--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বজুৰি ডলাৰৰ মূল্য হ্ৰাস পোৱাৰ ফলত মূল্যবৃদ্ধিৰ ওপৰতো প্ৰভাৱ পৰিছে। ডলাৰ সূচকাংক হ্ৰাস পোৱাৰ লগে লগে সোণৰ মূল্য বৃদ্ধি পাইছে। যোৱা সপ্তাহত মূলতঃ বাণিজ্যিক শুল্ক   দুবছৰৰো অধিক উচ্চতম ১১০.১৭ ৰ স্থান দখল কৰাৰ পিছত, সম্প্রতি ছটা ট্রেডিং কালত ডলাৰ সূচকাংক পাঁচলৈ অৱনমিত হৈছে।

এই ধাৰাটোৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীসকলে ডলাৰ ভিত্তিক বিনিয়োগৰ পৰা সোণলৈ স্থানান্তৰিত হোৱাৰ বাবে সোণৰ মূল্য বৃদ্ধি পাইছে। অৰ্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতাৰ সময়ত বুলিয়নে বিনিয়োগৰ এক নিৰ্ভৰযোগ্য বিকল্প হিচাপে পৰিগণিত হয়।

ইটিৰ এক প্ৰতিবেদন অনুসৰি ইণ্ডিয়া বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ’চিয়েশ্যনৰ তথ্য অনুসৰি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮০,১৯৪ টকাত সমাপ্তি হয়। আই বিজেএ আৰু বুলিয়ন ব্যৱসায় বিশেষজ্ঞসকলৰ মতে ডলাৰ দুৰ্বল হোৱাৰ বাবে মূল্যবৃদ্ধি আৰু নিৰাপদ বিনিয়োগ হিচাপে সোণৰ আবেদনৰ পিছত, বিয়াৰ বতৰৰ বাকী সময়ছোৱাত খুচুৰা গহনা বিক্ৰীৰ সম্ভাৱনা অস্পষ্ট বুলি উল্লেখ কৰে।

মুম্বাইস্থিত অ’গমন্ট গোল্ডৰ গৱেষণা মুৰব্বী ৰেনিছা চৈনানীয়ে সোণৰ মূল্য বৃদ্ধিৰ বাবে ট্ৰাম্পৰ প্ৰশাসনৰ নীতিকো জড়িত বুলি য’ত উচ্চ শুল্ক আৰু বাণিজ্যিক অনিশ্চয়তাও অন্তৰ্ভুক্ত আছে। তেওঁ পৰামৰ্শ দিছিল যে মূল্যৰ স্থিতিশীলতা ভূ-ৰাজনৈতিক স্পষ্টতা আৰু ডলাৰৰ ধাৰাটোৰ পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰ কৰিব।

চৈনানীয়ে লগতে কয় যে শুল্ক স্থগিত বা হ্ৰাস আৰু বিশ্ব বাণিজ্যৰ পৰিস্থিতিৰ উন্নতিয়ে ২০২৫ চনৰ মাজভাগলৈকে সোণৰ মূল্য সুস্থিৰ কৰি তুলিব পাৰে। তেতিয়ালৈকে অধিক মূল্যই ভাৰতৰ দৰে মূল্য-সংবেদনশীল বজাৰত খৰচত প্ৰভাৱ পেলাব পাৰে৷ আনহাতে নগৰীয়া আৰু প্ৰতিষ্ঠানিক বিনিয়োগকাৰীসকলে অৰ্থনৈতিক অনিশ্চয়তাৰ বিৰুদ্ধে যুঁজি থাকিব পাৰে যি চাহিদা তুলনামূলকভাৱে উচ্চ কৰি ৰাখিব পাৰে।

উল্লেখ্য যে ডলাৰ সূচকাংকই য়েন আৰু ইউৰোকে ধৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাৰ বিপৰীতে আমেৰিকান ডলাৰৰ শক্তি জুখিব পাৰে। আই বি জে এৰ তথ্য অনুসৰি মঙলবাৰে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৯,৪৫৩ টকাত সমাপ্তি হয়। ইয়াৰ পূৰ্বে ৩০ অক্টোবৰত প্ৰতি ১০ গ্ৰামত সৰ্বোচ্চ পৰিমাণ ৭৯,৬৮১ টকাত সমাপ্তি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ