--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীৰ অত্যাচাৰ সহিব নোৱাৰি এগৰাকী স্বামীৰ আত্মহত্যা। উত্তৰ প্ৰদেশৰ আগ্ৰাত পত্নীৰ অত্যাচাৰত বিৰক্ত হৈ IT কোম্পানীৰ মেনেজাৰ মানৱ শৰ্মাৰ আত্মহত্যা। মৃত্যুৰ পূৰ্বে ডিঙিত ফাঁচ লগাই কান্দি কান্দি লাইভ ভিডিঅ’ কৰিলে মানৱে। ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টোত মানৱে আত্মহত্যাৰ বাবে নিজ পত্নীক দোষাৰোপ কৰিছে। এই বিষয়ত মৃতকৰ পিতৃয়ে সদৰ থানাত এজাহাৰ দাখিল কৰিছে। 

সমগ্ৰ ঘটনাটো আগ্ৰা জিলাৰ ডিফেন্স কলনীৰ, য’ত আগ্ৰাৰ বাসিন্দা মানৱ শৰ্মাই এটা ডাঙৰ আই টি কোম্পানীত নিযুক্তি মেনেজাৰ হিচাপে কাম কৰি আছিল। ২৪ ফেব্ৰুৱাৰীত চিপ লৈ আত্মহত্যা কৰিছিল মানৱে। 

ভিডিঅ’টোত মানৱ শৰ্মাই কয় যে ‘‘মই ইয়াৰ পূৰ্বেও আত্মহত্যাৰ চেষ্টা কৰিছিলোঁ। পত্নীৰ অত্যাচাৰত এতিয়া মই ইমানেই ভাগৰুৱা হৈ পৰিছো যে মোৰ মৃত্যুৰ বাহিৰে আন কোনো বিকল্প বাকী নাথাকিল।’’ আইন-শৃংখলাৰো ওপৰত প্ৰশ্ন উত্থাপন কৰি পুৰুষৰ সুৰক্ষাৰ বাবে আইন প্ৰণয়নৰ কথা কয় মানৱে।

মানৱে কয়, ‘‘দেউতা ছ’ৰী, মা ছ’ৰী, ভণ্টী ছ’ৰী... এতিয়া মই বিদায় লবলৈ ওলাইছো।’’ পুৰুষক সুৰক্ষা দিবলৈ আইনৰ প্ৰয়োজন। অনুগ্ৰহ কৰি কোনোবাই পুৰুষৰ কথা কওক, তেওঁলোক বৰ অকলশৰীয়া হৈ পৰে। মোৰ মৃত্যুৰ বাবে মোৰ মাক-দেউতাক কোনেও অশান্তি নকৰিব।

মানৱ শৰ্মাৰ পিতৃয়ে কয় যে, মানৱৰ বিবাহ ২০২৪ বৰ্ষৰ ৩০ জানুৱাৰীত হৈছিল। চাকৰিৰ কাৰণে মানৱে মুম্বাইলৈ বোৱাৰীক লগত লৈ গৈছিল। কিন্তু বোৱাৰীয়ে মোৰ পুত্ৰৰ লগত প্ৰতিদিনে কাজিয়া কৰিছিল। কেৱল এয়াই নহয়, আমাৰ পৰিয়ালটোক ভুৱা গোচৰত জড়িত কৰাৰ ভাবুকিও দিছিল। বোৱাৰীৰ কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কও আছিল। ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে মানৱ পত্নীৰ সৈতে মুম্বাইৰ পৰা ঘৰলৈ আহিছিল, ঘূৰি অহাৰ লগে লগে বোৱাৰী মাতৃগৃহলৈ গৈছিল।

বোৱাৰীৰ পিতৃ-মাতৃয়ে মানৱক ভাবুকি দিয়াৰো অভিযোগ পিতৃৰ। বোৱাৰীয়ে তেওঁক ইমানেই অত্যাচাৰ কৰিলে যে বিষণ্ণতাত ভুগি মানৱে ২৪ ফেব্ৰুৱাৰীত ফেনত চিপ লৈ আত্মহত্যা কৰে। 

উল্লেখযোগ্য যে মানৱ শৰ্মাৰ ৬.৫৭ মিনিটৰ শেষৰ ভিডিঅ’টো অতি হৃদয় বিদাৰক আছিল। মানৱে, ডিঙিত ফাঁচডাল টানকৈ লৈ ভিডিঅ’টো বনাই থাকোঁতে আৱেগিকভাৱে কয় - ‘‘মই গুচি যাম, পুৰুষৰ কথা ভাবিব, পুৰুষৰ কথাও ক’ব লাগে, পুৰুষ বৰ অকলশৰীয়া।’’ ইয়াৰ পিছতেই তেওঁ ডিঙিত চিপ লৈ চিৰজীৱনৰ বাবে এই পৃথিৱীৰ পৰা আঁতৰি যায়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু