--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিছু দিনৰ পৰা ‘ডিজিটেল এৰেষ্ট’ বিষয়টোৱে চৰ্চা লাভ কৰি আহিছে৷ এই পৰ্যন্ত ডিজিটেল এৰেষ্টৰ বহু কেইটা ঘটানা পোহৰলৈ আহিছিল৷ শেহতীয়াকৈ বেংগালুৰুৰ এগৰাকী মহিলাক ১১ দিনলৈ ‘ডিজিটেল এৰেষ্ট’ কৰি ৰখাৰ খবৰ পোহৰলৈ আহিছে। ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ কৰি  ম’ক জেৰা অব্যাহত ৰাখিছিল।পৰিস্থিতিৰ কৱলত মহিলাগৰাকীয়ে প্ৰৱঞ্চকসকলে বিচৰা ধৰণে ধন পৰিশোধ কৰিবলৈ তিনিটা ফিক্সড ডিপ’জিটৰ ধন দিব লগীয়া হয়। প্ৰৱঞ্চকে মহিলা গৰাকীৰ পৰা  পৰা ৩০ লাখ টকা চুৰি কৰি লৈ যায়।

ঘটনাক্ৰম অনুসৰি ৩ ডিচেম্বৰৰ পৰা সূত্ৰপাত হৈছিল এই ঘটনাৰ। প্ৰথমে ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটিৰ এজন বিষয়াৰ নামত। ইয়াৰ পিছত মুম্বাই আৰক্ষী বিষয়াজনৰ পৰিচয়ত। তৃতীয়বাৰৰ  চিবিআইৰ বিষয়া বুলি পৰিচয় দি ভডিঅ’ কল কৰে প্ৰৱঞ্চকে

প্ৰথমতে ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটিৰ বিষয়া গৰাকীয়ে জনাইছিল যে মহিলাগৰাকীৰ নামত মুম্বাইত এফআইআৰ পঞ্জীয়ন কৰা হৈছে। তেওঁৰ নামত চিম কাৰ্ড ব্যৱহাৰ কৰি আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰা হৈছে। দ্বিতীয়বাৰ মুম্বাইৰ পন্থনগৰ থানাৰ এজন উপ-পৰিদৰ্শকৰ পৰিচয় দি তেওঁক ঘণ্টাৰ পিছত ঘণ্টা ধৰি জেৰা কৰা হৈছিল। ইয়াৰ পিছত পাঁচ ঘণ্টাৰ ভিতৰত মুম্বাইৰ সেই থানাত ৰিপৰ্ট দিব লাগিব বুলি কোৱা হয়৷ সন্মতি নিদিয়াৰ বাবে প্ৰৱঞ্চকসকলে মহিলাগৰাকীক ‘ডিজিটেল এৰেষ্ট’ কৰে। গিৰিয়েক বা শহুৰেকেও এই ঘটনাৰ বিষয়ে গম পোৱা নাছিল বুলি সদৰি কৰিছিল।

ইয়াৰ পিছতে চিবিআইৰ এচিপিয়ে মহিলাগৰাকীক প্ৰৱঞ্চনামূলক ভিডিঅ’ কল কৰে। আৰ্থিক দুৰ্নীতিৰ ভুৱা গোচৰত তেওঁক পাঁচ ঘণ্টা ধৰি জেৰা কৰা বুলি অভিযোগ উঠিছে। শেষত তেওঁক তথ্য পৰীক্ষা কৰিবলৈ ধন পঠিয়াবলৈ কোৱা হয়। মহিলাগৰাকীয়ে প্ৰথমে ৯৯ হাজাৰ টকা পঠিয়াইছিল। ইয়াৰ পিছত প্ৰৱঞ্চকৰ দাবী পূৰণৰ বাবে তেওঁ নিজৰ তিনিটা ফিক্সড ডিপজিটৰ ধন ক্ৰমে ১০ লাখ, ৯ লাখ আৰু ৮.৫ লাখ টকা প্ৰৱঞ্চকক দিবলৈ বাধ্য হয়৷ ইয়াৰ পিছৰ পৰা মহিলাগৰাকীয়ে ভুৱা বিষয়াৰ সৈতে যোগাযোগ কৰিব নোৱাৰি তেওঁক প্ৰতাৰণা কৰা বুলি উপলব্ধি কৰি বাংগালুৰুৰ মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। 

অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। শেহতীয়াকৈ বাংগালুৰুৰ এজন চফটৱেৰ ইঞ্জিনিয়াৰো প্ৰৱঞ্চকৰ জালত পৰা বুলি জানিব পৰা গৈছে। সেইদৰে ডিজিটেল এৰেষ্টৰ ভাবুকি দি প্ৰৱঞ্চকসকলে ১১ কোটি ৮০ লাখ টকা চুৰি কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement