--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বলীউডৰ এগৰাকী তাৰকা অভিনেতা ছনু ছুদে বিগত সময়ছোৱাত তেওঁৰ সমাজসেৱা আৰু জনহিতকৰ কামবোৰৰ বাবেও বিশেষভাৱে চৰ্চালৈ আহিছিল। কৰ’নাৰ সময়ত ব্যাপক সমস্যাৰ সন্মুখীন হোৱা প্ৰব্ৰজিত শ্ৰমিকসকলক স্বগৃহলৈ সুকলমে ঘূৰাই পঠোৱাৰ বাবে তেওঁ গ্ৰহণ কৰিছিল ভালেমান পদক্ষেপ। অসমলৈও বিস্তৃত হৈছিল তেওঁৰ জনহিতকৰ কাম। লকডাউনত আবদ্ধ কৰা অসমৰ ভালেকেইজন শ্ৰমিকক তেওঁ বিমানযোগে পঠিয়াইছিল শিলচৰলৈ।

অসম আৰু উত্তৰ-পূবৰ লোকসকলৰ কাষত সদায়েই থাকিবলৈ ইচ্ছুক ছনু ছুদে শেহতীয়াকৈ প্ৰকাশ কৰিছে তেওঁৰ আন এক হাবিয়াসৰ কথা। অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিবলৈ ইচ্ছুক বলীউডৰ এই অবিসম্বাদী খলনায়কগৰাকী। ‘প্ৰাগ নিউজ’ৰ এছ’চিয়েট এডিটৰ দেৱজিত ভূঞাৰে আছুতীয়াকৈ কথা পতাৰ সময়ত তেওঁৰ এই হাবিয়াসৰ কথা প্ৰকাশ কৰে। উল্লেখ্য যে, এছ’চিয়েট এডিটৰ ভূঞাই মুম্বাইত সাক্ষাৎ কৰিছিল তাৰকাগৰাকীক। অসমৰ স্বাভিমান গামোচা আৰু গঁড়ৰ প্ৰতীকচিহ্নৰে তেওঁ তাৰকাগৰাকীক সম্ভাষণ জনায়। দুয়ো এক আন্তৰিক বাৰ্তালাপত মিলিত হোৱাৰ সময়ত ছুদে অসমীয়া ছবিত তেওঁ অভিনয় কৰিব বিচাৰে বুলি ব্যক্ত কৰে। ছুদৰ এই আকাংক্ষা পূৰণ হ’লে সেয়া অসমীয়া চলচ্চিত্ৰৰ বাবে এক চমকপ্ৰদ খবৰ হিচাপে বিবেচিত হ’ব। উল্লেখ্য যে, গঁড়ৰ প্ৰতীকচিহ্ন হাতত লৈ তেওঁ অসমৰ স্বাভিমান কাজিৰঙা সন্দৰ্ভতো ভূঞাৰে কথা পাতে। অসম আৰু অসমীয়াৰ প্ৰতি স্নেহবাৰ্তা প্ৰেৰণ কৰি তাৰকাগৰাকীয়ে অসমৰ প্ৰতি তেওঁৰ আন্তৰিকতাৰ কথাও ব্যক্ত কৰে আগ্ৰহেৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক