--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বৰ্তমান সকলোতে পেট্ৰ’লৰে চৰ্চা, পেট্ৰ’লে মাধমাৰ সোধাইছে সাধাৰণ জনতাক৷ দাম বাঢ়ি বাঢ়ি পেট্ৰ’লৰ দামে কোবালে চেঞ্চুৰী। পেট্ৰ’লৰ ৰাজকীয় দাম চলি থকাৰ মাজতে যদি আপুনি বিনামূলীয়া অতিৰিক্ত পেট্ৰ’ল লাভ কৰে তেন্তে সেইয়া নিশ্চয়কৈ এক সৰগীয় সুখ বুলিয়েই কব লাগিব নহয়নে! পেট্ৰ’লৰ এই জুইচাই দামৰ দিনত বিনামূলীয়া পেট্ৰ’ল আগবঢ়াইছে মধ্য প্ৰদেশৰ বেটুলৰ এজন পেট্ৰ’ল পাম্পৰ মালিকে।

খবৰ অনুসৰি, বেটুলৰ ৰাজেন্দ্ৰ ছেইনানী নামৰ এজন লোকৰ ভতীজী শিখাই ৯ অক্টোবৰত এটি কন্যা সন্তান জন্ম দিয়ে। ঘৰলৈ কন্যা সন্তান অহাত ছেইনানী পৰিয়াল যথেষ্ট সুখী হয়। নৱৰাত্ৰিৰ শুভ মূহুৰ্ততে ঘৰলৈ কন্যা সন্তানৰ আগমন হোৱাৰ সুখত ৰাজেন্দ্ৰ ছেইনানীয়ে তেওঁলোকৰ পেট্ৰ’ল পাম্পলৈ অহা গ্ৰাহকসকলক অতিৰিক্ত পেট্ৰ’ল আগবঢ়ায়। তেওঁৰ পেট্ৰ’ল পাম্পত গ্ৰাহকক পেট্ৰলৰ বৰ্ধিত মূল্যৰ মাজতে ৫% ৰ পৰা ১০% লৈকে অতিৰিক্ত পেট্ৰ’ল আগবঢ়াইছে। গ্ৰাহকসকলে এই খবৰ পাই ভিৰ কৰিছিলহি ৰাজেন্দ্ৰ ছেইনানীৰ পেট্ৰ’ল পাম্পত।

ছেইনানী পৰিয়ালে ১৩ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ অৰ্থাৎ অষ্টমী, নৱমী আৰু দশমীত পুৱা ৯ বজাৰ পৰা ১১ বজালৈ আৰু সন্ধিয়া ৫ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ তেওঁলোকৰ পেট্ৰ’ল পাম্পত পেট্ৰ’ল ক্ৰয় কৰা গ্ৰাহকসকলক অতিৰিক্ত পেট্ৰ’ল আগবঢ়ায়। ৰাজেন্দ্ৰ ছেইনানীয়ে এই খবৰটো দিবলৈ বেটুলৰ ভিন্ন স্থানত পোষ্টাৰো লগাইছিল, যাৰবাবে খবৰটো অতি সোনকালে বিয়পি পৰে। উল্লেখ্য যে ৰাজেন্দ্ৰ ছেইনানীৰ ভতীজী শিখা এগৰাকী মূক-বধিৰ মহিলা আৰু শিখাৰ স্বামীও এগৰাকী মূক-বধিৰ লোক। ৰাজেন্দ্ৰ ছেইনানীৰ এই পদক্ষেপক সকলোৱে শলাগ লোৱাৰ লগতে সকলোতে চলিছে চৰ্চা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন