--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বলীউডৰ এগৰাকী তাৰকা অভিনেতা ছনু ছুদে বিগত সময়ছোৱাত তেওঁৰ সমাজসেৱা আৰু জনহিতকৰ কামবোৰৰ বাবেও বিশেষভাৱে চৰ্চালৈ আহিছিল। কৰ’নাৰ সময়ত ব্যাপক সমস্যাৰ সন্মুখীন হোৱা প্ৰব্ৰজিত শ্ৰমিকসকলক স্বগৃহলৈ সুকলমে ঘূৰাই পঠোৱাৰ বাবে তেওঁ গ্ৰহণ কৰিছিল ভালেমান পদক্ষেপ। অসমলৈও বিস্তৃত হৈছিল তেওঁৰ জনহিতকৰ কাম। লকডাউনত আবদ্ধ কৰা অসমৰ ভালেকেইজন শ্ৰমিকক তেওঁ বিমানযোগে পঠিয়াইছিল শিলচৰলৈ।

অসম আৰু উত্তৰ-পূবৰ লোকসকলৰ কাষত সদায়েই থাকিবলৈ ইচ্ছুক ছনু ছুদে শেহতীয়াকৈ প্ৰকাশ কৰিছে তেওঁৰ আন এক হাবিয়াসৰ কথা। অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিবলৈ ইচ্ছুক বলীউডৰ এই অবিসম্বাদী খলনায়কগৰাকী। ‘প্ৰাগ নিউজ’ৰ এছ’চিয়েট এডিটৰ দেৱজিত ভূঞাৰে আছুতীয়াকৈ কথা পতাৰ সময়ত তেওঁৰ এই হাবিয়াসৰ কথা প্ৰকাশ কৰে। উল্লেখ্য যে, এছ’চিয়েট এডিটৰ ভূঞাই মুম্বাইত সাক্ষাৎ কৰিছিল তাৰকাগৰাকীক। অসমৰ স্বাভিমান গামোচা আৰু গঁড়ৰ প্ৰতীকচিহ্নৰে তেওঁ তাৰকাগৰাকীক সম্ভাষণ জনায়। দুয়ো এক আন্তৰিক বাৰ্তালাপত মিলিত হোৱাৰ সময়ত ছুদে অসমীয়া ছবিত তেওঁ অভিনয় কৰিব বিচাৰে বুলি ব্যক্ত কৰে। ছুদৰ এই আকাংক্ষা পূৰণ হ’লে সেয়া অসমীয়া চলচ্চিত্ৰৰ বাবে এক চমকপ্ৰদ খবৰ হিচাপে বিবেচিত হ’ব। উল্লেখ্য যে, গঁড়ৰ প্ৰতীকচিহ্ন হাতত লৈ তেওঁ অসমৰ স্বাভিমান কাজিৰঙা সন্দৰ্ভতো ভূঞাৰে কথা পাতে। অসম আৰু অসমীয়াৰ প্ৰতি স্নেহবাৰ্তা প্ৰেৰণ কৰি তাৰকাগৰাকীয়ে অসমৰ প্ৰতি তেওঁৰ আন্তৰিকতাৰ কথাও ব্যক্ত কৰে আগ্ৰহেৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে