--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীৰ অত্যাচাৰ সহিব নোৱাৰি এগৰাকী স্বামীৰ আত্মহত্যা। উত্তৰ প্ৰদেশৰ আগ্ৰাত পত্নীৰ অত্যাচাৰত বিৰক্ত হৈ IT কোম্পানীৰ মেনেজাৰ মানৱ শৰ্মাৰ আত্মহত্যা। মৃত্যুৰ পূৰ্বে ডিঙিত ফাঁচ লগাই কান্দি কান্দি লাইভ ভিডিঅ’ কৰিলে মানৱে। ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টোত মানৱে আত্মহত্যাৰ বাবে নিজ পত্নীক দোষাৰোপ কৰিছে। এই বিষয়ত মৃতকৰ পিতৃয়ে সদৰ থানাত এজাহাৰ দাখিল কৰিছে। 

সমগ্ৰ ঘটনাটো আগ্ৰা জিলাৰ ডিফেন্স কলনীৰ, য’ত আগ্ৰাৰ বাসিন্দা মানৱ শৰ্মাই এটা ডাঙৰ আই টি কোম্পানীত নিযুক্তি মেনেজাৰ হিচাপে কাম কৰি আছিল। ২৪ ফেব্ৰুৱাৰীত চিপ লৈ আত্মহত্যা কৰিছিল মানৱে। 

ভিডিঅ’টোত মানৱ শৰ্মাই কয় যে ‘‘মই ইয়াৰ পূৰ্বেও আত্মহত্যাৰ চেষ্টা কৰিছিলোঁ। পত্নীৰ অত্যাচাৰত এতিয়া মই ইমানেই ভাগৰুৱা হৈ পৰিছো যে মোৰ মৃত্যুৰ বাহিৰে আন কোনো বিকল্প বাকী নাথাকিল।’’ আইন-শৃংখলাৰো ওপৰত প্ৰশ্ন উত্থাপন কৰি পুৰুষৰ সুৰক্ষাৰ বাবে আইন প্ৰণয়নৰ কথা কয় মানৱে।

মানৱে কয়, ‘‘দেউতা ছ’ৰী, মা ছ’ৰী, ভণ্টী ছ’ৰী... এতিয়া মই বিদায় লবলৈ ওলাইছো।’’ পুৰুষক সুৰক্ষা দিবলৈ আইনৰ প্ৰয়োজন। অনুগ্ৰহ কৰি কোনোবাই পুৰুষৰ কথা কওক, তেওঁলোক বৰ অকলশৰীয়া হৈ পৰে। মোৰ মৃত্যুৰ বাবে মোৰ মাক-দেউতাক কোনেও অশান্তি নকৰিব।

মানৱ শৰ্মাৰ পিতৃয়ে কয় যে, মানৱৰ বিবাহ ২০২৪ বৰ্ষৰ ৩০ জানুৱাৰীত হৈছিল। চাকৰিৰ কাৰণে মানৱে মুম্বাইলৈ বোৱাৰীক লগত লৈ গৈছিল। কিন্তু বোৱাৰীয়ে মোৰ পুত্ৰৰ লগত প্ৰতিদিনে কাজিয়া কৰিছিল। কেৱল এয়াই নহয়, আমাৰ পৰিয়ালটোক ভুৱা গোচৰত জড়িত কৰাৰ ভাবুকিও দিছিল। বোৱাৰীৰ কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কও আছিল। ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে মানৱ পত্নীৰ সৈতে মুম্বাইৰ পৰা ঘৰলৈ আহিছিল, ঘূৰি অহাৰ লগে লগে বোৱাৰী মাতৃগৃহলৈ গৈছিল।

বোৱাৰীৰ পিতৃ-মাতৃয়ে মানৱক ভাবুকি দিয়াৰো অভিযোগ পিতৃৰ। বোৱাৰীয়ে তেওঁক ইমানেই অত্যাচাৰ কৰিলে যে বিষণ্ণতাত ভুগি মানৱে ২৪ ফেব্ৰুৱাৰীত ফেনত চিপ লৈ আত্মহত্যা কৰে। 

উল্লেখযোগ্য যে মানৱ শৰ্মাৰ ৬.৫৭ মিনিটৰ শেষৰ ভিডিঅ’টো অতি হৃদয় বিদাৰক আছিল। মানৱে, ডিঙিত ফাঁচডাল টানকৈ লৈ ভিডিঅ’টো বনাই থাকোঁতে আৱেগিকভাৱে কয় - ‘‘মই গুচি যাম, পুৰুষৰ কথা ভাবিব, পুৰুষৰ কথাও ক’ব লাগে, পুৰুষ বৰ অকলশৰীয়া।’’ ইয়াৰ পিছতেই তেওঁ ডিঙিত চিপ লৈ চিৰজীৱনৰ বাবে এই পৃথিৱীৰ পৰা আঁতৰি যায়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ