--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পতঞ্জলিৰ খাদ্য সামগ্ৰী ব্যৱহাৰ কৰা লোকসকলৰ বাবে এটা অতি ডাঙৰ খবৰ আহিছে। পতঞ্জলি ফুডছ লিমিটেডে নিজৰ চাৰি লাখ টন ৰঙা জলকীয়াৰ গুড়ি বজাৰৰ পৰা পুনৰ ঘূৰাই অনাৰ সিদ্ধান্ত লৈছে। আচলতে ইয়াৰ আঁৰৰ কাৰণটো হ’ল গুণগত মানৰ বিষয়। পতঞ্জলি ফুডছ লিমিটেডৰ ৰেড চিলি পাউদাৰে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষৰ খাদ্য সুৰক্ষাৰ নীতি-নিয়ম পূৰণ কৰা নাছিল।

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণে (এফ এছ এছ এ আই) পতঞ্জলি ফুড্‌ছৰ দ্বাৰা প্ৰস্তুত কৰা এটা নির্দিষ্ট বেচ্চৰ ৰঙা জলকীয়াৰ গুড়িৰ পেকেট খাদ্য সুৰক্ষাৰ নিয়মসমূহ মানি নচলাৰ বাবে নিষিদ্ধ কৰিছিল। খাদ্য নিয়ন্ত্রক এফ এছ এছ এ আইৰ পৰা নিৰ্দেশনা পোৱাৰ পাছতেই পতঞ্জলি ফুড়ছে ৪ টন 'ৰঙা জলকীয়াৰ গুড়ি' বজাৰৰ পৰা ঘূৰাই আনিছে। 

পতঞ্জলি ফুডছৰ চি ই অ' সঞ্জীৱ আস্থানাই কয়, 'ৰঙা জলকীয়াৰ গুড়ি (২০০ গ্ৰামৰ পেকেট)ৰ ৪ টনৰ এটা সৰু বেচ্চ তেওঁলোকে বজাৰৰ পৰা ঘুৰাই আনিছে। বৃহস্পতিবাৰে খাদ্য নিয়ন্ত্ৰক প্ৰাধিকৰণ, এফ এছ এছ এ আয়ে পতঞ্জলি ফুডছৰ এই 'ৰঙা জলকীয়াৰ গুড়ি'ৰ সমগ্ৰ বেচ্চটো নিষিদ্ধ কৰি বজাৰৰ পৰা ঘুৰাই আনিবলৈ নির্দেশ দিছিল।


যদি আপুনি কোনো দোকানৰ পৰা কোনো ত্ৰুটিপূৰ্ণ সামগ্ৰী ক্ৰয় কৰিছে তেন্তে সেই দোকানলৈ গৈ ত্ৰুটিপূৰ্ণ সামগ্ৰীটো ঘূৰাই দি আপুনি ধন ঘূৰাই পাব পাৰে। 

যদি ষ্ট’ৰ অপাৰেটৰে আপোনাৰ সামগ্ৰী ঘূৰাই ল'বলৈ অস্বীকাৰ কৰে আৰু আপোনাক ধন ঘূৰাই নিদিয়ে, তেতিয়া গ্ৰাহক সুৰক্ষা আইন অনুসৰি ইয়াৰ ওপৰত অভিযোগ কৰাৰ অধিকাৰ আপোনাৰ আছে।

আপুনি ৰাষ্ট্ৰীয় গ্ৰাহক সহায়ক লাইন নম্বৰ ১৮০০-১১-৪০০০ত ফোন কৰি অভিযোগ কৰিব পাৰে। ইয়াৰ উপৰিও আপুনি ৰাষ্ট্ৰীয় গ্ৰাহক সহায়ক লাইনৰ অফিচিয়েল ৱেবছাইট https://consumerhelpline.gov.in/public/ ত গৈও আপোনাৰ অভিযোগ পঞ্জীয়ন কৰিব পাৰে।

ইয়াত আপুনি প্ৰডাক্ট আৰু ইয়াৰ নিম্নমানৰ সৈতে জড়িত সকলো তথ্য প্ৰৱেশ কৰিব লাগিব। ইয়াৰ লগতে প্ৰডাক্টটোৰ ফটোও তাত আপলোড কৰিব লাগিব। আপোনাৰ অভিযোগ পঞ্জীয়ন কৰক। যদি আপোনাৰ তথ্য শুদ্ধ বুলি প্ৰমাণ পোৱা যায় তেন্তে দোকানীজনৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হয় আৰু আপোনাক ৰিফাণ্ডৰ লগতে ক্ষতিপূৰণ দিয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু