--°C
Loading...
Listen to Article
2 min read
80%

তিনিচুকীয়া : দুলীয়াজানত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। চাহ বাগিচাৰ শ্ৰমিকৰ আত্মহনন। নিহত শ্ৰমিকজন দুলীয়াজানৰ ভাদৈ আৰক্ষী চকীৰ অন্তৰ্গত শান্তি চাহ বাগিছাৰ ১ নং লাইনৰ নিবাসী সাধন দাস বুলি জানিবপৰা গৈছে।

নিহত শ্ৰমিকগৰাকী শান্তি চাহ বাগিচাত শ্ৰমিক হিচাপে কৰ্মৰত আছিল। জানিবপৰা মতে নিহত লোকগৰাকীয়ে সোমবাৰে নিশা নিজৰ বাসগৃহৰ পৰা উক্ত চাহ বাগিচাৰ কলঘৰত কাম কৰিবলৈ ওলাই গৈছিল। তাৰপাছৰ পৰাই সন্ধানহীন হৈ আছিল শ্ৰমিকগৰাকী। মঙলবাৰে শান্তি চাহ বাগিচাৰ মাজত ডিগবৈ নৈৰ কাষত এজোপা গছত ডিঙিত চিপ লৈ থকা অৱস্থাত মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

শেহতীয়াকৈ আৰক্ষীয়ে ঘটনা সৰ্ন্দভত দুলীয়াজান থানাত এক গোচৰ ৰুজু কৰি শ্ৰমিকগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। কি পৰিস্থিতিত চাহ শ্ৰমিক গৰাকীয়ে আত্মহনন কৰিবলগীয়া হ'ল এই সৰ্ন্দভত প্ৰকৃত তথ্য পোহৰলৈ অহা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইফালে ঘটনা সন্দৰ্ভত চাহ বাগিচাৰ কৰ্তৃপক্ষই মন্তব্য প্ৰদান কৰা নাই ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান