--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানৱ শৰীৰত গাহৰিৰ হৃদপিণ্ড প্ৰতিস্থাপন দ্বিতীয়বাৰৰ বাবে সফল হৈছে। এইবাৰ প্ৰতিস্থাপনৰ কেন্দ্ৰ হৈছে মেৰিলেণ্ড। আমেৰিকাৰ এই ৰাজ্যত ২০২২ চনত প্ৰথম গাহৰিৰ হৃদপিণ্ড মানৱ শৰীৰত প্ৰতিস্থাপন কৰা হৈছিল। বুধবাৰে চিকিৎসকসকলৰ দ্বিতীয়টো প্ৰচেষ্টাও সফল হয়।

৫৮ বছৰীয়া লৰেন্স ফ’চেটৰ হৃদযন্ত্ৰ প্ৰতিস্থাপন কৰা হৈছে জিনীয়ভাৱে পৰিৱৰ্তিত গাহৰিৰ পৰা। তেওঁৰ ৰক্তবাহী নলীৰ সমস্যা হৈছিল। আভ্যন্তৰীণ ৰক্তক্ষৰণো হৈছিল। পৰিস্থিতি এনে পৰ্যায়ত উপনীত হৈছিল যে যিকোনো মুহূৰ্ততে হৃদৰোগৰ ফলত মৃত্যু অনিবাৰ্য হৈ পৰিছিল। সেয়েহে হৃদযন্ত্ৰ সংৰোপণৰ প্ৰয়োজন হৈ পৰিল।

অস্ত্ৰোপচাৰৰ পিছত তেওঁৰ অৱস্থা ভাল। নতুন হৃদয়ৰ যোগেদিহে দিব্যাই উশাহ ল’ব পাৰে। শ্বাস-প্ৰশ্বাস বজাই ৰাখিবলৈ কোনো বাহ্যিক যন্ত্ৰৰ প্ৰয়োজন হোৱা নাই।

ইউনিভাৰ্চিটি অৱ মেৰিলেণ্ড মেডিকেল চেণ্টাৰত এই অস্ত্ৰোপচাৰ সম্পূৰ্ণ হৈছে। তাতেই প্ৰথমটো ট্ৰান্সপ্লাণ্টো কৰা হৈছিল। ৫৭ বছৰীয়া ডেভিদ বেনেটে লাভ কৰিছিল এক নতুন হৃদয়। দুমাহমান আগতে তেওঁৰ মৃত্যু হৈছিল। তেওঁৰ শৰীৰত বিভিন্ন জটিলতাৰ বাবে তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে। এবছৰ গাহৰিৰ হৃদয় লৈ জীয়াই থাকিল।

মানুহৰ শৰীৰত প্ৰাণীৰ অংগ প্ৰতিস্থাপন কৰাটোক ‘জেন’ট্ৰান্সপ্লাণ্ট’ বোলা হয়। এই ধৰণৰ ট্ৰান্সপ্লাণ্টৰ ক্ষেত্ৰত চিকিৎসকসকলে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়। কাৰণ, ৰোগীৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই এই নতুন অংগটোৰ লগত সহজে খাপ খাব নোৱাৰে। ইয়াৰ পূৰ্বে গাহৰিৰ শৰীৰৰ পৰা মানুহৰ শৰীৰলৈ বৃক্ক সংৰোপণ সফলভাৱে কৰা হৈছে। দ্বিতীয়টো হৃদযন্ত্ৰ সংৰোপণে চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিক স্বীকৃতি দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ