--°C
Loading...
Listen to Article
2 min read
80%

তিনিচুকীয়া : দুলীয়াজানত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। চাহ বাগিচাৰ শ্ৰমিকৰ আত্মহনন। নিহত শ্ৰমিকজন দুলীয়াজানৰ ভাদৈ আৰক্ষী চকীৰ অন্তৰ্গত শান্তি চাহ বাগিছাৰ ১ নং লাইনৰ নিবাসী সাধন দাস বুলি জানিবপৰা গৈছে।

নিহত শ্ৰমিকগৰাকী শান্তি চাহ বাগিচাত শ্ৰমিক হিচাপে কৰ্মৰত আছিল। জানিবপৰা মতে নিহত লোকগৰাকীয়ে সোমবাৰে নিশা নিজৰ বাসগৃহৰ পৰা উক্ত চাহ বাগিচাৰ কলঘৰত কাম কৰিবলৈ ওলাই গৈছিল। তাৰপাছৰ পৰাই সন্ধানহীন হৈ আছিল শ্ৰমিকগৰাকী। মঙলবাৰে শান্তি চাহ বাগিচাৰ মাজত ডিগবৈ নৈৰ কাষত এজোপা গছত ডিঙিত চিপ লৈ থকা অৱস্থাত মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

শেহতীয়াকৈ আৰক্ষীয়ে ঘটনা সৰ্ন্দভত দুলীয়াজান থানাত এক গোচৰ ৰুজু কৰি শ্ৰমিকগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। কি পৰিস্থিতিত চাহ শ্ৰমিক গৰাকীয়ে আত্মহনন কৰিবলগীয়া হ'ল এই সৰ্ন্দভত প্ৰকৃত তথ্য পোহৰলৈ অহা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইফালে ঘটনা সন্দৰ্ভত চাহ বাগিচাৰ কৰ্তৃপক্ষই মন্তব্য প্ৰদান কৰা নাই ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক