--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এই বছৰৰ অন্যতম প্ৰত্যাশিত ছবি দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন অভিনীত ‘পুষ্পা ২: দ্য ৰুল’ প্ৰিমিয়াৰত সংঘটিত দুৰ্ঘটনাত ৩৫ বছৰীয়া ৰেৱতীৰ মৃত্যুৰ পাছত অভিনেতাগৰাকীক ল’গ নেৰা হৈছে সমস্যাই৷ প্ৰতিবাদকাৰীয়ে অভনেতাগৰাকীৰ ঘৰত আক্ৰমণ কৰি উত্তপ্ত কৰি তোলে পৰিৱেশ৷

যদিও আইনী প্ৰক্ৰিয়াৰ পৰা সকাহ লাভ কৰিলে যদিও এতিয়া ৰাজনৈতিক নেতা সকলে এই ঘটানাৰ বিষয়টো সংসদতো উত্থাপন কৰি বৰোধিতা কৰে। এতিয়া এই পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰিছে যে প্ৰতিবাদকাৰীসকলে আল্লু অৰ্জুনৰ ঘৰতো আক্ৰমণ কৰে৷ যাৰ বাবে তাৰ পিছত ছুপাৰষ্টাৰগৰাকীৰ সমগ্ৰ পৰিয়ালটো ঘৰ ত্যাগ কৰিবলৈ বাধ্য হয়৷ 

হায়দৰাবাদত আল্লু অৰ্জুনৰ সন্তান আল্লু আৰহা আৰু আল্লু আয়ান ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য হয়। দেওবাৰে সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে প্ৰতিবাদকাৰীয়ে ন্যায় বিচাৰি অভিনেতাজনৰ ঘৰত আক্ৰমণ কৰা এই প্ৰতিবাদকাৰীসকল ওছমানিয়া বিশ্ববিদ্যালয়ৰ জইণ্ট একচন কমিটীৰ সদস্য বুলি কোৱা হৈছে৷ এই আক্ৰমণৰ পিছত অভিনেতা গৰাকীৰ পৰিয়ালক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হৈছে। অৱশ্যে এই আক্ৰমণ সন্দৰ্ভত এতিয়ালৈকে আল্লু অৰ্জুনৰ পৰা কোনো বক্তব্য আহা নাই।

কিন্তু তেওঁৰ পিতৃ তথা প্ৰযোজক আল্লু আৰাবিন্দে দেওবাৰে নিশা সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কৰে তেওঁ নিজৰ ঘৰত হোৱা আক্ৰমণক গৰিহণা দি কয় যে এনে ঘটনাক উৎসাহিত কৰিব নালাগে। সংবাদ মাধ্যমৰ সৈতে কথা পাতি আল্লু অৰবিন্দে কয়, ‘আজি আমাৰ ঘৰত যি হ’ল সেয়া সকলোৱে দেখিছে৷ আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰিছে বুলি মন্তব্য কৰে।




 




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ