--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ছবিজগতৰ জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুন অভিনীত ছবি ‘পুষ্পা ২: দ্য ৰুলে’ বক্স অফিচত সফলতাৰ জয় যাত্ৰা চলিথকাৰ পাছতো ছবিখনক লৈ বিতৰ্কৰ ওৰ পৰা নাই। ৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত ছবিখনৰ প্ৰিমিয়াৰত সংঘটিত অনাকাংক্ষিত ঘটনাটোৰ পাছত সমস্যাই লগ নেৰা হৈছে জনিপ্ৰিয় অভিনেতাগাৰীকক৷

এই ঘটনাৰ বাবে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে অভিযোগ কৰে যে আল্লু অৰ্জুনে আৰক্ষীৰ পৰা অনুমতি নোলোৱাকৈ চিনেমা হলত উপস্থিত হোৱাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰে। কিন্তু এই অভিযোগ অস্বীকাৰ কৰে অভিনেতাগৰাকীয়ে। 

মুখ্যমন্ত্রীগৰাকীয়ে অভিযোগ কৰে যে এই ঘটনা সংঘটিত হোৱাৰ পাছতো এঅভিনেতাসকলে থিয়েটাৰৰ পৰা ওলাই নাহিল, তাৰ পাছত আৰক্ষীয়ে তেওঁলোকক বলপূৰ্বকভাৱে হলৰ বাহিৰলৈ উলিয়াই আনিব লগীয়া হয় বুলিও অভিযোগ উতথাপন কৰিছে৷ এই বিষয়টো এআইএমআইএমৰ বিধায়ক আকবৰুদ্দিন ওৱাইছিয়ে বিধানসভাতো উত্থাপন কৰে৷

ইয়াৰ পিছত এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ৰ বিষয়ে উল্লেখ কৰি আল্লু অৰ্জুনক ৰোড শ্ব’ৰ আয়োজন কৰা আৰু বিপুল জনসমাগমৰ মাজত ৰাইজৰ আগত হাত জোকাৰি অভিবাদন জনোৱাৰ বাবে দোষাৰোপ কৰে। কিন্তু মুখ্যমন্ত্রীৰ এই অভিযোগৰ পাছত অভিনেতাগৰাকীয়ে সংবাদমেল আহ্বান কৰি এই সকলো অভিযোগ নাকচ কৰি এই অভিযোগ ভিত্তিহীন বুলি উল্লেখ কৰে৷

অভিনেতাগাৰীয়ে কয় ‘অনুমতি নাথকা হ’লে আৰক্ষীয়ে আমাক ঘূৰি আহিবলৈ ক’লেহেঁতেন আৰু মই এজন আইন পালনকাৰী নাগৰিক আৰু মই তেওঁলোকৰ কথা মানিলোঁহেঁতেন। এনে কোনো তথ্য দিয়া হোৱা নাছিল। মই তেওঁলোকৰ নিৰ্দেশনা মানি চলছিলো আৰু এইটো কোনো ৰোড শ্ব’ নাছিল।’ 

তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে উত্থাপন কৰা অভিযোগ নাকচ কৰি কয় ‘বহুত ভুল কাহিনী বিয়পি আছে। এই সকলোবোৰ মিছা অভিযোগ। ইয়াৰ জৰিয়তে তেওঁক অপমান কৰাৰ' লগতে সন্মান হানি কৰাৰ প্ৰয়াস বুলি উল্লেখ কৰে।

মহিলাগৰাকীৰ মৃত্যু সন্দৰ্ভত মন্তব্য কৰি কয় এয়া এক অনাকাংক্ষিত দুৰ্ঘটনা,  তেওঁ কাকো দোষ দিয়া নাই৷ প্ৰসংগক্ৰমে এই গোচৰতে ১৩ ডিচেম্বৰ শুকুৰবাৰে আল্লু অৰ্জুনক ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰা হৈছিল, তাৰ পিছত তেলেংগানা উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰে যদিও নথিপত্ৰ কৰাত পলম হোৱাৰ বাবে গোটেই ৰাতি জেলত কটাবলগীয়া হৈছিল,১৪ ডিচেম্বৰৰ পুৱা জেলৰ পৰা মুকলি হয় জনপ্ৰিয় অভিনেতা গৰাকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ