--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিল নহয়, ৰিয়েল লাইফত 'বজৰংগী ভাইজান'ৰ ছবিৰ দৰে ঘটনা। মাজত আছে এখন কাঁইটীয়া তাঁৰৰ বেৰ ই ভাৰত আৰু পাকিস্তানক দুটা ভাগত বিভক্ত কৰিছে। সীমান্তৰ চাৰিওফালে মানুহৰ কোনো চিহ্ন নাই। বিএছএফৰ গধুৰ বুটৰ শব্দ আৰু কেৱল কঠোৰ সতৰ্কতা। কেৱল পঞ্জাৱৰ ফিৰোজপুৰ সীমান্তৰ লোকসকলহে সাক্ষী আছিল ঘটনাটোৰ। ভাৰতীয় সৈন্যই সীমান্ত পাৰ হৈ ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰা পাকিস্তানী এটা শিশুক গতাই দিছিল। হয়  দেউতাকৰ হাতত গতাই দিছিল এই পাকিস্তানী শিশুটোক ।

আন দিনাৰ দৰে, ভাৰতীয় জোৱানসকলে শুক্ৰবাৰে সীমান্তত তীক্ষ্ণ নজৰ দি ৰাখিছিল। প্ৰায় সন্ধিয়া হৈছিল। সেই সময়ত, তেওঁলোকে এটা শিশুৰ কান্দোনৰ শব্দ শুনিছিল। কাঁইটীয়া তাঁৰৰ বেৰৰ ওচৰত থিয় হৈ কান্দি আছিল শিশুটো। শিশুটোক দেখি সীমান্তৰ কৰ্তব্যত নিয়োজিত সকলো নিৰাপত্তাৰক্ষীয়ে হতবাক হৈ পৰিছিল। শিশুটোৰ মুখত কেৱল "দেউতা, দেউতা" বুলি কোৱা শুনা গৈছিল। ভাৰতৰ নিৰাপত্তাৰক্ষীয়ে শিশুটোৰ পৰিচয় সোধাত শিশুটোৱে একো কৱ নোৱাৰিলে। 

অৱশেষত, শিশুটোক তেওঁৰ পৰিয়ালক হস্তান্তৰ কৰাৰ প্ৰচেষ্টা আৰম্ভ হ'ল। পাক ৰেঞ্জাৰক ভাৰতীয় সেনাই অৱগত কৰিছিল। দুয়োপক্ষৰ মাজত বৈঠক আৰম্ভ হৈছিল। পাছত, পাক ৰেঞ্জাৰে শিশুটোৰ পৰিচয় বিচাৰি উলিয়াবলৈ উদ্যোগ লয়। যথেষ্ট কষ্টৰ পাছত  শিশুটোৰ ঘৰৰ লোকৰ সন্ধান পোৱা গৈছিল। পাছত শিশুটোক দেউতাকৰ হাতত গতাই দিয়া হৈছিল। তেওঁৰ দেউতাকে তেওঁৰ নিৰুদ্দেশ পুত্ৰক বিচাৰি পোৱাৰ পাছত এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি