--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিমপাত আমাৰ অতি চিনাকি৷ ইয়াৰ সোৱাদ তিতা যদিও ইয়াৰ আছে নানা উপকাৰী গুণ। বহু মানুহে নিমপাত ভাজি খাবলৈ ভাল পায় আৰু বহু মানুহে তিতা সোৱাদটোৰ বাবে খাবলৈ বেয়া পায়। 

মানুহৰ দেহত ছালৰ বেমাৰ হʼলে যেনে খৰ-খজুৱতি, ফোঁহা হʼলে ইয়াক নিৰাময় কৰিবৰ বাবে নিমপাত ব্যৱহাৰ কৰা হয়। নিমগছে বায়ু বিশুদ্ধ কৰি ৰখাতো সহায় কৰে। নিমপাতত আছে বহুতো ঔষধিক গুণ।  আহকচোন জানো নিম পাতে আমাক কিমান উপকাৰ কৰে। 

নিমপাতৰ ১০ টা শাৰীৰিক উপকাৰ

১. ডায়েবেটিছ ৰোগীয়ে যদি নিয়মিতভাৱে নিমপাত খাবলৈ আৰম্ভ কৰে তেনেহʼলে কিছু সকাহ পাব।

২. নিমপাত উতলাই সেই পানীৰে গা ধুলে চৰ্ম ৰোগৰ নিৰাময় পোৱা যায়। 

৩.  নিমপাত খালে তেজত উৎপন্ন হোৱা বীজাণু ধ্বংস হয়। যাৰ ফলত তেজ পৰিস্কাৰ হয় আৰু কিছু কিছু বেমাৰৰ পৰাও পৰিত্ৰাণ পোৱা যায়।

৪. নিমপাতৰ ডালেৰে দাঁত ঘঁহিলে দাঁতৰ বিষ, মুখৰ দুৰ্গন্ধ, হালধীয়া দাগ আদি সমস্যাবোৰ দূৰ হয়। 

৫. অত্যধিক জ্বৰৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি নিমপাতৰ চাহ খাব পাৰে। 

৬. ৰাতিপুৱা শুই উঠি নিয়মিতভাৱে খালী পেটত নিমপাত খালে পেটৰ বিষ আৰু গেছৰ অসুবিধা দূৰ হয়। 
৭. শৰীৰৰ কোনো অংশত যদি আপোনাক জুইয়ে পোৰে তেনেহʼলে নিমপাত পিহি জুইয়ে পোৰা অংশত লগাই দিয়ে তেতিয়া সোনকালে শুকাই যায়। 

৮. বিষাক্ত কীট পতংগ‌ই কামুৰিলেও সেই ঠাইত নিমপাত পিহি লগালে বিষ সোনকালে ভাল হৈ যায়।

৯. নিমপাত ব্যৱহাৰ কৰি চুলিৰ বহুতো সমস্যা দূৰ কৰিব পাৰি। চুলি সৰা, চুলিৰ উফিৰ সমস্যা আদি। নিমপাতে চুলি মজবুত কৰাতো সহায় কৰে। 

১০. মেলেৰিয়া হʼলেও নিমপাত খালে সু-ফল পোৱা যায়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ