--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বৰ্তমান সকলোতে পেট্ৰ’লৰে চৰ্চা, পেট্ৰ’লে মাধমাৰ সোধাইছে সাধাৰণ জনতাক৷ দাম বাঢ়ি বাঢ়ি পেট্ৰ’লৰ দামে কোবালে চেঞ্চুৰী। পেট্ৰ’লৰ ৰাজকীয় দাম চলি থকাৰ মাজতে যদি আপুনি বিনামূলীয়া অতিৰিক্ত পেট্ৰ’ল লাভ কৰে তেন্তে সেইয়া নিশ্চয়কৈ এক সৰগীয় সুখ বুলিয়েই কব লাগিব নহয়নে! পেট্ৰ’লৰ এই জুইচাই দামৰ দিনত বিনামূলীয়া পেট্ৰ’ল আগবঢ়াইছে মধ্য প্ৰদেশৰ বেটুলৰ এজন পেট্ৰ’ল পাম্পৰ মালিকে।

খবৰ অনুসৰি, বেটুলৰ ৰাজেন্দ্ৰ ছেইনানী নামৰ এজন লোকৰ ভতীজী শিখাই ৯ অক্টোবৰত এটি কন্যা সন্তান জন্ম দিয়ে। ঘৰলৈ কন্যা সন্তান অহাত ছেইনানী পৰিয়াল যথেষ্ট সুখী হয়। নৱৰাত্ৰিৰ শুভ মূহুৰ্ততে ঘৰলৈ কন্যা সন্তানৰ আগমন হোৱাৰ সুখত ৰাজেন্দ্ৰ ছেইনানীয়ে তেওঁলোকৰ পেট্ৰ’ল পাম্পলৈ অহা গ্ৰাহকসকলক অতিৰিক্ত পেট্ৰ’ল আগবঢ়ায়। তেওঁৰ পেট্ৰ’ল পাম্পত গ্ৰাহকক পেট্ৰলৰ বৰ্ধিত মূল্যৰ মাজতে ৫% ৰ পৰা ১০% লৈকে অতিৰিক্ত পেট্ৰ’ল আগবঢ়াইছে। গ্ৰাহকসকলে এই খবৰ পাই ভিৰ কৰিছিলহি ৰাজেন্দ্ৰ ছেইনানীৰ পেট্ৰ’ল পাম্পত।

ছেইনানী পৰিয়ালে ১৩ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ অৰ্থাৎ অষ্টমী, নৱমী আৰু দশমীত পুৱা ৯ বজাৰ পৰা ১১ বজালৈ আৰু সন্ধিয়া ৫ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ তেওঁলোকৰ পেট্ৰ’ল পাম্পত পেট্ৰ’ল ক্ৰয় কৰা গ্ৰাহকসকলক অতিৰিক্ত পেট্ৰ’ল আগবঢ়ায়। ৰাজেন্দ্ৰ ছেইনানীয়ে এই খবৰটো দিবলৈ বেটুলৰ ভিন্ন স্থানত পোষ্টাৰো লগাইছিল, যাৰবাবে খবৰটো অতি সোনকালে বিয়পি পৰে। উল্লেখ্য যে ৰাজেন্দ্ৰ ছেইনানীৰ ভতীজী শিখা এগৰাকী মূক-বধিৰ মহিলা আৰু শিখাৰ স্বামীও এগৰাকী মূক-বধিৰ লোক। ৰাজেন্দ্ৰ ছেইনানীৰ এই পদক্ষেপক সকলোৱে শলাগ লোৱাৰ লগতে সকলোতে চলিছে চৰ্চা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক