--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চিবিআইৰ নিৰপেক্ষতা তথা ইয়াৰ স্বতন্ত্ৰতাক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈ আহিছে। এইবাৰ এই প্ৰশ্নক অধিক তীব্ৰতাৰে উত্থাপন কৰিছে স্বয়ং ন্যায়ালয়ে। মাদ্ৰাছ উচ্চ ন্যায়ালয়ে চিবিআইৰ স্বতন্ত্ৰতা সম্পৰ্কত মন্তব্য কৰে যে, চিবিআই এক স্বতন্ত্ৰ সংস্থা হোৱা উচিত আৰু ই কেৱল সংসদৰ ওচৰতহে দায়বদ্ধ হোৱা উচিত।

বিৰোধী দলসমূহে চিবিআই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ৰাজনৈতিক আহিলাত পৰিণত হৈছে বুলি কৰা অভিযোগ সন্দৰ্ভত মত প্ৰকাশ কৰিছে উচ্চ ন্যায়ালয়ে নিজৰ ১২ দফীয়া নিৰ্দেশনা জাৰি কৰে আৰু সাম্প্ৰতিক ব্যৱস্থা সলনি কৰাৰ ব্যৱস্থাৰ কথা প্ৰকাশ কৰে। তাৎপৰ্যপূৰ্ণভাৱে চিবিআইক ‘পিঞ্জৰাবদ্ধ ভাটৌ’ আখ্যা দিয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। ন্যায়ালয়ে কয়, পিঞ্জৰাবদ্ধ ভাটৌ (চিবিআই)ক মুকলি কৰি দিয়াৰ এয়া এক প্ৰচেষ্টা। উল্লেখ্য যে, চিবিআইক পিঞ্জৰাবদ্ধ ভাটৌ বুলি অভিহিত কৰিছিল উচ্চতম ন্যায়ালয়ে।

২০১৩চনত কয়লাক্ষেত্ৰ আৱণ্টন সম্পৰ্কীয় এটা গোচৰৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য কৰিছিল উচ্চতম ন্যায়ালয়ে। সেই সময়ত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ শাসনত থকাৰ বিপৰীতে বিজেপি বিৰোধীৰ আসনত আছিল। সম্প্ৰতি ৰাজনৈতিক পট পৰিৱৰ্তনৰ লগে লগে বিৰোধী শিবিৰে শাসকীয় বিজেপি দলৰ বিৰুদ্ধে অনুৰূপ অভিযোগ আনিবলৈ আৰম্ভ কৰিছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তীব্ৰ কটাক্ষৰে বিবিআইক ‘কনছপিৰেচী ব্যুৰো অব ইনভেষ্টিগেচন কণ্ট্ৰোলড বাই দ্য প্ৰাইম মিনিষ্টাৰ’ আখ্যা দিছে। এনে অভিযোগ প্ৰতি অভিযোগৰ মাজতে ব’ম্বে উচ্চ ন্যায়ালয়ৰ এই মন্তব্য বিশেষ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ