--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে বিয়লি অযোধ্যাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰ উদ্বোধন কৰাৰ পিছতহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পাকিস্তানে। ভাৰতত চৰকাৰৰ পৃষ্ঠপোষকতাত ৰামলালাৰ ৰাজ অভিষেক অনুষ্ঠানটো আচলতে ‘সংখ্যাগৰিষ্ঠৰ একচেটিয়া অধিকাৰ প্ৰতিষ্ঠা কৰাৰ এক পদক্ষেপ’ বুলি অভিযোগ উত্থাপন কৰে তত্বাৱধায়ক চৰকাৰে।

পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ বিবৃতিত ১৯৯২ চনৰ ৬ ডিচেম্বৰত অযোধ্যাৰ বাবৰি মছজিদ ধ্বংস কৰাৰ সপক্ষে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানৰ লগতে অযোধ্যাৰ ‘বিবাদিত’ ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ কথাও উল্লেখ কৰা হৈছে। ইয়াত লিখা আছিল, "দুৰ্ভাগ্যজনকভাৱে ভাৰতীয় উচ্চতম ন্যায়পালিকাৰ জঘন্য কাৰ্য্য (বাবৰি মছজিদ ভাঙি পেলোৱা)ৰ লগত জড়িতসকলক দোষমুক্ত কৰাই নহয়, ভাঙি পেলোৱা মছজিদৰ মাটিত মন্দিৰ নিৰ্মাণৰ অনুমতিও দিলে।"

যদিও তথ্যত কোৱা হৈছে, উচ্চতম ন্যায়ালয়ে নহয়, লক্ষ্ণৌৰ বিশেষ চিবিআই আদালতে এল কে আদৱানী, মুৰালী মনোহৰ যোশী, উমা ভাৰতীকে ধৰি অভিযুক্তক দোষমুক্ত কৰিলে। বিবৃতিটোত পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আৰু অভিযোগ কৰে যে অনাগত দিনত বাৰাণসীৰ জ্ঞানবাপি মছজিদ আৰু মথুৰাৰ শ্বাহী ইদগাহ মছজিদতো বাবৰি মছজিদৰ দৰে ভাগ্যৰ সন্মুখীন হ’ব পাৰে। ভাৰতীয় মুছলমানসকলক অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিকভাৱে ‘প্ৰান্তীয়’ কৰি তোলাৰ লক্ষ্যৰে এনে কাৰ্যকলাপৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন