--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কে জি এফ ছবিৰ জৰিয়তে সমগ্ৰ ভাৰত জুৰি জনপ্ৰিয়তাৰ শীৰ্ষত উপনিত হোৱা কানাড়া চিনেমাৰ জনিপ্ৰিয় অভিনেতা যশ এতিয়া ভাৰতীয় চিনেমাৰ আটাইতকৈ দামী খলনায়ক হিচাপে পৰিগণিত হৈছে। শেহতীয়া খবৰ অনুসৰি অভিনেতা গৰাকীয়ে পৰৱৰ্তী ছবিৰ বাবে লোৱা মাচুল ভাৰতীয় অভিনেতাসকলে গ্ৰহণ কৰা মাচুলতকৈ অধিক। 

অভিনেতাগৰাকীয়ে পৰৱৰ্তী ছবি ৰামায়ণৰ বাবে ২০০ কোটি টকা মাচুল গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে৷ ইয়াৰ উপৰিও ছবিখনৰ বিতৰণতো অভিনেতাগৰাকীৰ অংশীদাৰিত্ব থাকিব বুলি জনাইছে। অভিনেতা গৰাকীয়ে ৰামায়ণত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰাৰ বাবদত এই বৃহৎ অংকৰ মাচুল গ্ৰহণ কৰিছে।

অভন্তা গৰাকীয়ে গ্ৰহণ কৰা ২০০ কোটি টকাৰ মাচুল ভাৰতীয় চিনেমাৰ যিকোনো অভিনেতাৰ মাচুলতকৈ বহু বেছি।ছবিখনত ৰামৰ চৰিত্ৰত অভিনয় কৰা ৰণবীৰ কাপুৰেও এনে বৃহৎ আংকৰ মাচুল লাভ কৰা নাই।শ্বাহৰুখ খান, প্ৰভাস, ছলমান খানৰ দৰে সুপৰিচিত তাৰকাৰ মাচুলো প্ৰায় ১৫০-১৬০ কোটি টকা হোৱাৰ বিপৰীতে যশৰ মাচুলে সকলোকে পিছ পেলাই গৈছে।

যদি কেৱল খলনায়কৰ চৰিত্ৰত অভিনয় কৰা বাবে আটাইতকৈ বেছি মাচুল লোৱা অভিনেতাৰ কথা কোৱা হয় তেন্তে যশৰ আগত কমল হাছানে বৃহৎ আংকৰ মাননি লৈছিল। কমল হাছানে ২৮৯৮ খ্ৰীষ্টাব্দ-কল্কিৰ ছবি খনৰ বাবে প্ৰায় ৪০ কোটি টকা আদায় কৰিছিল। এইদৰে তেওঁ আটাইতকৈ দামী খলনায়ক হিচাপে পৰিগণিত হৈছিল। কিন্তু যশে ৰামায়ন ছবিখনৰ বাবে ৰাৱনৰ চৰিত্ৰত অভিনয়ৰ বাবে ২০০ কোটিৰ মাননি গ্ৰহণ কৰি আটাইতকৈ দামী খলনায়ক হিচাপে পৰিগণিত হৈছে৷ যশ নামেৰে পৰিছিত জনপ্ৰিয় অভনেতী গৰাকীৰ প্ৰকৃত নাম নবীন কুমাৰ গৌড়া। অভিনেতাগৰাকীৰ ৰামায়ণৰ উপৰিও আন এখন ছবি টক্সিকও আহি আছে। টক্সিক ছবিখনত অভিনয় কৰাৰ লগতে ছবিখনৰ প্ৰযোজনাও কৰিছে অভিনেতা গৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ