--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বিগত বৰ্ষৰ পৰাই কৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বজুৰি তাণ্ডৱৰ সৃষ্টি কৰিছে। কৰ’নাৰ দ্বিতীয় ঢৌৰ পৰা দেশৰ নাগৰিকে উপশম নাপাওঁতেই চিন্তাৰ উদ্ৰেগ সৃষ্টি কৰিছে ডেল্টা প্লাছ ভেৰিয়েণ্টে। দেশত নিতৌ নতুন নতুন ক’ভিড প্ৰতিষেধকৰ আমদানি হৈ থকা সত্ত্বেও কৰ’নাক মষিমূৰ কৰিব পৰা নাই। এনে সময়তে কৰ’নাৰ নতুন প্ৰজাতিয়ে আতংকৰ সৃষ্টি কৰিছে। বিশেষজ্ঞসকলৰ মতে কৰ’নাৰ নতুন তিনিটা প্ৰজাতি পোৱা গৈছে।
উল্লেখ্য যে, দেশৰ প্ৰায় ১২খন ৰাজ্যত ডেল্টা প্লাছ প্ৰজাতিৰ উপস্থিতি ধৰা পৰিছে। চৰকাৰী তথ্য অনুসৰি, এই প্ৰজাতিৰ ভাইৰাছত আক্ৰান্ত হৈ এতিয়ালৈকে ৫০জন লোকৰ মৃত্যু ঘটিছে

আৰু পঢ়িব পাৰিব : কোপা আমেৰিকাঃ অপ্ৰতিৰোধ্য আৰ্জেণ্টিনা, মেছিৰ দুই গ’ল

কেন্দ্ৰীয় চৰকাৰে সদৰী কৰা অনুসৰি, কৰ’না ভাইৰাছৰ তিনিটা প্ৰজাতি হৈছে আলফা, বিটা আৰু ডেল্টা। ইয়াৰে আলফা প্ৰজাতিৰ সৰ্বাধিক আক্ৰান্ত হৈছে আমেৰিকাত, বিটা প্ৰজাতিৰ সৰ্বাধিক আক্ৰান্ত হৈছে দক্ষিণ আফ্ৰিকাত, আনহাতে ডেল্টা প্ৰজাতিৰ উপস্থিতি ধৰা পৰিছিল ভাৰতত। যিটো প্ৰজাতি এতিয়ালৈকে সৰ্বাধিক ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে। ডেল্টা প্ৰজাতিয়ে ডেল্টা প্লাছৰ ৰূপ পৰিগ্ৰহ কৰিছে। আশংকাৰ ক’লীয়া ডাৱৰ আঁতৰ নহওঁতেই বিশ্ব স্বাস্থ্য সংস্থাই সাৱধানবাণী প্ৰেৰণ কৰিছে। নতুনকৈ তিনি প্ৰজাতিৰ কৰ’না ভাইৰাছ এতিয়া দেশত বিয়পি পৰিব পাৰে। যিয়ে ভৱিষ্যতে মানৱ জাতিৰ বাবে সন্ত্ৰাসৰ সৃষ্টি কৰিব পাৰে। এই তিনিটা প্ৰজাতি ক্ৰমে কাপ্পা, লামডা আৰু B1.617.3 প্রজাতি বুলি ‘বিশ্ব স্বাস্থ্য সংস্থা’ই জানিবলৈ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ