--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেমেৰুনে শিশুৰ বাবে মেলেৰিয়াৰ বিৰুদ্ধে বিশ্বৰ প্ৰথম নিয়মীয়া টিকাকৰণ কাৰ্যসূচী আৰম্ভ কৰিছে৷  বিশেষজ্ঞসকলে আশা কৰিছে যে পৰজীৱী ৰোগ বিধৰ  প্ৰভাৱ হ্ৰাস কৰিবলৈ সমগ্ৰ আফ্ৰিকাতে এই অভিযান আৰম্ভ কৰিব পৰা যাব।  কেমেৰুন হ'ব নিয়মীয়াকৈ শিশুসকলক নতুন মেলেৰিয়া ভেকছিন দিয়া বিশ্বৰ  প্ৰথম খন দেশ। সোমবাৰে  আৰম্ভ হোৱা অভিযান  মহে বিয়পোৱা  ৰোগবিধ  নিয়ন্ত্ৰণৰ  বাবে দশকজোৰা প্ৰচেষ্টাত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে৷ 

অভিযান সন্দৰ্ভত ভেকছিন বিধ প্ৰস্তুত কৰা  গ্লেক্সোস্মিথক্লাইনৰ মুখ্য স্বাস্থ্য বিষয়া  অৰেলিয়া নগুয়েনে  কয় " টিকাকৰণে জীৱন ৰক্ষা কৰিব। ই পৰিয়াল আৰু দেশৰ স্বাস্থ্য ব্যৱস্থাক গুৰুত্বপূৰ্ণ সকাহ প্ৰদান কৰিব," ।  মধ্য আফ্ৰিকাৰ ৰাষ্ট্ৰখনে চলিত  বছৰ আৰু অহা বছৰ প্ৰায়২,৫০,০০০টি  শিশুক টিকাকৰণ কৰিব বুলি আশা কৰিছে। গাভিয়ে কয়  যে তেওঁলোকে আন ২০  খন আফ্ৰিকাৰ দেশক  ভেকছিন লোৱাত সহায় কৰিবলৈ কাম কৰি আছে৷ 

২০২৫ চনৰ ভিতৰত আফ্ৰিকাৰ   ছয় নিযুতৰো অধিক শিশুক টিকাকৰণ কৰা হ'ব বুলিও তেওঁ কয়৷  প্ৰতি বছৰে প্ৰায় ২৫০ শিশু আফ্ৰিকাৰ দেশসমূহত মেলেৰিয়াত আক্ৰান্ত হৈ আহিছে৷প্ৰতিবছৰে প্ৰায় ৬,০০,০০০ শিশুৰ  মেলেৰিয়াত মৃত্যু হয়৷কেমেৰুনে শেহতীয়াকৈ অনুমোদিত দুটা মেলেৰিয়া ভেকছিনৰ প্ৰথমটো ব্যৱহাৰ কৰিছে, যাক মস্কুইৰিক্স বুলি কোৱা হয়। বিশ্ব স্বাস্থ্য সংস্থাই দুবছৰ আগতে ভেকছিনটোত  অনুমোদন জনাইছিল৷ 


গ্লেক্সোস্মিথক্লাইনে বছৰি  ১৫ নিযুত মস্কুইৰিক্সপালি উৎপাদন কৰিব ৷ আনহাতে  অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিকশিত আৰু অক্টোবৰত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমোদিত দ্বিতীয়টো মেলেৰিয়া ভেকছিনো শীঘ্ৰে প্ৰয়োগ কৰা হ’ব৷    মেলেৰীয়া সংক্ৰমিত মহৰ জৰিয়তে মানুহলৈ বিয়পে আৰু জ্বৰ, মূৰৰ বিষ তথা ঠাণ্ডা লগা আদি লক্ষণ দেহত ফুটি উঠে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ