--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই উপলক্ষে দিয়া ভাষণত মোদীয়ে জনসাধাৰণক 'মেক ইন ইণ্ডিয়া' আৰু 'ভোকেল ফৰ লোকেল'ক গুৰুত্ব দিবলৈ আহ্বান জনায়।

ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিল্লীৰ ৰোহিণীত প্ৰায় ১১,০০০ কোটি টকা ব্যয়সাপেক্ষ দেশৰ প্রথমটো ৮ লেন এলিভেটেড হাইৱে' দ্বাৰকা এক্সপ্ৰেছৱে' আৰু আৰবান এক্সটেনশ্যন ৰ'ড-২ৰ শুভ উদ্বোধন কৰে।


এই উপলক্ষে দিয়া ভাষণত মোদীয়ে জনসাধাৰণক 'মেক ইন ইণ্ডিয়া' আৰু 'ভোকেল ফৰ লোকেল'ক গুৰুত্ব দিবলৈ আহ্বান জনায়।


মোদীয়ে কয়, 'যদি আপোনালোক ভাৰতীয় হয়, তেন্তে ভাৰতত প্ৰস্তুত কৰা সামগ্ৰীহে ক্ৰয় কৰিব। দীপাৱলীতো তেনে সামগ্ৰীহে ক্ৰয় কৰিব, যিবোৰ ভাৰতত প্ৰস্তুত কৰা হৈছে। ব্যৱসায়ীসকলেও যেন বিদেশী সামগ্ৰী বৰ্জন কৰি লোকেল সামগ্রীহে বিক্ৰী কৰে।'


উল্লেখযোগ্য যে আমেৰিকাই ভাৰতৰ পৰা ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ সময়তে প্রধানমন্ত্রীয়ে কৌশলগতভাৱে এই আহ্বান জনায়।


আমেৰিকাই ভাৰতৰ সামগ্ৰীৰ ওপৰত আৰোপ কৰা ২৫ শতাংশ শুল্ক ইতিমধ্যে ৭ আগষ্টৰ পৰা বলৱৎ হৈছে। অতিৰিক্ত ২৫ শতাংশ শুল্ক ২৭ আগষ্টৰ পৰা বলৱৎ হোৱাৰ আশংকা আছে। এনে সময়তে স্বদেশী সামগ্ৰীৰ বাবে আহ্বান জনাই তথা 'মে'ক ইন ইণ্ডিয়া'ক শক্তিশালী কৰিবলৈ কৈ মোদীয়ে এক কৌশল গ্রহণ কৰা দেখা গৈছে।


মোদীয়ে ভাষণত আৰু কয় যে ১১ বছৰ আগতে ভাৰতৰ প্রয়োজনীয় ম'বাইল ফ'ন বিদেশৰ পৰা আহিছিল। কিন্তু এতিয়া দেশত প্রতি বছৰে ৩০-৩৫ কোটি ম'বাইল ফ'ন নিৰ্মাণ কৰা হয় আৰু ৰপ্তানিও কৰা হয়। তেওঁ আৰু কয়, 'এই পৰিৱৰ্তনে ভাৰতৰ উৎপাদন ক্ষমতা আৰু 'মেক ইন ইণ্ডিয়া'ৰ সফলতা প্ৰদৰ্শন কৰে।


প্রধানমন্ত্রী মোদীয়ে ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ ভাষণত কোৱাৰ দৰেই এই সভাতো দীপাৱলীৰ সময়ত জি এছ টিৰ সংস্কাৰ হ'ব বুলি ঘোষণা কৰি কয় যে জনতাই দীপাৱলীত ডাবল বোনাছ পাব। প্রধানমন্ত্রী মোদীয়ে আৰু কয়, 'বিশ্বই যেতিয়া ভাৰতলৈ চায়, পৰীক্ষা কৰে, তেতিয়া তেওঁলোকৰ প্ৰথম দৃষ্টি পৰে আমাৰ ৰাজধানীত, আমাৰ দিল্লীত পৰে। সেইবাবে দিল্লীক আমি বিকাশৰ এনে এক মডেল কৰিব লাগিব, য'ত সকলোৱে উপলব্ধি কৰিব যে হয়, এইখনেই উন্নত (বিকশিত) হ'বলৈ ধৰা ভাৰতৰ ৰাজধানী।'


দেওবাৰৰ শুভ উদ্বোধনৰ আগতে প্রধানমন্ত্রী মোদীয়ে দ্বাৰকা এক্সপ্ৰেছৱে'লৈ গৈ তাত কাম কৰা শ্ৰমিকসকলৰ সৈতে কথা পাতে। ইয়াৰ পাছত বিষয়াসকলৰ সৈতে প্ৰকল্পৰ বিষয়ে বুজ লয়। ইয়াৰ পাছত তেওঁ ৰোহিণীৰ পৰা বক্কৰৱালালৈ ৰ'ড শ্ব' কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু