--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ছবিজগতৰ জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুন অভিনীত ছবি ‘পুষ্পা ২: দ্য ৰুলে’ বক্স অফিচত সফলতাৰ জয় যাত্ৰা চলিথকাৰ পাছতো ছবিখনক লৈ বিতৰ্কৰ ওৰ পৰা নাই। ৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত ছবিখনৰ প্ৰিমিয়াৰত সংঘটিত অনাকাংক্ষিত ঘটনাটোৰ পাছত সমস্যাই লগ নেৰা হৈছে জনিপ্ৰিয় অভিনেতাগাৰীকক৷

এই ঘটনাৰ বাবে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে অভিযোগ কৰে যে আল্লু অৰ্জুনে আৰক্ষীৰ পৰা অনুমতি নোলোৱাকৈ চিনেমা হলত উপস্থিত হোৱাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰে। কিন্তু এই অভিযোগ অস্বীকাৰ কৰে অভিনেতাগৰাকীয়ে। 

মুখ্যমন্ত্রীগৰাকীয়ে অভিযোগ কৰে যে এই ঘটনা সংঘটিত হোৱাৰ পাছতো এঅভিনেতাসকলে থিয়েটাৰৰ পৰা ওলাই নাহিল, তাৰ পাছত আৰক্ষীয়ে তেওঁলোকক বলপূৰ্বকভাৱে হলৰ বাহিৰলৈ উলিয়াই আনিব লগীয়া হয় বুলিও অভিযোগ উতথাপন কৰিছে৷ এই বিষয়টো এআইএমআইএমৰ বিধায়ক আকবৰুদ্দিন ওৱাইছিয়ে বিধানসভাতো উত্থাপন কৰে৷

ইয়াৰ পিছত এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ৰ বিষয়ে উল্লেখ কৰি আল্লু অৰ্জুনক ৰোড শ্ব’ৰ আয়োজন কৰা আৰু বিপুল জনসমাগমৰ মাজত ৰাইজৰ আগত হাত জোকাৰি অভিবাদন জনোৱাৰ বাবে দোষাৰোপ কৰে। কিন্তু মুখ্যমন্ত্রীৰ এই অভিযোগৰ পাছত অভিনেতাগৰাকীয়ে সংবাদমেল আহ্বান কৰি এই সকলো অভিযোগ নাকচ কৰি এই অভিযোগ ভিত্তিহীন বুলি উল্লেখ কৰে৷

অভিনেতাগাৰীয়ে কয় ‘অনুমতি নাথকা হ’লে আৰক্ষীয়ে আমাক ঘূৰি আহিবলৈ ক’লেহেঁতেন আৰু মই এজন আইন পালনকাৰী নাগৰিক আৰু মই তেওঁলোকৰ কথা মানিলোঁহেঁতেন। এনে কোনো তথ্য দিয়া হোৱা নাছিল। মই তেওঁলোকৰ নিৰ্দেশনা মানি চলছিলো আৰু এইটো কোনো ৰোড শ্ব’ নাছিল।’ 

তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে উত্থাপন কৰা অভিযোগ নাকচ কৰি কয় ‘বহুত ভুল কাহিনী বিয়পি আছে। এই সকলোবোৰ মিছা অভিযোগ। ইয়াৰ জৰিয়তে তেওঁক অপমান কৰাৰ' লগতে সন্মান হানি কৰাৰ প্ৰয়াস বুলি উল্লেখ কৰে।

মহিলাগৰাকীৰ মৃত্যু সন্দৰ্ভত মন্তব্য কৰি কয় এয়া এক অনাকাংক্ষিত দুৰ্ঘটনা,  তেওঁ কাকো দোষ দিয়া নাই৷ প্ৰসংগক্ৰমে এই গোচৰতে ১৩ ডিচেম্বৰ শুকুৰবাৰে আল্লু অৰ্জুনক ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰা হৈছিল, তাৰ পিছত তেলেংগানা উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰে যদিও নথিপত্ৰ কৰাত পলম হোৱাৰ বাবে গোটেই ৰাতি জেলত কটাবলগীয়া হৈছিল,১৪ ডিচেম্বৰৰ পুৱা জেলৰ পৰা মুকলি হয় জনপ্ৰিয় অভিনেতা গৰাকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি