--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : অচিৰেই ব্যাপক পৰিৱৰ্তন আহিব দেশৰ ৰাজনীতিত! এইবাৰ নতুন পৰিকল্পনা আৰু কৌশলেৰে আৰম্ভ হ’ব কংগ্ৰেছৰ পুনৰুত্থান যাত্ৰা। এই যাত্ৰাৰ নেতৃত্ব দিবলৈ সাজু হৈছে এজন বিশেষ পৰামৰ্শদাতা। শীঘ্ৰেই কংগ্ৰেছৰ হাতত ধৰিব দেশৰ ৰাজনীতিৰ ‘মিৰাকল মেন’ প্ৰশান্ত কিশোৰে। শেহতীয়া পৰিস্থিতিয়ে এই সম্ভাৱনা প্ৰকট কৰি তুলিছে। কংগ্ৰেছৰে কেইবালানি আলোচনাৰ পাছত এয়া প্ৰায় নিশ্চিত হৈছে আৰু কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীয়ে এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব বুলি প্ৰকাশ পাইছে। দেশৰ আটাইতকৈ চৰ্চিত, প্ৰভাৱশালী আৰু সফল ৰাজনৈতিক কৌশল নিৰ্ধাৰক বুলি পৰিচিত প্ৰশান্ত কিশোৰে ৰাহুল, ছোনিয়া আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে জুলাই মাহত কেইবালানি আলোচনাত অংশ লৈছে। ৰাহুল-প্ৰিয়ংকাৰে উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ বাবে প্ৰশান্ত কিশোৰে ইতিমধ্যে কাম কৰাৰ পৰিপ্ৰেক্ষিতত দুয়োগৰাকী নেতাৰ প্ৰশান্ত কিশোৰৰ কংগ্ৰেছ আগমনক লৈ কোনো আপত্তি নাই। অৱশ্যে একাশ জ্যেষ্ঠ নেতাই এই সিদ্ধান্তক বিৰোধ কৰা বুলি জানিব পৰা গৈছে। এনে পৰিপ্ৰেক্ষিতত ছোনিয়া গান্ধীৰ সিদ্ধান্তই এইক্ষেত্ৰত শেষ সিদ্ধান্ত হ’ব।

কিশোৰে ইতিমধ্যে কংগ্ৰেছৰ ৰাজহুৱা সভা, বিৰোধীৰে বৈঠক অনুষ্ঠিত কৰা আদিৰ কিছুমান কৌশল আৰু পৰিকল্পনা যুগুতাই দিয়া বুলি প্ৰকাশ পাইছে। কিন্তু এতিয়াও প্ৰশান্ত কিশোৰৰ ‘ৱাইল্ড কাৰ্ড এণ্ট্ৰী’ক সাগ্ৰহে গ্ৰহণ কৰা নাই একাংশ জ্যেষ্ঠ নেতাই। তেওঁলোকৰ একাংশৰ মতে প্ৰশান্ত কিশোৰৰ হাতত কোনো যাদুদণ্ড নাই।

দেশৰ ৰাজনীতিৰ ভালেকেইখন শ্বসৰুদ্ধকৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা প্ৰশান্ত কিশোৰ যদি সঁচাকৈয়ে কংগ্ৰেছলৈ আহে তেন্তে অতি পুৰণি এই দলটোৰ প্ৰথা-পৰম্পৰা তথা জ্যেষ্ঠ নেতাসকলৰ অহমিকা ভাঙি নতুনৰ বা বৱাব পাৰিব নে নাই সেয়াও এক ডাঙৰ প্ৰশ্ন। অৱশ্যে আহমদ পেটেলৰ মৃত্যুৰ পাছত এগৰাকী পৰামৰ্শদাতাৰ সন্ধানত থকা ছোনিয়া গান্ধীয়ে প্ৰশান্ত কিশোৰক তেওঁৰ কাষত ৰাখি ২০২৪লৈ শক্তিশালীভাৱে আগবঢ়াৰ পোষকতা কৰাৰে সম্ভাৱনা অধিক বিবেচিত হৈছে। প্ৰশান্ত কিশোৰৰ দিগ নিৰ্দেশনাই ২০২৪ৰ নিৰ্বাচনত দেশৰ পৰিৱৰ্তিত ৰাজনৈতিক গতিপথৰপৰা ক্ৰমাত পিছলি পৰিবলৈ ধৰা কংগ্ৰেছৰ খোজ কিমান দৃঢ় কৰিব বা শাসকীয় বিজেপিৰ বাবে কিমান প্ৰত্যাহ্বান সৃষ্টি কৰিব সেয়া লক্ষ্যণীয় হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ