--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খ্ৰীষ্টাব্দ ৭৯। প্ৰায় দুহাজাৰ বছৰ আগতে দক্ষিণ ইটালীৰ মাউণ্ট ভেছুভিয়াছৰ তলত থকা পম্পেই চহৰত অস্কান ভাষী লোকসকলে বাস কৰিছিল। কিন্তু হঠাতে সকলো সলনি হৈ গ’ল। ভেছুভিয়াছ হঠাতে সাৰ পালে। ভয়াৱহ বিস্ফোৰণত বাসিন্দাসকল জীৱন্তে জ্বলি ছাই হয়। বহু মৃতদেহ ছাইত ভস্মিভূত হয়। মৃত চহৰখন আৰু ইয়াৰ ইতিহাস ৪ৰ পৰা ৬ মিটাৰ ছাইৰ তলত পোত গৈছিল।

১৯৬০ চনত মাটি খান্দি মৃত চহৰখন পোৱা গ’ল। তেতিয়াৰ পৰা এতিয়াও প্ৰত্নতাত্ত্বিক গৱেষণা চলি আছে। প্ৰাচীন চহৰখনৰ বিষয়ে তথ্য পোহৰলৈ আহিছে। আজি পম্পেই চহৰখন ইউনেস্ক’ৰ ঐতিহ্য ক্ষেত্ৰ, জনপ্ৰিয় পৰ্যটন স্থলী। প্ৰতি বছৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লোক এই চহৰখনলৈ আহে। তেনে এজন পৰ্যটকৰ চিঠিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিলে।

পম্পেই ভ্ৰমণৰ সময়ত এগৰাকী মহিলাই (পৰিচয় অজ্ঞাত) কিছুমান শিল চুৰি কৰিছিল। সেই খবৰ কোনেও গম পোৱা নাছিল। হঠাতে তেওঁৰ চিঠিখন পম্পেইৰ প্ৰত্নতাত্ত্বিক উদ্যানৰ দায়িত্বত থকা সঞ্চালকৰ কাৰ্যালয়ত উপস্থিত হ’ল। এটা সৰু টোকা আৰু তাৰ লগত শিলৰ কিছু টুকুৰা। সেই চিঠিত লিখা আছে, ‘মই অভিশাপৰ বিষয়ে নাজানিছিলো। মই নাজানিছিলো যে মই সেই শিলবোৰ ল’ব নালাগে। এবছৰৰ ভিতৰতে মোৰ স্তন কেন্সাৰ ধৰা পৰিল। মই সৰু আৰু সুস্থ আছিলো। চিকিৎসকে কয় যে ই ‘বেয়া কপাল’ক বাবে হৈছে। অনুগ্ৰহ কৰি মোক ক্ষমা কৰি এই শিলবোৰ ঘূৰাই লওক। Mi Dispiache.’’

''Me Dispiache' মানে ইটালীয় ভাষাত 'আই এম ছ'ৰী'। পুৰাতত্ত্ববিদ গেব্ৰিয়েল জোহাট্ৰিগালে তেওঁৰ এক্স-হেণ্ডেলত থকা আখৰ আৰু শিলৰ ফটো শ্বেয়াৰ কৰে। তেওঁ লগতে লিখিছে, “প্ৰিয় বেনামী চিঠি-প্ৰেৰক... শিলবোৰ পম্পেইত উপস্থিত হৈছে... আপোনাৰ ভৱিষ্যতৰ বাবে শুভেচ্ছা। আমি ইটালীয় ভাষাত কওঁ — bocca al lupo।'

বহু বিশেষজ্ঞই অৱশ্যে এই ঘটনা কাকতলীয়া বুলি কয়। কৰ্কট ৰোগত আক্ৰান্ত মহিলাসকল মানসিকভাৱে দুৰ্বল হ’ব পাৰে, সেয়েহে তেওঁলোকে এনেদৰে চিন্তা কৰে। দীৰ্ঘদিন ধৰি মানুহে মৃত চহৰ পম্পেইৰ পৰা বহুতো প্ৰত্নতাত্ত্বিক সামগ্ৰী সংগ্ৰহ কৰি ইতিহাসৰ সন্ধান কৰি আহিছে। এতিয়ালৈকে মাটি খান্দি বহু মমি পোৱা গৈছে। সেই মমিবোৰত মৃত্যুৰ যন্ত্ৰণা স্পষ্ট হৈ পৰে। মানুহে সেই ভয়ংকৰ মমিবোৰ উদ্ধাৰ কৰি সংগ্ৰহালয়ত ৰাখিছে। যদিও সেই সকলোবোৰ যুক্তি ‘দুৰ্বল’ মনটোৱে মানি ল’বলৈ অস্বীকাৰ কৰে।

পম্পেইৰ প্ৰত্নতাত্ত্বিক উদ্যানখনে ইয়াৰ পূৰ্বেও এনে চিঠি লাভ কৰিছে। ২০২০ চনত কানাডাৰ এজন পৰ্যটকে কিছুমান শিল্পকৰ্ম (দুটা মোজাইক টাইলছ, এটা পাত্ৰৰ অংশ, চিৰামিকৰ টুকুৰা) ঘূৰাই দিছিল। নিকোল নামৰ মহিলাগৰাকীয়েও ‘অভিশাপ’ৰ কথা ক’লে। লগতে তেওঁ এখন চিঠিত কৈছিল, ‘মই সেইবোৰ কথা ইতিহাসৰ চিন হিচাপে ৰাখিব বিচাৰিছিলো। মই সৰু আছিলোঁ, মূৰ্খ। সময়ত শিল হৈ পৰা ইতিহাসৰ টুকুৰা এটা উলিয়াই আনিলোঁ৷ তাত দুষ্টতা আছিল। তাত মানুহৰ ইমান ভয়ংকৰ মৃত্যু হৈছিল, আৰু মই ধ্বংসৰ টুকুৰাবোৰ ঘৰলৈ লৈ আহিলোঁ।’ নিকোলে ক’লে, সেইবোৰ বস্তু অনাৰ পিছত তাইৰ আৰু তাইৰ পৰিয়ালৰ বাবে বেয়া সময় আৰম্ভ হ’ল। নিকোলৰ স্তন কেন্সাৰো হৈছিল। তাইৰ ডাবল মেষ্টেক্টমী (দুয়োটা স্তন আঁতৰোৱা) কৰিবলগীয়া হৈছিল। তেওঁৰ পৰিয়ালটো বৃহৎ আৰ্থিক সমস্যাৰ সন্মুখীন হৈছিল। অৱশ্যে এতিয়া নিকোলৰ অৱস্থা কেনেকুৱা হৈছে জানিব পৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ