--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ পুনেৰ স্বৰ্গগেট বাছ ষ্টেণ্ডত ৰখাই থোৱা এখন পৌৰসভাৰ বাছত সংঘটিত হয় ২৬ বছৰীয়া এগৰাকী মহিলাক ধৰ্ষণৰ ঘটনা । পুৱা প্ৰায় ১.৩০ বজাত পুনে আৰক্ষীয়ে নিজ গাঁও শ্বিৰুৰৰ কুঁহিয়াৰ পথাৰত গ্ৰেপ্তাৰ কৰে অভিযুক্ত দত্তত্ৰেয় গাডেক। পুনে চহৰৰ ডিচিপি ক্ৰাইম নিখিল পিংগলেৰ মতে, অভিযুক্তই যোৱা দুদিন ধৰি নিজৰ গাঁৱত আত্মগোপন কৰি আছিল। এই গোচৰৰ তদন্তৰ বাবে আৰক্ষীয়ে ১৩টা দল গঠন কৰে। অভিযুক্তক বিচাৰি উলিয়ালে এক লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰা হয়। 

পুনে ধৰ্ষণ গোচৰৰ অভিযুক্ত দত্তত্ৰেয় ৰামদাস গাডে মঙলবাৰৰ ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে। পুৱা প্ৰায় ৫.৩০ বজাত স্বৰ্গগেট বাছ ষ্টেণ্ডত ৰখাই থোৱা ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ ভিতৰত ২৬ বছৰীয়া এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

ইয়াৰ পূৰ্বে ধৰ্ষণৰ অভিযুক্তই বাছখনৰ বাবে অপেক্ষা কৰি থকা মহিলাগৰাকীক ৰৈ থকা বাছখন আন ঠাইত ৰখাই থোৱা বুলি কৈ নিৰ্জন বাছত বহিবলৈ বাধ্য কৰাইছিল। ইয়াৰ পিছত বাছ ষ্টেণ্ডৰ মাজত ৰখাই থোৱা বাছখনৰ ভিতৰতে ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ অভিযোগ। 

অভিযুক্তৰ জন্ম গাঁও গুনাটৰ কুঁহিয়াৰ খেতিত পুনে আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে সন্দেহ কৰিছিল যে তেওঁ আত্মগোপন কৰি আছে। বৃহস্পতিবাৰে জ্যেষ্ঠ বিষয়াকে ধৰি ১০০ৰো অধিক আৰক্ষীয়ে এই অভিযান চলাবলৈ গুনাটত উপস্থিত হয়, য’ত ড্ৰ’ন ব্যৱহাৰ কৰি পথাৰসমূহৰ আকাশী চিত্ৰগ্ৰহণ কৰা হয়।

পুনে আৰক্ষীয়ে শুকুৰবাৰে দত্তাত্ৰে গাড়েক আটক কৰে । 

অভিযুক্ত কুঁহিয়াৰ খেতিত লুকাই থকাৰ তথ্য লাভ কৰাৰ পাচতে আৰক্ষীয়ে উক্ত স্থানত তালাচী অভিযান চলায় । আৰক্ষী উপায়ুক্ত স্মাৰতানা পাটিলে কয়, "আৰক্ষীয়ে তথ্য লাভ কৰে যে অভিযুক্তই তেওঁৰ গাঁৱতে লুকাই আছে । সেই তথ্যৰ ওপৰত ভিত্তি কৰি তালাচী চলোৱাৰ পিছত অভিযুক্তক আটক কৰি জিম্মাত লোৱা হয় ।"

ইয়াৰ উপৰিও পুনেৰ মূল প্ৰৱেশ আৰু প্ৰস্থান পইণ্টৰ লগতে গুৰুত্বপূৰ্ণ বাছ ষ্টেণ্ড আৰু ৰেল ষ্টেচনত আৰক্ষীয়ে নিৰাপত্তা বৃদ্ধি কৰিছে। ধৰ্ষণৰ অভিযুক্তৰ অৱস্থা সম্পৰ্কে যিকোনো ব্যক্তিয়ে তথ্য প্ৰদান কৰিলেও এক লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হয়। আৰক্ষীৰ মতে, তেওঁৰ ধৰ্ষণৰ অভিযোগত অভিযুক্তৰ বিৰুদ্ধে পুনে আৰু কাষৰীয়া অহিল্যানগৰ জিলাত চুৰি, ডকাইতি আৰু চেইন টনাকে ধৰি কেইবাটাও অপৰাধমূলক গোচৰ ৰুজু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ