--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভগৱান ক'ত আছে? ছাৰ্বিয়ান আমেৰিকান বিজ্ঞানী আৰু প্ৰযুক্তিবিদ নিকোলা টেছলাই বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটন কৰিবলৈ গৈ ভগৱানৰ সন্ধান কৰে।

টেছলাৰ জন্ম হৈছিল ১৮৫৬ চনত বৰ্তমানৰ ক্ৰ’ৱেচিয়াত। শৈশৱৰ পৰাই তেওঁ বিজ্ঞান, বিশেষকৈ গণিতৰ প্ৰতি আগ্ৰহী আছিল। তেওঁ অভিযান্ত্ৰিক বিষয়ত অধ্যয়ন কৰি গৱেষণাত মনোনিৱেশ কৰিছিল।

১৮৮৪ চনত অষ্ট্ৰিয়াৰ পৰা টেছলা আমেৰিকালৈ গুচি যায়। তাত বিজ্ঞানী থমাছ এডিছনৰ লগত কিছুদিন কাম কৰিছিল। টেছলাৰ নাম ক্ৰমান্বয়ে এডিছনৰ মূল প্ৰতিদ্বন্দ্বী হিচাপে জনপ্ৰিয় হৈ পৰে।

টেছলাই বিজ্ঞানী হিচাপে নিজৰ জীৱনত দীৰ্ঘদিন ধৰি বহুতো নতুন উদ্ভাৱন কৰিছিল। তেওঁৰ নামৰ লগত বহুতো গুৰুত্বপূৰ্ণ, আচৰিত ধৰণৰ আৱিষ্কাৰ জড়িত হৈ আছে। কিন্তু টেছলাৰ জীৱনৰ বহুখিনি সময় ৰহস্যৰে আবৃত।

মূলতঃ টেছলাই বিদ্যুতৰ শক্তিৰ পৰীক্ষা-নিৰীক্ষা কৰিছিল। তাঁৰৰ সহায় অবিহনে বিদ্যুৎ প্ৰেৰণৰ পদ্ধতি উদ্ভাৱন কৰিব বিচাৰিছিল। ইয়াৰ ওপৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাইছিল। তেওঁ চিকিৎসা বিজ্ঞানতো বিদ্যুৎ ব্যৱহাৰ কৰিব বিচাৰিছিল।

বিজ্ঞানী টেছলাৰ নামৰ তিনিটা সংখ্যাৰ সৈতে এক বিশেষ সম্পৰ্ক আছে। ৩, ৬ আৰু ৯—টেছলাই এই তিনিটা সংখ্যাৰে অনুশীলন কৰিছিল। এইবোৰৰ সহায়ত তেওঁ এনেকুৱা কিবা এটা আৱিষ্কাৰ কৰিলে যিয়ে বিজ্ঞানৰ ভেটি কঁপাই তুলিব পাৰে।

টেছলাৰ মৃত্যুৰ পিছত তেওঁৰ কিছুমান ব্যক্তিগত জাৰ্নেল পঢ়া হৈছিল। তাৰ পৰাই গম পোৱা যায় যে টেছলাই প্ৰায়ে বিভিন্ন সমস্যাৰ ওপৰত প্ৰয়োজনতকৈ বেছি সময় কাম কৰিছিল। ৩, ৬ আৰু ৯ ঘূৰি থাকে তাত।

এই অতিৰিক্ত সময়ত টেছলাই মাজে মাজে বহীত তিনিটা নম্বৰ লিখিছিল। পৰ্যবেক্ষকসকলে প্ৰথমতে ভাবিছিল যে তেওঁ এই নম্বৰৰ জৰিয়তে নিজকে জিৰণি ল’বলৈ সোঁৱৰাইছে।

তিনিওটা নম্বৰ টেছলাৰ বাবে কিছু গোপন অৰ্থ আছিল বুলি অনুমান কৰা হৈছে। এই তিনিটা নম্বৰৰ জৰিয়তে তেওঁ বিশ্বব্ৰহ্মাণ্ডৰ গোপন কথাবোৰ উন্মোচন কৰিব বিচাৰিছিল।

কিছুমানৰ মতে টেছলাৰ ৩, ৬, ৯ সংখ্যাবোৰ ফিবোনাচিৰ সংখ্যাৰ ক্ৰমৰ সৈতে জড়িত আছিল। আকৌ বহুতে বিশ্বাস কৰে যে টেছলাই কোনো গোপন উদ্ভাৱনৰ কাম কৰি আছিল। তেওঁৰ সূত্ৰ আছিল ৩, ৬, ৯।

বিজ্ঞানী টেছলাই বিশ্বাস কৰিছিল যে তিনিওটা সংখ্যাৰ অলৌকিক শক্তি আছে। ১৯৩১ চনত দিয়া এক সাক্ষাৎকাৰত তেওঁ কৈছিল, "৩, ৬ আৰু ৯ সংখ্যাৰ শক্তি জানিলে বিশ্বব্ৰহ্মাণ্ডৰ চাবিকাঠি পোৱা যাব।"

বহুতৰ মতে টেছলাৰ তিনিটা নিৰ্দিষ্ট সংখ্যাৰ প্ৰতি আগ্ৰহ কেৱল গাণিতিক কৌতুহল নাছিল। তেওঁ এটা উচ্চস্তৰৰ শক্তিৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল। ৩, ৬, ৯ সংখ্যা তিনিটাৰে সেই শক্তিত উপনীত হ’ব পাৰে।

একাংশ বিশেষজ্ঞৰ মতে, টেছলাই আচলতে ঈশ্বৰৰ কাষ চাপিব বিচাৰিছিল। ঈশ্বৰৰ এই তত্ত্বত বহুতে বিশ্বাস নকৰে। তেওঁলোকে ভাবে যে টেছলাই আচলতে তিনিটা অংকৰ জৰিয়তে শক্তিৰ নতুন উৎস বিচাৰিছিল।

টেছলাই ৩, ৬, ৯ লৈ কি ৰহস্যত উপনীত হ’ব বিচাৰিছিল সেয়া এতিয়া জনা নাযায়। কাৰণ, তেওঁ নিজেই একো প্ৰকাশ কৰা নাছিল। তেওঁ জীৱনকালত নিজৰ আৱিষ্কাৰৰ কথা ক’বলৈ সুযোগ নাপালে।

টেছলাৰ মৃত্যুও ৰহস্যৰ আৱৰণেৰে আবৃত হৈ পৰিছিল। ১৯৪৩ চনৰ ৭ জানুৱাৰীত ৮৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ কাৰণ হিচাপে ক’ৰ’নাৰী থ্ৰম্ব’ছিছৰ উন্মেষ ঘটিছিল। তেওঁৰ হৃদযন্ত্ৰৰ ৰক্তবাহী নলীত তেজ জমা হৈছিল।

শুনা যায় যে টেছলাই শেষ বছৰবোৰত আৰ্থিক অসুবিধাৰ সন্মুখীন হৈছিল। তেওঁ ঋণী হৈ পৰিছিল। নিউয়ৰ্ক চহৰৰ এখন সস্তীয়া হোটেলত আছিল তেওঁ। ঘৰৰ বাহিৰত 'ডু নট ডিষ্টাৰ্ব' চাইনবৰ্ড ওলোমাই থোৱা আছিল।

একেৰাহে দুদিন ধৰি ঘৰৰ পৰা কোনো সঁহাৰি নোপোৱাৰ পিছত হোটেলৰ এজন কৰ্মচাৰীয়ে নিৰ্দেশনাক আওকাণ কৰি দুৱাৰ ভাঙি পেলায়। ভিতৰৰ পৰা উদ্ধাৰ হৈছে বিজ্ঞানীজনৰ নিথৰ মৃতদেহ। টেছলাই নিজৰ অগণন উদ্ভাৱন, ৩, ৬, ৯ ৰ গোপনীয়তা লৈ চিৰন্তন টোপনিৰ দেশলৈ পাৰ হৈ গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু