--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিছু দিনৰ পৰা ‘ডিজিটেল এৰেষ্ট’ বিষয়টোৱে চৰ্চা লাভ কৰি আহিছে৷ এই পৰ্যন্ত ডিজিটেল এৰেষ্টৰ বহু কেইটা ঘটানা পোহৰলৈ আহিছিল৷ শেহতীয়াকৈ বেংগালুৰুৰ এগৰাকী মহিলাক ১১ দিনলৈ ‘ডিজিটেল এৰেষ্ট’ কৰি ৰখাৰ খবৰ পোহৰলৈ আহিছে। ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ কৰি  ম’ক জেৰা অব্যাহত ৰাখিছিল।পৰিস্থিতিৰ কৱলত মহিলাগৰাকীয়ে প্ৰৱঞ্চকসকলে বিচৰা ধৰণে ধন পৰিশোধ কৰিবলৈ তিনিটা ফিক্সড ডিপ’জিটৰ ধন দিব লগীয়া হয়। প্ৰৱঞ্চকে মহিলা গৰাকীৰ পৰা  পৰা ৩০ লাখ টকা চুৰি কৰি লৈ যায়।

ঘটনাক্ৰম অনুসৰি ৩ ডিচেম্বৰৰ পৰা সূত্ৰপাত হৈছিল এই ঘটনাৰ। প্ৰথমে ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটিৰ এজন বিষয়াৰ নামত। ইয়াৰ পিছত মুম্বাই আৰক্ষী বিষয়াজনৰ পৰিচয়ত। তৃতীয়বাৰৰ  চিবিআইৰ বিষয়া বুলি পৰিচয় দি ভডিঅ’ কল কৰে প্ৰৱঞ্চকে

প্ৰথমতে ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটিৰ বিষয়া গৰাকীয়ে জনাইছিল যে মহিলাগৰাকীৰ নামত মুম্বাইত এফআইআৰ পঞ্জীয়ন কৰা হৈছে। তেওঁৰ নামত চিম কাৰ্ড ব্যৱহাৰ কৰি আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰা হৈছে। দ্বিতীয়বাৰ মুম্বাইৰ পন্থনগৰ থানাৰ এজন উপ-পৰিদৰ্শকৰ পৰিচয় দি তেওঁক ঘণ্টাৰ পিছত ঘণ্টা ধৰি জেৰা কৰা হৈছিল। ইয়াৰ পিছত পাঁচ ঘণ্টাৰ ভিতৰত মুম্বাইৰ সেই থানাত ৰিপৰ্ট দিব লাগিব বুলি কোৱা হয়৷ সন্মতি নিদিয়াৰ বাবে প্ৰৱঞ্চকসকলে মহিলাগৰাকীক ‘ডিজিটেল এৰেষ্ট’ কৰে। গিৰিয়েক বা শহুৰেকেও এই ঘটনাৰ বিষয়ে গম পোৱা নাছিল বুলি সদৰি কৰিছিল।

ইয়াৰ পিছতে চিবিআইৰ এচিপিয়ে মহিলাগৰাকীক প্ৰৱঞ্চনামূলক ভিডিঅ’ কল কৰে। আৰ্থিক দুৰ্নীতিৰ ভুৱা গোচৰত তেওঁক পাঁচ ঘণ্টা ধৰি জেৰা কৰা বুলি অভিযোগ উঠিছে। শেষত তেওঁক তথ্য পৰীক্ষা কৰিবলৈ ধন পঠিয়াবলৈ কোৱা হয়। মহিলাগৰাকীয়ে প্ৰথমে ৯৯ হাজাৰ টকা পঠিয়াইছিল। ইয়াৰ পিছত প্ৰৱঞ্চকৰ দাবী পূৰণৰ বাবে তেওঁ নিজৰ তিনিটা ফিক্সড ডিপজিটৰ ধন ক্ৰমে ১০ লাখ, ৯ লাখ আৰু ৮.৫ লাখ টকা প্ৰৱঞ্চকক দিবলৈ বাধ্য হয়৷ ইয়াৰ পিছৰ পৰা মহিলাগৰাকীয়ে ভুৱা বিষয়াৰ সৈতে যোগাযোগ কৰিব নোৱাৰি তেওঁক প্ৰতাৰণা কৰা বুলি উপলব্ধি কৰি বাংগালুৰুৰ মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। 

অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। শেহতীয়াকৈ বাংগালুৰুৰ এজন চফটৱেৰ ইঞ্জিনিয়াৰো প্ৰৱঞ্চকৰ জালত পৰা বুলি জানিব পৰা গৈছে। সেইদৰে ডিজিটেল এৰেষ্টৰ ভাবুকি দি প্ৰৱঞ্চকসকলে ১১ কোটি ৮০ লাখ টকা চুৰি কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু