইটীয়া তাঁৰৰ বেৰ ই ভাৰত আৰু পাকিস্তানক দুটা ভাগত বিভক্ত কৰিছে। সীমান্তৰ চাৰিওফালে মানুহৰ কোনো চিহ্ন নাই। বিএছএফৰ গধুৰ বুটৰ শব্দ আৰু কেৱল কঠোৰ সতৰ্কতা। কেৱল পঞ্জাৱৰ ফিৰোজপুৰ সীমান্তৰ লোকসকলহে সাক্ষী আছিল ঘটনাটোৰ। ভাৰতীয় সৈন্যই সীমান্ত পাৰ হৈ ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰা পাকিস্তানী এটা শিশুক গতাই দিছিল। হয়  দেউতাকৰ হাতত গতাই দিছিল এই পাকিস্তানী শিশুটোক ।

আন দিনাৰ দৰে, ভাৰতীয় জোৱানসকলে শুক্ৰবাৰে সীমান্তত তীক্ষ্ণ নজৰ দি ৰাখিছিল। প্ৰায় সন্ধিয়া হৈছিল। সেই সময়ত, তেওঁলোকে এটা শিশুৰ কান্দোনৰ শব্দ শুনিছিল। কাঁইটীয়া তাঁৰৰ বেৰৰ ওচৰত থিয় হৈ কান্দি আছিল শিশুটো। শিশুটোক দেখি সীমান্তৰ কৰ্তব্যত নিয়োজিত সকলো নিৰাপত্তাৰক্ষীয়ে হতবাক হৈ পৰিছিল। শিশুটোৰ মুখত কেৱল "দেউতা, দেউতা" বুলি কোৱা শুনা গৈছিল। ভাৰতৰ নিৰাপত্তাৰক্ষীয়ে শিশুটোৰ পৰিচয় সোধাত শিশুটোৱে একো কৱ নোৱাৰিলে। 

অৱশেষত, শিশুটোক তেওঁৰ পৰিয়ালক হস্তান্তৰ কৰাৰ প্ৰচেষ্টা আৰম্ভ হ'ল। পাক ৰেঞ্জাৰক ভাৰতীয় সেনাই অৱগত কৰিছিল। দুয়োপক্ষৰ মাজত বৈঠক আৰম্ভ হৈছিল। পাছত, পাক ৰেঞ্জাৰে শিশুটোৰ পৰিচয় বিচাৰি উলিয়াবলৈ উদ্যোগ লয়। যথেষ্ট কষ্টৰ পাছত  শিশুটোৰ ঘৰৰ লোকৰ সন্ধান পোৱা গৈছিল। পাছত শিশুটোক দেউতাকৰ হাতত গতাই দিয়া হৈছিল। তেওঁৰ দেউতাকে তেওঁৰ নিৰুদ্দেশ পুত্ৰক বিচাৰি পোৱাৰ পাছত এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস