--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ চুৰাটত ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী মহিলা আৰু এজন পুৰুষক। অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে চিকিৎসকৰ ৰূপ লৈ ৰোগীৰ চিকিৎসা কৰিছিল। মহিলাগৰাকীয়ে দ্বাদশ শ্ৰেণীলৈকে পঢ়িছে, আনহাতে পুৰুষজনে দশম শ্ৰেণীলৈকে পঢ়িছে। দুয়োৰে বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি ব্যৱস্থা আৰম্ভ কৰিছে। বৰ্তমান আৰক্ষীয়ে দুয়োৰে পৰা কোনো ধৰণৰ চিকিৎসাৰ ডিগ্ৰী লাভ কৰা নাই।

তথ্য অনুসৰি চুৰাটৰ উমৰা আৰক্ষী থানাই এই ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে চিকিৎসকৰ ৰূপ লৈ মানুহক চিকিৎসা কৰা এজন পুৰুষ আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ডিচিপি বিজয় সিং গুৰজাৰে কয় যে ধৃত অভিযুক্তৰ নাম প্ৰয়াগ ৰামচন্দ্ৰ প্ৰসাদ আৰু ললিতা কৃপা শংকৰ সিং। মহিলাগৰাকীয়ে দ্বাদশ শ্ৰেণীলৈকে পঢ়া-শুনা কৰিছে আৰু প্ৰয়াগ ৰামচন্দ্ৰ প্ৰসাদে দশম শ্ৰেণীলৈকে পঢ়িছে।

এই দুয়োজন ভুৱা ডাক্তৰে আগতে এলোপেথিক ঔষধেৰে মানুহক চিকিৎসা কৰিছিল। দুয়োজনে এখন ক্লিনিক খুলিছিল য’ৰ পৰা এলোপেথিক ঔষধ উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে দুয়োৰে পৰা চিকিৎসাৰ প্ৰমাণ পত্ৰ বিচৰাত কোনো প্ৰমাণ পত্ৰ বিচাৰি নাপালে। চুৰাটৰ উমৰা আৰক্ষী থানাৰ লগতে স্বাস্থ্য বিভাগৰ দলটোৱে দুয়োকে গ্ৰেপ্তাৰ কৰি অধিক তদন্ত আৰম্ভ কৰিছে।

তেওঁলোকে কিমান বছৰ ধৰি চুৰাটত ডাক্তৰ হিচাপে প্ৰেকটিছ কৰি আছিল, সেয়া বৰ্তমান জানিব পৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ