--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ চুৰাটত ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী মহিলা আৰু এজন পুৰুষক। অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে চিকিৎসকৰ ৰূপ লৈ ৰোগীৰ চিকিৎসা কৰিছিল। মহিলাগৰাকীয়ে দ্বাদশ শ্ৰেণীলৈকে পঢ়িছে, আনহাতে পুৰুষজনে দশম শ্ৰেণীলৈকে পঢ়িছে। দুয়োৰে বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি ব্যৱস্থা আৰম্ভ কৰিছে। বৰ্তমান আৰক্ষীয়ে দুয়োৰে পৰা কোনো ধৰণৰ চিকিৎসাৰ ডিগ্ৰী লাভ কৰা নাই।

তথ্য অনুসৰি চুৰাটৰ উমৰা আৰক্ষী থানাই এই ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে চিকিৎসকৰ ৰূপ লৈ মানুহক চিকিৎসা কৰা এজন পুৰুষ আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ডিচিপি বিজয় সিং গুৰজাৰে কয় যে ধৃত অভিযুক্তৰ নাম প্ৰয়াগ ৰামচন্দ্ৰ প্ৰসাদ আৰু ললিতা কৃপা শংকৰ সিং। মহিলাগৰাকীয়ে দ্বাদশ শ্ৰেণীলৈকে পঢ়া-শুনা কৰিছে আৰু প্ৰয়াগ ৰামচন্দ্ৰ প্ৰসাদে দশম শ্ৰেণীলৈকে পঢ়িছে।

এই দুয়োজন ভুৱা ডাক্তৰে আগতে এলোপেথিক ঔষধেৰে মানুহক চিকিৎসা কৰিছিল। দুয়োজনে এখন ক্লিনিক খুলিছিল য’ৰ পৰা এলোপেথিক ঔষধ উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে দুয়োৰে পৰা চিকিৎসাৰ প্ৰমাণ পত্ৰ বিচৰাত কোনো প্ৰমাণ পত্ৰ বিচাৰি নাপালে। চুৰাটৰ উমৰা আৰক্ষী থানাৰ লগতে স্বাস্থ্য বিভাগৰ দলটোৱে দুয়োকে গ্ৰেপ্তাৰ কৰি অধিক তদন্ত আৰম্ভ কৰিছে।

তেওঁলোকে কিমান বছৰ ধৰি চুৰাটত ডাক্তৰ হিচাপে প্ৰেকটিছ কৰি আছিল, সেয়া বৰ্তমান জানিব পৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু