--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভয়াৱহ বৃষ্টিপাত আৰু বানপানীত বিধ্বস্ত মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশ। মঙলবাৰৰ পৰা মধ্যপ্ৰাচ্যৰ আৰৱীয় দেশসমূহত আৰম্ভ হৈছিল অভূতপূৰ্ব বৃষ্টিপাত। এই বৃষ্টিপাতে সৃষ্টি কৰা বান পৰিস্থিতিৰ বিভীষিকা আজিও অব্যাহত আছে। কালি দিনজোৰাকৈ হোৱা প্ৰবল বৃষ্টিপাতত সংযুক্ত আৰৱ আমিৰশ্বাহী অথবা UAEত স্তব্ধ হৈ পৰিছিল জনজীৱন। বৃষ্টিপাতৰ পাছতে হোৱা আকস্মিক বানপানীত বুৰ গৈছিল প্ৰসিদ্ধ ব্যৱসায়িক নগৰী ডুবাই। কালিৰ বৃষ্টিপাত আছিল UAEত ১৯৪৫ চনৰ পাছত হোৱা অভিলেখ পৰিমাণৰ বৃষ্টিপাত। যাৰ বাবে আকস্মিক বানত ডুব গৈছিল ডুবাইৰ বাট–পথ, নাগৰিকৰ আৱাস। বহুসংখ্যক নাগৰিক আবদ্ধ হৈ পৰিছিল বানপানীত। ডুবাইৰ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰ পৰিণত হৈছিল জলসমুদ্ৰত। পৰিণতিত ৩০০খন ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রীয় বিমানৰ যাত্ৰা বাতিল কৰিবলৈ বাধ্য হৈছিল UAEৰ চৰকাৰে। 

আজিৰ দিনটোতো ডুবাইত যাতায়াত–যোগাযোগ ব্যৱস্থা স্বাভাৱিক হৈ পৰাগৈ নাই। ডুবাই আন্তঃৰাষ্ট্রীয় বিমানবন্দৰতো স্বাভাৱিক হৈ পৰা নাই বিমানৰ উৰণ–অৱতৰণ। UAEৰ আন এখন প্ৰধান নগৰ আবুধাবিতো কালি প্ৰবল বৃষ্টিপাতে আকস্মিক বানৰ সৃষ্টি কৰিছিল। আজিও আবুধাবিত পৰিস্থিতি স্বাভাৱিক হৈ পৰা নাই। UAEৰ লগতে আন এখন আৰৱীয়  দেশ ওমানতো বৃষ্টিপাত আৰু বানে আতংকৰ সৃষ্টি কৰিছিল। দেশখনত চহৰ–নগৰৰ বাট–পথেৰে বৈছিল বানৰ প্ৰবল সোঁত। ওমানত কালি এখন স্কুল বাছ বানপানীয়ে উটুৱাই নিয়াত ১০ গৰাকী ছাত্ৰ–ছাত্ৰীৰ মৃত্যু ঘটিছিল। 

আজিও ওমানৰ বহু এলেকা ডুব গৈ আছে বানপানীত। চৌদি আৰৱতো ৩ দিন ধৰি বান–বৃষ্টিপাতে তাণ্ডৱৰ সৃষ্টি কৰিছে।  মঙলবাৰৰ পৰা হোৱা বৃষ্টিপাতত দেশখনৰ বহু এলেকা প্লাৱিত হৈছে। আজিও চৌদি আৰৱৰ পৰিস্থিতিৰ বিশেষ উন্নতি ঘটা নাই। মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা প্ৰবল বানপানীত মৃতকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। বৰ্তমানলৈ বান–বৃষ্টিপাতৰ বাবে মৃত্যু হৈছে ৭০ জনতকৈ অধিক লোকৰ। মধ্য প্ৰাচ্যৰ এই অস্বাভাৱিক বানপানীৰ বাবে জগৰীয়া কৰা হৈছে জলবায়ু পৰিৱৰ্তনক। জলবায়ু পৰিৱৰ্তনৰ বাবেই আকস্মিক অতিবৃষ্টিয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিলে মধ্য প্ৰাচ্যৰ লগতে আফগানিস্তানতো। গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিঘটনাৰ বাবেই বিশ্বজুৰি অস্বাভাৱিকভাৱে জলবায়ু পৰিৱৰ্তন হৈছে। পূৰ্বে স্বাভাৱিক বৃষ্টিপাত হোৱা এলেকাত খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে। 

আনহাতে, মধ্য প্ৰাচ্যৰ দৰে মৰুময় এলেকাত হৈছিল অত্যধিক বৃষ্টিপাত। মধ্য প্ৰাচ্যৰ বান পৰিস্থিতিৰ বাবে একাংশই ক্লাউড শ্বিডিং প্ৰক্ৰিয়াক দোষাৰোপ কৰিবলৈ বিচাৰিছে। ক্লাউড শ্বিডিং প্ৰক্ৰিয়াত উৰা জাহাজৰ জৰিয়তে মেঘৰ ওপৰত বিশেষ ৰসায়ন নিক্ষেপ কৰা হয়। ইয়াৰ ফলত বৃষ্টিপাত হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। UAEত কেইবাবছৰৰ পৰা ক্লাউড শ্বিডিং প্ৰক্ৰিয়া চলাই থকা হৈছে। এনে প্ৰক্ৰিয়াত ত্ৰুটি হোৱাৰ ফলতে দেশখনত অতিবৃষ্টি হৈছে বুলি ক’ব বিচাৰিছে দেশখনৰ একাংশ লোকে। কিন্তু জলবায়ু বিশেষজ্ঞসকলে ক্লাউড শ্বিডিঙৰ কাৰণটোক খাৰিজ কৰিছে। তেওঁলোকে জলবায়ুৰ পৰিৱৰ্তনকে মধ্য প্ৰাচ্যৰ ভয়াৱহ বানৰ কাৰণ হিচাপে চিহ্নিত কৰিছে। জলবায়ু পৰিৱৰ্তনৰ বাবে ভৱিষ্যতেও মধ্য প্ৰাচ্যত ভয়াৱহ বৃষ্টিপাত হ’ব বুলি সতৰ্কবাণী প্ৰদান কৰিছে বিশেষজ্ঞসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক