--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাইজৰ বিপুল সঁহাৰিত সফলতাৰে সম্পন্ন প্রাগ চিনে এৱাৰ্ড-২০২৫। অসমীয়া চেটেলাইট চেনেল প্ৰাগ নিউজ আৰু ৰেঙণিৰ দ্বাৰা আয়োজিত বছৰেকীয়া বঁটা প্ৰদান অনুষ্ঠান প্ৰাগ চিনে এৱাৰ্ডলৈ অসমৰ ৰাইজে অধীৰ আগ্ৰহেৰে ৰৈ থাকে। 

এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে- অসমীয়া ছবি উদ্যোগক সহযোগিতা কৰা আৰু যথোচিত স্বীকৃতিৰে ছবিজগতলৈ বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক সন্মানিত আৰু অনুপ্ৰাণিত কৰা। ২০০৩ চনত এই অনুষ্ঠানটোৱে জন্ম লাভ কৰিছিল। ২০১৫ চনৰ পৰা এই বঁটা-প্ৰদান অনুষ্ঠানে উত্তৰ-পূৰ্বাঞ্চলৰ আনসমূহ ছবি-উদ্যোগকো সামৰি লয়। প্ৰাগ চিনে এৱাৰ্ড উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ সাংস্কৃতিক ক্ষেত্ৰৰ বঁটা প্রদান অনুষ্ঠান।  

কোনে কোনে লাভ কৰিলে প্ৰাগ চিনে এৱাৰ্ড-২০২৫

যশস্বী অভিনেত্ৰী ৰীনা বৰালৈ জীৱনযোৰা সাধনা বঁটা
‘স্বৰ্গৰথ’লৈ শ্ৰেষ্ঠ ছবিৰ প্ৰাগ চিনে এৱাৰ্ডছ
সুব্ৰত কাকতি(SUV)লৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা 
বিদুৰভাই ছবিৰ বাবে সুব্ৰতলৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা 
‘স্বৰ্গৰথ’ ছবিৰ বাবে সিদ্ধাৰ্থ শৰ্মালৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা 
শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে জেনেট বে’ই
পিশাচ ছবিৰ বাবে জেনেটলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা 
চিণ্ময় চক্ৰৱৰ্তীলৈ শ্ৰেষ্ঠ সহ অভিনেতাৰ বঁটা 
প্ৰতিশ্ৰুতি ছবিৰ বাবে এই বঁটা লাভ চিণ্ময়ৰ 
ডৰথী ভৰদ্বাজলৈ শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা 
‘ইতি তোমাৰ’ ছবিৰ বাবে ডৰথীলৈ এই বঁটা 
শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা লাভ কৰে ৰূপম ভূঞাই 
প্ৰতিশ্ৰুতি ছবিৰ ‘ৰিঙা ৰিঙা’ শীৰ্ষক গীতৰ বাবে এই বঁটা
গায়ত্ৰী হাজৰিকালৈ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ বঁটা 
ৱাইড এংগ’ল ছবিৰ ‘শূন্যতা’ শীৰ্ষক গীতৰ বাবে এই বঁটা 
ইবচনলাল বৰুৱালৈ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা 
ইমন ছবিৰ বাবে ইবচনলাললৈ এই বঁটা প্ৰদান 
প্ৰণয় দত্তলৈ শ্ৰেষ্ঠ আৱহ সংগীতৰ বঁটা প্ৰদান
সৌভিক ফুকন আৰু নৱপন ডেকালৈ শ্ৰেষ্ঠ চাউণ্ড ডিজাইনাৰ বঁটা
বিদুৰভাই ছবিৰ বাবে এই বঁটা সৌভিক আৰু নৱপনলৈ
মন্দিতা গোস্বামীলৈ শ্ৰেষ্ঠ কষ্টিউম ডিজাইনৰ বঁটা 
প্ৰতিশ্ৰুতি ছবিৰ বাবে মন্দিতা গোস্বামীলৈ এই বঁটা 
স্বৰ্গৰথ ছবিৰ বাবে অকু বোথ্ৰালৈ শ্ৰেষ্ঠ ৰূপসজ্জা বঁটা 
‘স্বৰ্গৰথ’ৰ ‘মন বন্ধু’ গীতৰ বাবে দীপক দে’লৈ শ্ৰেষ্ঠ কৰিঅ’গ্ৰাফী বঁটা 
শ্যামলময়ূৰ চেতিয়া, সমীল নাৰায়ণলৈ শ্ৰেষ্ঠ কলা নিৰ্দেশকৰ বঁটা 
প্ৰতিশ্ৰুতি ছবিৰ বাবে এই বঁটা শ্যামলময়ূৰ আৰু সমীললৈ
বিদুৰভাই ছবিৰ বাবে শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা সুব্ৰত কাকতিলৈ   
পিশাচ ছবিৰ বাবে পাপু ডেকালৈ শ্ৰেষ্ঠ চিনেমাট’গ্ৰাফাৰ বঁটা 
‘স্বৰ্গৰথ’ৰ বাবে শ্ৰেষ্ঠ VFXৰ বঁটা ৰাতুল ডেকা-নীল গোস্বামীলৈ
‘স্বৰ্গৰথ’ ছবিৰ বাবে ৰাজেশ যাদৱলৈ শ্ৰেষ্ঠ Colouristৰ বঁটা 
বিদুৰভাই ছবিৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা সুব্ৰত কাকতিলৈ
শ্ৰেষ্ঠ গীতিকাৰ বঁটা আমৰিনা জেৰিয়ানালৈ 
প্ৰতিশ্ৰুতি ছবিৰ ‘ৰিঙা ৰিঙা’ গীতটিৰ বাবে এই বঁটা 
ইমন ছবিৰ শ্ৰেষ্ঠ শিশু অভিনেতাৰ বঁটা বেদাংসী শইকীয়ালৈ 
প্ৰতিশ্ৰুতি ছবিৰ বাবে শ্ৰেষ্ঠ একচন পৰিচালকৰ বঁটা বিভাষ সিনহালৈ
পিশাচ ছবিৰ বাবে শ্ৰেষ্ঠ খলনায়কৰ বঁটা নিৰূপম শইকীয়ালৈ 
বিদুৰভাই ছবিৰ বাবে শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ বঁটা বলীন বৰালৈ 
জুৰিৰ বিশেষ বঁটা নেপালী ছবি ‘তাৰা দ্য ল’ষ্ট ষ্টাৰ’লৈ 
পিশাচ ছবিৰ বাবে অমিত ৰাগলৈ শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ বঁটা 
শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ বঁটা পাৰ্থপ্ৰতীম হাজৰিকালৈ 
সুন্দৰপুৰ কেঅ’চ ছবিৰ বাবে এই বঁটা পাৰ্থপ্ৰতীমলৈ
শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ বঁটা ধ্যানী মোহনলৈ 
‘চিকাৰ আৰু ৱাইড এংগল’ ছবিৰ বাবে এই বঁটা ধ্যানীলৈ 
বিদুৰভাই ছবিলৈ শ্ৰেষ্ঠ ছবিৰ সমালোচকৰ বঁটা 
পাৰভেজ আহমেদলৈ শ্ৰেষ্ঠ পৰিচালকৰ সমালোচকৰ বঁটা 
‘ইতি তোমাৰ’ ছবিৰ বাবে এই বঁটা পাৰভেজ আহমেদলৈ
কমললোচন ডেকালৈ সমালোচকৰ শ্ৰেষ্ঠ অভিনেতা বঁটা 
স্বৰ্গৰথ ছবিৰ বাবে কমললোচনলৈ এই বঁটা 
প্লাৱিতা বৰঠাকুৰলৈ সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা 
প্ৰতিশ্ৰুতি ছবিৰ বাবে এই বঁটা প্লাৱিতা বৰঠাকুৰলৈ 
‘সমাজ-চিনেমা-যৌনতা’লৈ চিনেমাৰ শ্ৰেষ্ঠ গ্ৰন্থ বঁটা 
প্ৰশান্ত কুমাৰ দাসৰ গ্ৰন্থ ‘সমাজ-চিনেমা-যৌনতা’
অনাঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ বঁটা হিন্দী ছবি ‘৩ অক্টোবৰ’লৈ
মণিপুৰী ছবি ‘সুনীতা’লৈ উত্তৰ-পূবৰ শ্ৰেষ্ঠ ছবিৰ বঁটা 
উত্তৰ-পূবৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা প্ৰিয়কান্ত লেইচৰামলৈ 
মণিপুৰী ছবি ‘ৱান নেচ আমাটা অইনা’ৰ বাবে এই বঁটা 
দেওৰাজ চেৰপালৈ উত্তৰ-পূবৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা 
মণিপুৰী ছবি ‘তাৰা দ্য ল’ষ্ট ষ্টাৰ’ৰ বাবে এই বঁটা চেৰপালৈ 
উত্তৰ-পূবৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা নৰ্মদা চৌগাইজামলৈ 
মণিপুৰী ছবি ‘সুনীতা’ৰ বাবে এই বঁটা নৰ্মদালৈ 
সুলক্ষণা বৰুৱালৈ টপচেম এচিভাৰ এৱাৰ্ড
বাহাৰুল ইছলামলৈ গ্ল’ৱেল আইকন এৱাৰ্ড 
 
 






FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ