--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেমেৰুনে শিশুৰ বাবে মেলেৰিয়াৰ বিৰুদ্ধে বিশ্বৰ প্ৰথম নিয়মীয়া টিকাকৰণ কাৰ্যসূচী আৰম্ভ কৰিছে৷  বিশেষজ্ঞসকলে আশা কৰিছে যে পৰজীৱী ৰোগ বিধৰ  প্ৰভাৱ হ্ৰাস কৰিবলৈ সমগ্ৰ আফ্ৰিকাতে এই অভিযান আৰম্ভ কৰিব পৰা যাব।  কেমেৰুন হ'ব নিয়মীয়াকৈ শিশুসকলক নতুন মেলেৰিয়া ভেকছিন দিয়া বিশ্বৰ  প্ৰথম খন দেশ। সোমবাৰে  আৰম্ভ হোৱা অভিযান  মহে বিয়পোৱা  ৰোগবিধ  নিয়ন্ত্ৰণৰ  বাবে দশকজোৰা প্ৰচেষ্টাত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে৷ 

অভিযান সন্দৰ্ভত ভেকছিন বিধ প্ৰস্তুত কৰা  গ্লেক্সোস্মিথক্লাইনৰ মুখ্য স্বাস্থ্য বিষয়া  অৰেলিয়া নগুয়েনে  কয় " টিকাকৰণে জীৱন ৰক্ষা কৰিব। ই পৰিয়াল আৰু দেশৰ স্বাস্থ্য ব্যৱস্থাক গুৰুত্বপূৰ্ণ সকাহ প্ৰদান কৰিব," ।  মধ্য আফ্ৰিকাৰ ৰাষ্ট্ৰখনে চলিত  বছৰ আৰু অহা বছৰ প্ৰায়২,৫০,০০০টি  শিশুক টিকাকৰণ কৰিব বুলি আশা কৰিছে। গাভিয়ে কয়  যে তেওঁলোকে আন ২০  খন আফ্ৰিকাৰ দেশক  ভেকছিন লোৱাত সহায় কৰিবলৈ কাম কৰি আছে৷ 

২০২৫ চনৰ ভিতৰত আফ্ৰিকাৰ   ছয় নিযুতৰো অধিক শিশুক টিকাকৰণ কৰা হ'ব বুলিও তেওঁ কয়৷  প্ৰতি বছৰে প্ৰায় ২৫০ শিশু আফ্ৰিকাৰ দেশসমূহত মেলেৰিয়াত আক্ৰান্ত হৈ আহিছে৷প্ৰতিবছৰে প্ৰায় ৬,০০,০০০ শিশুৰ  মেলেৰিয়াত মৃত্যু হয়৷কেমেৰুনে শেহতীয়াকৈ অনুমোদিত দুটা মেলেৰিয়া ভেকছিনৰ প্ৰথমটো ব্যৱহাৰ কৰিছে, যাক মস্কুইৰিক্স বুলি কোৱা হয়। বিশ্ব স্বাস্থ্য সংস্থাই দুবছৰ আগতে ভেকছিনটোত  অনুমোদন জনাইছিল৷ 


গ্লেক্সোস্মিথক্লাইনে বছৰি  ১৫ নিযুত মস্কুইৰিক্সপালি উৎপাদন কৰিব ৷ আনহাতে  অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিকশিত আৰু অক্টোবৰত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমোদিত দ্বিতীয়টো মেলেৰিয়া ভেকছিনো শীঘ্ৰে প্ৰয়োগ কৰা হ’ব৷    মেলেৰীয়া সংক্ৰমিত মহৰ জৰিয়তে মানুহলৈ বিয়পে আৰু জ্বৰ, মূৰৰ বিষ তথা ঠাণ্ডা লগা আদি লক্ষণ দেহত ফুটি উঠে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন