--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অস্ত্র-শস্ত্ৰ ঘূৰাই দিয়াৰ সময়সীমা উকলি যোৱাৰ আগতে মেইটেইসকলৰ এটা প্রধান সংগঠন আৰাম্বাই টেংগলে বৃহস্পতিবাৰে স্বেচ্ছাই ২৪৬টা অস্ত্ৰ নিৰাপত্তা বাহিনীক গতাই দিয়ে। 

উল্লেখযোগ্য যে মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই যোৱা ২০ ফেব্ৰুৱাৰীত জনসাধাৰণক লুণ্ঠন কৰা অস্ত্ৰসমূহ সাতদিনৰ ভিতৰত গতাই দিবলৈ আহ্বান জনাই কৈছিল যে এই সময়ছোৱাত অস্ত্র জমা দিলে কোনো শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা নহ'ব। 

আনহাতে আৰক্ষীয়ে এটা বিজ্ঞপ্তিত কয় যে চৰমসীমাৰ অন্তিম দিনটোত মণিপুৰত মুঠ ৩০৭টা অস্ত্ৰ জনসাধাৰণে নিৰাপত্তা বাহিনী-আৰক্ষীৰ হাতত গতাই দিয়ে। আনহাতে, হিংসা জৰ্জৰিত মণিপুৰৰ ছখন জিলাত জনসাধাৰণে স্বেচ্ছাই সর্বমুঠ ১০৪টা আগ্নেয়াস্ত্র আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে বৃহস্পতিবাৰে এই কথা জনায়। 

লুণ্ঠন, কৰা আগ্নেয়াস্ত্ৰসমূহ গতাই দিবলৈ প্রশাসনে বান্ধি দিয়া চূড়ান্ত সাত দিন সময় অন্ত পৰিবলৈ এদিন থাকোঁতে বুধবাৰে এই অস্ত্রসমূহ জমা দিয়া হৈছে। ৰাজ্যখনৰ কাংপকপি, পুব ইম্মল, বিষ্ণুপুৰ, থৌবাল, পশ্চিম ইম্মল আৰু কাকচিঙত এই অস্ত্ৰসমূহ গতাই দিয়া হয়।

উৎসঃ দৈনিক জনমভূমি 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ