--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চিবিআইৰ নিৰপেক্ষতা তথা ইয়াৰ স্বতন্ত্ৰতাক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈ আহিছে। এইবাৰ এই প্ৰশ্নক অধিক তীব্ৰতাৰে উত্থাপন কৰিছে স্বয়ং ন্যায়ালয়ে। মাদ্ৰাছ উচ্চ ন্যায়ালয়ে চিবিআইৰ স্বতন্ত্ৰতা সম্পৰ্কত মন্তব্য কৰে যে, চিবিআই এক স্বতন্ত্ৰ সংস্থা হোৱা উচিত আৰু ই কেৱল সংসদৰ ওচৰতহে দায়বদ্ধ হোৱা উচিত।

বিৰোধী দলসমূহে চিবিআই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ৰাজনৈতিক আহিলাত পৰিণত হৈছে বুলি কৰা অভিযোগ সন্দৰ্ভত মত প্ৰকাশ কৰিছে উচ্চ ন্যায়ালয়ে নিজৰ ১২ দফীয়া নিৰ্দেশনা জাৰি কৰে আৰু সাম্প্ৰতিক ব্যৱস্থা সলনি কৰাৰ ব্যৱস্থাৰ কথা প্ৰকাশ কৰে। তাৎপৰ্যপূৰ্ণভাৱে চিবিআইক ‘পিঞ্জৰাবদ্ধ ভাটৌ’ আখ্যা দিয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। ন্যায়ালয়ে কয়, পিঞ্জৰাবদ্ধ ভাটৌ (চিবিআই)ক মুকলি কৰি দিয়াৰ এয়া এক প্ৰচেষ্টা। উল্লেখ্য যে, চিবিআইক পিঞ্জৰাবদ্ধ ভাটৌ বুলি অভিহিত কৰিছিল উচ্চতম ন্যায়ালয়ে।

২০১৩চনত কয়লাক্ষেত্ৰ আৱণ্টন সম্পৰ্কীয় এটা গোচৰৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য কৰিছিল উচ্চতম ন্যায়ালয়ে। সেই সময়ত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ শাসনত থকাৰ বিপৰীতে বিজেপি বিৰোধীৰ আসনত আছিল। সম্প্ৰতি ৰাজনৈতিক পট পৰিৱৰ্তনৰ লগে লগে বিৰোধী শিবিৰে শাসকীয় বিজেপি দলৰ বিৰুদ্ধে অনুৰূপ অভিযোগ আনিবলৈ আৰম্ভ কৰিছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তীব্ৰ কটাক্ষৰে বিবিআইক ‘কনছপিৰেচী ব্যুৰো অব ইনভেষ্টিগেচন কণ্ট্ৰোলড বাই দ্য প্ৰাইম মিনিষ্টাৰ’ আখ্যা দিছে। এনে অভিযোগ প্ৰতি অভিযোগৰ মাজতে ব’ম্বে উচ্চ ন্যায়ালয়ৰ এই মন্তব্য বিশেষ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু