--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জলবায়ু পৰিৱৰ্তন, অবাধে বন ধ্বংস চলোৱা, হিমবাহৰ হ্ৰদৰ পৰা জল ওফন্দি অহা আৰু বাৰিষাৰ বৰষুণৰ বাবেই হিমালয়ান অঞ্চলত এই আকস্মিক বানৰ সৃষ্টি হৈছে

ডিজিটেল ডেস্ক : জলবায়ু পৰিৱৰ্তনৰ দৰে পৰিঘটনাৰ বাবে হিমালয় পর্বতত দ্রুত গতিত হিমবাহ গলিবলৈ ধৰিছে।


ইয়াৰ বাবে সমগ্ৰ ভাৰতত, বিশেষকৈ হিমালয়ান অঞ্চলত যোৱা কেইবাসপ্তাহ ধৰি ডাৱৰ বিস্ফোৰণ, আকস্মিক বান আৰু প্ৰবল বৰষুণৰ ঘটনা সংঘটিত হৈ আহিছে।


জলবায়ু পৰিৱৰ্তন, অবাধে বন ধ্বংস চলোৱা, হিমবাহৰ হ্ৰদৰ পৰা জল ওফন্দি অহা আৰু বাৰিষাৰ বৰষুণৰ বাবেই হিমালয়ান অঞ্চলত এই আকস্মিক বানৰ সৃষ্টি হৈছে। যোৱা ৫ আগষ্টত উত্তৰাখণ্ডৰ ধৰালী গাঁৱত হোৱা ডাৱৰ বিস্ফোৰণে সৃষ্টি কৰা আকস্মিক বানে তাণ্ডৱ চলাইছিল সমগ্র অঞ্চলটোত।


ধৰালী গাঁৱৰ পৰা মাত্র দুই কিল'মিটাৰ দূৰত্বত থকা জনপ্রিয় পর্যটনস্থলী হর্শিলতো আকস্মিক বানে ঘৰ-দুৱাৰ উটুৱাই নিছিল। জুলাই মাহত হিমাচল প্ৰদেশৰ মাণ্ডীত হোৱা ডাৱৰ বিস্ফোৰণৰ পাছত আকস্মিক বানে অঞ্চলটো তচনচ্ কৰিছিল। আকস্মিক বানত বহু লোকৰ মৃত্যু হোৱাৰ লগতে বিদুৎ-পানী যোগান ব্যাহত হৈছিল অঞ্চলটোত।


ইয়াৰ পাছত জম্মু-কাশ্মীৰৰ কিস্তৱাড় জিলাত ১৪ আগষ্টত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত প্রায় ৬৫জন লোকৰ মৃত্যু হৈছিল আৰু এতিয়াও ৮৫ জনতকৈ অধিক লোক সন্ধানহীন হৈ আছে। হিমালয়ান অঞ্চলৰ বিশাল উচ্চতা আৰু আকাৰৰ বাবেই হঠাতে ব্যাপক বান পৰিস্থিতিৰ সৃষ্টি কৰে।


গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ বাবে হিমালয়ান অঞ্চলটোৰ হিমবাহ গলিবলৈ ধৰে আৰু সেইবাবেই সঘনাই ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে আৰু সমগ্র হিমালয়ান অঞ্চললৈ বিপদঘণ্টা আহি পৰিছে। ২০২৪ চনত প্রকাশিত এটা বিজ্ঞানভিত্তিক অধ্যয়নৰ প্রতিবেদনত প্রকাশ পাইছে যে প্রাকৃতিক আৰু মানৱীয় উপাদানৰ সংমিশ্ৰণতেই এই আকস্মিক বানৰ সৃষ্টি হৈছে।


তদুপৰি হিমবাহৰ হ্রদ, ভৌগোলিক অবস্থান, বনাঞ্চল ধ্বংস, পাহাৰীয়া ভূমিত বসতি আৰু বাৰিষাৰ ঋতুৰ বৰষুণেও এই আকস্মিক বানৰ সৃষ্টি কৰিছে। জলবায়ু পৰিৱৰ্তনৰ বাবে হিমবাহ হ্ৰদৰ বৰফ গলি সৃষ্টি হোৱা আকস্মিক বানে হিমালয়ান অঞ্চলৰ ভৌগোলিক অৱস্থান সলনি কৰাই নহয়, ইয়াৰ পাদদেশত থকা জনসাধাৰণৰ জীৱনলৈও শংকা কঢ়িয়াই আনিছে। হিমবাহ হ্ৰদৰ পৰা সৃষ্টি হোৱা আকস্মিক বানে ২০১৩ চনত কেদাৰনাথত তাণ্ডৱৰ সৃষ্টি কৰিছিল। হিমবাহৰ হ্ৰদৰ পানী ওফন্দি অহাৰ বাবে পৰোক্ষভাৱে ডাৱৰ বিস্ফোৰণৰ সৃষ্টি কৰে আৰু আবতৰীয়া বাৰিষাৰ বান হয়। উল্লেখযোগ্য যে ২০০৬ চনৰ পৰা ২০১৬ চনলৈকে ৩৩২ গিগাটন হিমবাহৰ বৰফ গলিছে বুলি এটা অধ্যয়নত প্রকাশ পাইছিল। উল্লেখযোগ্য যে ১৯৯০ চনৰ পৰা হিমবাহৰ বৰফ গলি সৃষ্টি হোৱা হ্ৰদৰ সংখ্যা প্রায় ৬৫ শতাংশ বৃদ্ধি পাইছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু