--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে বিয়লি অযোধ্যাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰ উদ্বোধন কৰাৰ পিছতহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পাকিস্তানে। ভাৰতত চৰকাৰৰ পৃষ্ঠপোষকতাত ৰামলালাৰ ৰাজ অভিষেক অনুষ্ঠানটো আচলতে ‘সংখ্যাগৰিষ্ঠৰ একচেটিয়া অধিকাৰ প্ৰতিষ্ঠা কৰাৰ এক পদক্ষেপ’ বুলি অভিযোগ উত্থাপন কৰে তত্বাৱধায়ক চৰকাৰে।

পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ বিবৃতিত ১৯৯২ চনৰ ৬ ডিচেম্বৰত অযোধ্যাৰ বাবৰি মছজিদ ধ্বংস কৰাৰ সপক্ষে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানৰ লগতে অযোধ্যাৰ ‘বিবাদিত’ ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ কথাও উল্লেখ কৰা হৈছে। ইয়াত লিখা আছিল, "দুৰ্ভাগ্যজনকভাৱে ভাৰতীয় উচ্চতম ন্যায়পালিকাৰ জঘন্য কাৰ্য্য (বাবৰি মছজিদ ভাঙি পেলোৱা)ৰ লগত জড়িতসকলক দোষমুক্ত কৰাই নহয়, ভাঙি পেলোৱা মছজিদৰ মাটিত মন্দিৰ নিৰ্মাণৰ অনুমতিও দিলে।"

যদিও তথ্যত কোৱা হৈছে, উচ্চতম ন্যায়ালয়ে নহয়, লক্ষ্ণৌৰ বিশেষ চিবিআই আদালতে এল কে আদৱানী, মুৰালী মনোহৰ যোশী, উমা ভাৰতীকে ধৰি অভিযুক্তক দোষমুক্ত কৰিলে। বিবৃতিটোত পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আৰু অভিযোগ কৰে যে অনাগত দিনত বাৰাণসীৰ জ্ঞানবাপি মছজিদ আৰু মথুৰাৰ শ্বাহী ইদগাহ মছজিদতো বাবৰি মছজিদৰ দৰে ভাগ্যৰ সন্মুখীন হ’ব পাৰে। ভাৰতীয় মুছলমানসকলক অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিকভাৱে ‘প্ৰান্তীয়’ কৰি তোলাৰ লক্ষ্যৰে এনে কাৰ্যকলাপৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ