--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ পুনেৰ স্বৰ্গগেট বাছ ষ্টেণ্ডত ৰখাই থোৱা এখন পৌৰসভাৰ বাছত সংঘটিত হয় ২৬ বছৰীয়া এগৰাকী মহিলাক ধৰ্ষণৰ ঘটনা । পুৱা প্ৰায় ১.৩০ বজাত পুনে আৰক্ষীয়ে নিজ গাঁও শ্বিৰুৰৰ কুঁহিয়াৰ পথাৰত গ্ৰেপ্তাৰ কৰে অভিযুক্ত দত্তত্ৰেয় গাডেক। পুনে চহৰৰ ডিচিপি ক্ৰাইম নিখিল পিংগলেৰ মতে, অভিযুক্তই যোৱা দুদিন ধৰি নিজৰ গাঁৱত আত্মগোপন কৰি আছিল। এই গোচৰৰ তদন্তৰ বাবে আৰক্ষীয়ে ১৩টা দল গঠন কৰে। অভিযুক্তক বিচাৰি উলিয়ালে এক লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰা হয়। 

পুনে ধৰ্ষণ গোচৰৰ অভিযুক্ত দত্তত্ৰেয় ৰামদাস গাডে মঙলবাৰৰ ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে। পুৱা প্ৰায় ৫.৩০ বজাত স্বৰ্গগেট বাছ ষ্টেণ্ডত ৰখাই থোৱা ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ ভিতৰত ২৬ বছৰীয়া এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

ইয়াৰ পূৰ্বে ধৰ্ষণৰ অভিযুক্তই বাছখনৰ বাবে অপেক্ষা কৰি থকা মহিলাগৰাকীক ৰৈ থকা বাছখন আন ঠাইত ৰখাই থোৱা বুলি কৈ নিৰ্জন বাছত বহিবলৈ বাধ্য কৰাইছিল। ইয়াৰ পিছত বাছ ষ্টেণ্ডৰ মাজত ৰখাই থোৱা বাছখনৰ ভিতৰতে ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ অভিযোগ। 

অভিযুক্তৰ জন্ম গাঁও গুনাটৰ কুঁহিয়াৰ খেতিত পুনে আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে সন্দেহ কৰিছিল যে তেওঁ আত্মগোপন কৰি আছে। বৃহস্পতিবাৰে জ্যেষ্ঠ বিষয়াকে ধৰি ১০০ৰো অধিক আৰক্ষীয়ে এই অভিযান চলাবলৈ গুনাটত উপস্থিত হয়, য’ত ড্ৰ’ন ব্যৱহাৰ কৰি পথাৰসমূহৰ আকাশী চিত্ৰগ্ৰহণ কৰা হয়।

পুনে আৰক্ষীয়ে শুকুৰবাৰে দত্তাত্ৰে গাড়েক আটক কৰে । 

অভিযুক্ত কুঁহিয়াৰ খেতিত লুকাই থকাৰ তথ্য লাভ কৰাৰ পাচতে আৰক্ষীয়ে উক্ত স্থানত তালাচী অভিযান চলায় । আৰক্ষী উপায়ুক্ত স্মাৰতানা পাটিলে কয়, "আৰক্ষীয়ে তথ্য লাভ কৰে যে অভিযুক্তই তেওঁৰ গাঁৱতে লুকাই আছে । সেই তথ্যৰ ওপৰত ভিত্তি কৰি তালাচী চলোৱাৰ পিছত অভিযুক্তক আটক কৰি জিম্মাত লোৱা হয় ।"

ইয়াৰ উপৰিও পুনেৰ মূল প্ৰৱেশ আৰু প্ৰস্থান পইণ্টৰ লগতে গুৰুত্বপূৰ্ণ বাছ ষ্টেণ্ড আৰু ৰেল ষ্টেচনত আৰক্ষীয়ে নিৰাপত্তা বৃদ্ধি কৰিছে। ধৰ্ষণৰ অভিযুক্তৰ অৱস্থা সম্পৰ্কে যিকোনো ব্যক্তিয়ে তথ্য প্ৰদান কৰিলেও এক লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হয়। আৰক্ষীৰ মতে, তেওঁৰ ধৰ্ষণৰ অভিযোগত অভিযুক্তৰ বিৰুদ্ধে পুনে আৰু কাষৰীয়া অহিল্যানগৰ জিলাত চুৰি, ডকাইতি আৰু চেইন টনাকে ধৰি কেইবাটাও অপৰাধমূলক গোচৰ ৰুজু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু