--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াত এটা আগ্নেয়গিৰি বিস্ফোৰণ হয়। দেশৰ উত্তৰ চুলাৱেছি প্ৰদেশৰ মাউণ্ট ৰুৱাঙত মঙলবাৰৰ পৰা চাৰিবাৰকৈ বিস্ফোৰণ ঘটিছে। আগ্নেয়গিৰিৰ মুখখন খোল খালে আৰু কাষৰীয়া অঞ্চলটোত লাভাৰ প্ৰবাহ বিয়পি পৰিল। ইয়াক দূৰৰ পৰা পৰ্যবেক্ষণ কৰা হয়, আকাশখন আগ্নেয়গিৰিৰ ক’লা ধোঁৱাৰে আবৃত।

স্থানীয় প্ৰশাসনৰ তথ্য অনুসৰি কাষৰীয়া অঞ্চলৰ পৰা প্ৰায় ১১ হাজাৰ লোকক উলিয়াই অনা হৈছে। পৰ্যটকক মাউণ্ট ৰুৱাঙৰ পৰা কমেও ৬ কিলোমিটাৰ দূৰত্ব বজাই ৰাখিবলৈ কোৱা হৈছে। ইতিমধ্যে ইণ্ডোনেছিয়াৰ "চেণ্টাৰ ফৰ ভলকেন'লজী" আৰু "জিঅ'লজিকেল ডিজাষ্টাৰ মেনেজমেণ্ট"ই সমগ্ৰ দেশখনক এই বিস্ফোৰণৰ সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে। বুধবাৰেও সেই দেশত ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

মঙলবাৰে স্থানীয় সময় অনুসৰি পুৱা ৯:৪৫ বজাত মাউণ্ট ৰুৱাঙত প্ৰথমটো বিস্ফোৰণৰ শব্দ শুনা যায়। ইয়াৰ পিছত বুধবাৰলৈকে মুঠ চাৰিটা বিস্ফোৰণ সংঘটিত হয়। প্ৰায় ১০০০ ফুট উচ্চতালৈকে লাভাৰ প্ৰবাহ দেখা যায়। ইণ্ডোনেছিয়াৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই লগে লগে প্ৰায় ১১ হাজাৰ বাসিন্দাক ওচৰৰ মানাডো চহৰলৈ স্থানান্তৰিত কৰে। কিন্তু একাংশ ভূতত্ত্ববিদে এই বিপদ এতিয়াও শেষ হোৱা নাই বুলি ভাবে। 

শেহতীয়াকৈ ইণ্ডোনেছিয়াত দুটাকৈ ভূমিকম্প সংঘটিত হৈছিল। ফলত তেওঁলোকে বিশ্বাস কৰে যে এই বিস্ফোৰণৰ কাৰণ হৈছে মাটিৰ তলৰ স্তৰ দুটাৰ স্থিতিস্থাপকতা হেৰুৱা। কাকতলীয়াকৈ ক’বলৈ গ’লে ইণ্ডোনেছিয়া ভৌগোলিক অৱস্থানৰ বাবেই ভূমিকম্পৰ প্ৰৱণতা থাকে। দ্বীপ ৰাষ্ট্ৰখনত মুঠ ১২০টা সক্ৰিয় আগ্নেয়গিৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক