--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰটিন আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান, ইয়াৰ জৰিয়তে আমাৰ পেশীবোৰ গঢ় লৈ উঠে, যিয়ে শৰীৰক শক্তিশালী কৰে। ইয়াৰ লগতে এই পুষ্টিকৰ উপাদানটো হৰম’ন আৰু এনজাইমৰ ভাৰসাম্য ৰক্ষাৰ বাবেও প্ৰয়োজনীয়

প্ৰটিন হৈছে এনে এবিধ পুষ্টিকৰ পদাৰ্থ যিয়ে শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াত এমিনো এচিড থাকে, গতিকে ই শৰীৰক শক্তিশালী কৰি তোলে আৰু কোষ মেৰামতি কৰাত সহায় কৰে। এই কাৰণেই আমাৰ ছাল, হাড়, চুলি, পেশী আৰু আন বহুতো অংগৰ স্বাস্থ্যৰ বাবে নিয়মীয়াকৈ প্ৰটিন ভিত্তিক খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। 
 
যদি আমি প্ৰটিন ভিত্তিক খাদ্য খোৱা বন্ধ কৰো তেন্তে আমাৰ শৰীৰত বহুত বিৰূপ প্ৰভাৱ পৰিব। 

প্ৰটিন কমিলে কি কি হয় জানি লওক

১) প্ৰটিনৰ অভাৱে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত বেয়া প্ৰভাৱ পেলায়, যাৰ বাবে সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায় আৰু আপুনি অধিক বেমাৰত পৰিবলৈ আৰম্ভ কৰে।

২) যেতিয়া শৰীৰত প্ৰটিনৰ অভাৱ হয় তেতিয়া পেশীবোৰে আমাৰ হাড়ৰ পৰা প্ৰটিন শোষণ কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত হাড়বোৰ দুৰ্বল হৈ পৰে।

৩) প্ৰটিনৰ অভাৱত আমাৰ শৰীৰত বিষ হয় কাৰণ পেশীবোৰ দুৰ্বল হৈ পৰে।

৪) শিশুৰ বিকাশৰ বাবেও প্ৰটিন প্ৰয়োজনীয়, এই পুষ্টিকৰ উপাদানৰ অভাৱে সামগ্ৰিক বৃদ্ধিত প্ৰভাৱ পেলায়।

৫) যদি আপুনি সম্পূৰ্ণ টোপনি আৰু প্ৰচুৰ খাদ্য খোৱাৰ পিছত শৰীৰত ভাগৰুৱা অনুভৱ কৰিছে তেন্তে নিশ্চিতভাৱে আপুনি প্ৰটিনৰ অভাৱৰ সন্মুখীন হৈছে।

৬) প্ৰটিনৰ অভাৱৰ বাবে আমাৰ শৰীৰটো হঠাতে ফুলিবলৈ আৰম্ভ কৰে, কাৰণ শৰীৰে শক্তি পাবলৈ অধিক চাপ দিব লগা হয়।

৭) প্ৰটিনৰ অভাৱৰ বাবে আমাৰ শৰীৰে নতুন কোষ তৈয়াৰ কৰাত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়, লগতে সুস্থ হ’বলৈও সময় লাগে।

৮) মুখ আৰু ছালত ফুলাৰ কাৰণ হৈছে প্ৰটিনৰ অভাৱ, পেটত ফুলাৰ বাবেও ই দায়ী।

৯) প্ৰটিন আমাৰ চুলিৰ বাবেও প্ৰয়োজনীয়, যদি নাথাকে তেন্তে আমাৰ চুলি শুকান আৰু নিৰ্জীৱ দেখাবলৈ আৰম্ভ কৰে, ইয়াৰ লগতে চুলি সৰা সমস্যাও উদ্ভৱ হয়।

১০) আমাৰ নখৰ স্বাস্থ্যৰ বাবেও প্ৰটিন অতি গুৰুত্বপূৰ্ণ। যদি এই পুষ্টিকৰ উপাদানসমূহ উপলব্ধ নহয়, তেন্তে নখৰ সংক্ৰমণ আৰু নখ ভাঙি যোৱাৰ আশংকা থাকে।

উল্লেখ্য যে কণী, মাংস আৰু মাছক সাধাৰণতে প্ৰটিনৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, গতিকে নিৰামিষভোজীসকলৰ বাবে এই পুষ্টিকৰ উপাদানসমূহৰ বিকল্প কম। প্ৰটিন পাবলৈ নিৰামিষ খাদ্য খোৱা লোকে কোনবোৰ খাদ্য খাব পাৰে জানো আহক। সেয়া হল- দাইল, ছয়াবিন, বাদাম, গাখীৰ, মাশ্বৰূম, বীন, ৰাজমাহ, ছিয়া ছীডছ, মাখন, ছীজ আদি।
 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ