--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পতঞ্জলিৰ খাদ্য সামগ্ৰী ব্যৱহাৰ কৰা লোকসকলৰ বাবে এটা অতি ডাঙৰ খবৰ আহিছে। পতঞ্জলি ফুডছ লিমিটেডে নিজৰ চাৰি লাখ টন ৰঙা জলকীয়াৰ গুড়ি বজাৰৰ পৰা পুনৰ ঘূৰাই অনাৰ সিদ্ধান্ত লৈছে। আচলতে ইয়াৰ আঁৰৰ কাৰণটো হ’ল গুণগত মানৰ বিষয়। পতঞ্জলি ফুডছ লিমিটেডৰ ৰেড চিলি পাউদাৰে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষৰ খাদ্য সুৰক্ষাৰ নীতি-নিয়ম পূৰণ কৰা নাছিল

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণে (এফ এছ এছ এ আই) পতঞ্জলি ফুড্‌ছৰ দ্বাৰা প্ৰস্তুত কৰা এটা নির্দিষ্ট বেচ্চৰ ৰঙা জলকীয়াৰ গুড়িৰ পেকেট খাদ্য সুৰক্ষাৰ নিয়মসমূহ মানি নচলাৰ বাবে নিষিদ্ধ কৰিছিল। খাদ্য নিয়ন্ত্রক এফ এছ এছ এ আইৰ পৰা নিৰ্দেশনা পোৱাৰ পাছতেই পতঞ্জলি ফুড়ছে ৪ টন 'ৰঙা জলকীয়াৰ গুড়ি' বজাৰৰ পৰা ঘূৰাই আনিছে। 

পতঞ্জলি ফুডছৰ চি ই অ' সঞ্জীৱ আস্থানাই কয়, 'ৰঙা জলকীয়াৰ গুড়ি (২০০ গ্ৰামৰ পেকেট)ৰ ৪ টনৰ এটা সৰু বেচ্চ তেওঁলোকে বজাৰৰ পৰা ঘুৰাই আনিছে। বৃহস্পতিবাৰে খাদ্য নিয়ন্ত্ৰক প্ৰাধিকৰণ, এফ এছ এছ এ আয়ে পতঞ্জলি ফুডছৰ এই 'ৰঙা জলকীয়াৰ গুড়ি'ৰ সমগ্ৰ বেচ্চটো নিষিদ্ধ কৰি বজাৰৰ পৰা ঘুৰাই আনিবলৈ নির্দেশ দিছিল।


যদি আপুনি কোনো দোকানৰ পৰা কোনো ত্ৰুটিপূৰ্ণ সামগ্ৰী ক্ৰয় কৰিছে তেন্তে সেই দোকানলৈ গৈ ত্ৰুটিপূৰ্ণ সামগ্ৰীটো ঘূৰাই দি আপুনি ধন ঘূৰাই পাব পাৰে। 

যদি ষ্ট’ৰ অপাৰেটৰে আপোনাৰ সামগ্ৰী ঘূৰাই ল'বলৈ অস্বীকাৰ কৰে আৰু আপোনাক ধন ঘূৰাই নিদিয়ে, তেতিয়া গ্ৰাহক সুৰক্ষা আইন অনুসৰি ইয়াৰ ওপৰত অভিযোগ কৰাৰ অধিকাৰ আপোনাৰ আছে।

আপুনি ৰাষ্ট্ৰীয় গ্ৰাহক সহায়ক লাইন নম্বৰ ১৮০০-১১-৪০০০ত ফোন কৰি অভিযোগ কৰিব পাৰে। ইয়াৰ উপৰিও আপুনি ৰাষ্ট্ৰীয় গ্ৰাহক সহায়ক লাইনৰ অফিচিয়েল ৱেবছাইট https://consumerhelpline.gov.in/public/ ত গৈও আপোনাৰ অভিযোগ পঞ্জীয়ন কৰিব পাৰে।

ইয়াত আপুনি প্ৰডাক্ট আৰু ইয়াৰ নিম্নমানৰ সৈতে জড়িত সকলো তথ্য প্ৰৱেশ কৰিব লাগিব। ইয়াৰ লগতে প্ৰডাক্টটোৰ ফটোও তাত আপলোড কৰিব লাগিব। আপোনাৰ অভিযোগ পঞ্জীয়ন কৰক। যদি আপোনাৰ তথ্য শুদ্ধ বুলি প্ৰমাণ পোৱা যায় তেন্তে দোকানীজনৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হয় আৰু আপোনাক ৰিফাণ্ডৰ লগতে ক্ষতিপূৰণ দিয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ