--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াত এটা আগ্নেয়গিৰি বিস্ফোৰণ হয়। দেশৰ উত্তৰ চুলাৱেছি প্ৰদেশৰ মাউণ্ট ৰুৱাঙত মঙলবাৰৰ পৰা চাৰিবাৰকৈ বিস্ফোৰণ ঘটিছে। আগ্নেয়গিৰিৰ মুখখন খোল খালে আৰু কাষৰীয়া অঞ্চলটোত লাভাৰ প্ৰবাহ বিয়পি পৰিল। ইয়াক দূৰৰ পৰা পৰ্যবেক্ষণ কৰা হয়, আকাশখন আগ্নেয়গিৰিৰ ক’লা ধোঁৱাৰে আবৃত।

স্থানীয় প্ৰশাসনৰ তথ্য অনুসৰি কাষৰীয়া অঞ্চলৰ পৰা প্ৰায় ১১ হাজাৰ লোকক উলিয়াই অনা হৈছে। পৰ্যটকক মাউণ্ট ৰুৱাঙৰ পৰা কমেও ৬ কিলোমিটাৰ দূৰত্ব বজাই ৰাখিবলৈ কোৱা হৈছে। ইতিমধ্যে ইণ্ডোনেছিয়াৰ "চেণ্টাৰ ফৰ ভলকেন'লজী" আৰু "জিঅ'লজিকেল ডিজাষ্টাৰ মেনেজমেণ্ট"ই সমগ্ৰ দেশখনক এই বিস্ফোৰণৰ সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে। বুধবাৰেও সেই দেশত ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

মঙলবাৰে স্থানীয় সময় অনুসৰি পুৱা ৯:৪৫ বজাত মাউণ্ট ৰুৱাঙত প্ৰথমটো বিস্ফোৰণৰ শব্দ শুনা যায়। ইয়াৰ পিছত বুধবাৰলৈকে মুঠ চাৰিটা বিস্ফোৰণ সংঘটিত হয়। প্ৰায় ১০০০ ফুট উচ্চতালৈকে লাভাৰ প্ৰবাহ দেখা যায়। ইণ্ডোনেছিয়াৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই লগে লগে প্ৰায় ১১ হাজাৰ বাসিন্দাক ওচৰৰ মানাডো চহৰলৈ স্থানান্তৰিত কৰে। কিন্তু একাংশ ভূতত্ত্ববিদে এই বিপদ এতিয়াও শেষ হোৱা নাই বুলি ভাবে। 

শেহতীয়াকৈ ইণ্ডোনেছিয়াত দুটাকৈ ভূমিকম্প সংঘটিত হৈছিল। ফলত তেওঁলোকে বিশ্বাস কৰে যে এই বিস্ফোৰণৰ কাৰণ হৈছে মাটিৰ তলৰ স্তৰ দুটাৰ স্থিতিস্থাপকতা হেৰুৱা। কাকতলীয়াকৈ ক’বলৈ গ’লে ইণ্ডোনেছিয়া ভৌগোলিক অৱস্থানৰ বাবেই ভূমিকম্পৰ প্ৰৱণতা থাকে। দ্বীপ ৰাষ্ট্ৰখনত মুঠ ১২০টা সক্ৰিয় আগ্নেয়গিৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে