--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি পোহৰৰ উৎসৱ দীপাৱলী ৷ লগতে অক্টোবৰ মাহৰ শেষৰটো দিন । অহা কাইলৈ অৰ্থাৎ নৱেম্বৰ মাহৰ প্ৰথম দিনৰ পৰা বহু বস্তুৰ মূল্যৰ লগতে বহু বিত্তীয় নিয়মৰ পৰিৱৰ্তন হ’ব। এই সকলোবোৰ পৰিৱৰ্তনে সাধাৰণ ৰাইজৰ পকেটত প্ৰভাৱ পেলাব। এই নৱেম্বৰ মাহত কোনবোৰ নিয়ম আৰু মূল্য সলনি হ’ব জানো আহক ৷


১)এলপিজি চিলিণ্ডাৰঃ প্ৰতি মাহৰ প্ৰথম দিনটোত এল পি জি চিলিণ্ডাৰৰ মূল্যৰ পৰিৱৰ্তন হয়। দেশৰ মূল তেল বিপণন কোম্পানীসমূহে নিজৰ দাম সলনি কৰে। যোৱা তিনিমাহ ধৰি বৃদ্ধি পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। অক্টোবৰ মাহত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৪৮.৫০ টকা বৃদ্ধি পাইছিল। এইবাৰ ১৪ কেজি চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

২)এটিএফ আৰু চিএনজি-পিএনজিঃ এল পি জি চিলিণ্ডাৰৰ দামৰ লগতে ২০২৪ চনৰ ১ নৱেম্বৰত এ টি এফ আৰু চিএনজি-পিএনজিৰ মূল্য আপডেট কৰা হ’ব। বিগত কেইমাহমানৰ পৰা এ টি এফৰ মূল্য হ্ৰাস পোৱাৰ অভিযোগ উত্থাপন হৈছে। এইবাৰো দাম হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। 

৩)SBI ক্ৰেডিট কাৰ্ডঃ দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক ষ্টেট বেংক অৱ ইণ্ডিয়া (এছ বি আই)ৰ ক্ৰেডিট কাৰ্ডৰ নিয়মৰ বৃহৎ পৰিৱৰ্তন। ১ নৱেম্বৰৰ পৰা অসুৰক্ষিত এছ বি আই ক্ৰেডিট কাৰ্ডত বিত্তীয় চাৰ্জ ৩.৭৫ শতাংশ হ’ব। একে সময়তে যদি আপুনি ইউটিলিটি চাৰ্ভিচেছত ৫০ হাজাৰ টকাৰ অতিৰিক্ত ধন পৰিশোধ কৰে তেন্তে ১ শতাংশ অতিৰিক্ত চাৰ্জ লোৱা হ’ব।

৪)মিউচুৱেল ফাণ্ডঃ বজাৰ নিয়ন্ত্ৰক ছেবিয়ে মিউচুৱেল ফাণ্ডৰ ইনচাইডাৰ ট্ৰেডিঙৰ নিয়ম কটকটীয়া কৰিছে। নতুন নিয়ম অনুসৰি এচেট মেনেজমেণ্ট কোম্পানী (এএমচি)ৰ মনোনীত ব্যক্তি বা তেওঁলোকৰ আত্মীয়ই ১৫ লাখতকৈ অধিক মূল্যৰ লেনদেনৰ তথ্য দিব লাগিব।

৫)টেলিকম কোম্পানীঃ ১ নৱেম্বৰৰ পৰা টেলিকম খণ্ডৰ নিয়মৰ পৰিৱৰ্তন হ’ব। উল্লেখ্য যে ২০২৪ চনৰ ১ নৱেম্বৰৰ পৰা নতুন TRAI নিয়ম কাৰ্যকৰী হ’ব। নতুন নিয়ম অনুসৰি টেলিকম কোম্পানীসমূহে (জিআইঅ’, এয়াৰটেল) সকলো কোম্পানীকে বাৰ্তা অনুসৰণযোগ্যতাৰ নিয়ম কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ বাহিৰেও সকলো কোম্পানীয়ে স্পেম নম্বৰ ব্লক কৰিব । কোম্পানীয়ে বাৰ্তাটো ব্যৱহাৰকাৰীৰ ওচৰ পোৱাৰ আগতেই স্পেম তালিকাত বাৰ্তাটো যোগ কৰি নম্বৰটো ব্লক কৰিব পাৰে।

৬)বেংক ছুটীৰ তালিকাঃ উৎসৱ আৰু চৰকাৰী বন্ধৰ বাবে নৱেম্বৰ মাহত মুঠ ১৩ দিনৰ বেংক বন্ধ থাকিব। মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ বাবেও বেংক বন্ধ থাকিব। নৱেম্বৰৰ বেংক ছুটীৰ তালিকা প্ৰকাশ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ