--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অস্ত্র-শস্ত্ৰ ঘূৰাই দিয়াৰ সময়সীমা উকলি যোৱাৰ আগতে মেইটেইসকলৰ এটা প্রধান সংগঠন আৰাম্বাই টেংগলে বৃহস্পতিবাৰে স্বেচ্ছাই ২৪৬টা অস্ত্ৰ নিৰাপত্তা বাহিনীক গতাই দিয়ে। 

উল্লেখযোগ্য যে মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই যোৱা ২০ ফেব্ৰুৱাৰীত জনসাধাৰণক লুণ্ঠন কৰা অস্ত্ৰসমূহ সাতদিনৰ ভিতৰত গতাই দিবলৈ আহ্বান জনাই কৈছিল যে এই সময়ছোৱাত অস্ত্র জমা দিলে কোনো শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা নহ'ব। 

আনহাতে আৰক্ষীয়ে এটা বিজ্ঞপ্তিত কয় যে চৰমসীমাৰ অন্তিম দিনটোত মণিপুৰত মুঠ ৩০৭টা অস্ত্ৰ জনসাধাৰণে নিৰাপত্তা বাহিনী-আৰক্ষীৰ হাতত গতাই দিয়ে। আনহাতে, হিংসা জৰ্জৰিত মণিপুৰৰ ছখন জিলাত জনসাধাৰণে স্বেচ্ছাই সর্বমুঠ ১০৪টা আগ্নেয়াস্ত্র আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে বৃহস্পতিবাৰে এই কথা জনায়। 

লুণ্ঠন, কৰা আগ্নেয়াস্ত্ৰসমূহ গতাই দিবলৈ প্রশাসনে বান্ধি দিয়া চূড়ান্ত সাত দিন সময় অন্ত পৰিবলৈ এদিন থাকোঁতে বুধবাৰে এই অস্ত্রসমূহ জমা দিয়া হৈছে। ৰাজ্যখনৰ কাংপকপি, পুব ইম্মল, বিষ্ণুপুৰ, থৌবাল, পশ্চিম ইম্মল আৰু কাকচিঙত এই অস্ত্ৰসমূহ গতাই দিয়া হয়।

উৎসঃ দৈনিক জনমভূমি 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক