--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুষ্পা-২ৰ প্ৰিমিয়াৰৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈ এগৰাকী মহিলা নিহত হোৱাৰ লগতে এটি শিশু আঘাট প্ৰাপ্ত হৈ সংকটজনক অৱস্থাত দীৰ্ঘসময় ধৰি চিকিৎসালয়ত ভৰ্তি হৈ থাকিব লগা হয়। বৰ্তামান শিশুটি সুস্থ অৱস্থালৈ অহাত এতিয়া পৰিয়ালেও স্বস্তিৰ নিশ্বাস লৈছে।শিশুটিৰ চেতনা ঘূৰি অহাৰ পাছতে আল্লু অৰ্জুনৰ পিতৃ আল্লু অৰবিন্দে আঘাট প্ৰাপ্ত শিশুটিক সাক্ষৎ কৰে।

শিশুটিক সাক্ষাৎ কৰি চলচ্চিত্ৰ নিৰ্মাতা তথা অভিনেতা আল্লু অৰ্জুনৰ পিতৃ আল্লু অৰবিন্দে কয় যে, ‘চিকিৎসকৰ সৈতে কথা পতাৰ পিছত ল’ৰাটো সুস্থ বুলি জানি বহুত আনন্দিত হৈছো বুলি উল্লেখ কৰে।

চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে লগতে কয় যে শিশুটি লগতে পৰিয়ালটোৰ ভৰণপোষণৰ বাবে ২ কোটি টকা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে। আল্লু অৰ্জুনে এক কোটি টকা আৰু প্ৰযোজকে ৫০ লাখ টকা, পৰিচালকে ৫০ লাখ টকা। ইতিমধ্যে এই ধনৰাশি তেলেংগানা চলচ্চিত্ৰ উন্নয়ন নিগমৰ সভাপতি দিল ৰাজুক গতাই দিয়া হৈছে বুলি সদৰি কৰে।

তেলেংগানা চলচ্চিত্ৰ উন্নয়ন নিগমৰ সভাপতি দিল ৰাজুৱে এই সন্দৰ্ভত মন্তব্য দি কয় যে আজিলৈকে শিশুটিৰ অৱস্থাৰ উন্নতি হোৱা দেখা গৈছে। পুষ্পা-২ৰ নিৰ্মাতা আৰু পৰিচালক সুকুমাৰৰ সৈতে আল্লু অৰ্জুনে আগবঢ়োৱা ২ কোটি টকা শিশুটিৰ লগতে পৰিয়ালৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি সদৰি কৰে। 

কাইলৈ ​​চলচ্চিত্ৰ জগতৰ সদস্যসকলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে।  দিল ৰাজুৱে  তেওঁক মুখ্যমন্ত্ৰীয়ে চলচ্চিত্ৰ উদ্যোগ আৰু চৰকাৰৰ মাজত সেতু হিচাপে কাম কৰাৰ দায়িত্ব প্ৰদান কৰিছে বুলি সদৰি কৰিছে।

প্ৰসংগক্ৰমে অনাকাংক্ষিতভাৱে সমস্যাই ঘেৰি ধৰাৰ পাছতো পুষ্পা-২ৰ বক্স অফিচৰ সফলতাই আকশ চুবলৈ সক্ষম হৈছে। ইতিমধ্যে এই ছবিখনে বহুকেইটা অভিলেখ ভংগ কৰিছে। এই পৰ্যন্ত ছবিখনে বিশ্বজুৰি ১৬০০ কোটিৰো অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ