--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বিগত বৰ্ষৰ পৰাই কৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বজুৰি তাণ্ডৱৰ সৃষ্টি কৰিছে। কৰ’নাৰ দ্বিতীয় ঢৌৰ পৰা দেশৰ নাগৰিকে উপশম নাপাওঁতেই চিন্তাৰ উদ্ৰেগ সৃষ্টি কৰিছে ডেল্টা প্লাছ ভেৰিয়েণ্টে। দেশত নিতৌ নতুন নতুন ক’ভিড প্ৰতিষেধকৰ আমদানি হৈ থকা সত্ত্বেও কৰ’নাক মষিমূৰ কৰিব পৰা নাই। এনে সময়তে কৰ’নাৰ নতুন প্ৰজাতিয়ে আতংকৰ সৃষ্টি কৰিছে। বিশেষজ্ঞসকলৰ মতে কৰ’নাৰ নতুন তিনিটা প্ৰজাতি পোৱা গৈছে।
উল্লেখ্য যে, দেশৰ প্ৰায় ১২খন ৰাজ্যত ডেল্টা প্লাছ প্ৰজাতিৰ উপস্থিতি ধৰা পৰিছে। চৰকাৰী তথ্য অনুসৰি, এই প্ৰজাতিৰ ভাইৰাছত আক্ৰান্ত হৈ এতিয়ালৈকে ৫০জন লোকৰ মৃত্যু ঘটিছে
।

আৰু পঢ়িব পাৰিব : কোপা আমেৰিকাঃ অপ্ৰতিৰোধ্য আৰ্জেণ্টিনা, মেছিৰ দুই গ’ল

কেন্দ্ৰীয় চৰকাৰে সদৰী কৰা অনুসৰি, কৰ’না ভাইৰাছৰ তিনিটা প্ৰজাতি হৈছে আলফা, বিটা আৰু ডেল্টা। ইয়াৰে আলফা প্ৰজাতিৰ সৰ্বাধিক আক্ৰান্ত হৈছে আমেৰিকাত, বিটা প্ৰজাতিৰ সৰ্বাধিক আক্ৰান্ত হৈছে দক্ষিণ আফ্ৰিকাত, আনহাতে ডেল্টা প্ৰজাতিৰ উপস্থিতি ধৰা পৰিছিল ভাৰতত। যিটো প্ৰজাতি এতিয়ালৈকে সৰ্বাধিক ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে। ডেল্টা প্ৰজাতিয়ে ডেল্টা প্লাছৰ ৰূপ পৰিগ্ৰহ কৰিছে। আশংকাৰ ক’লীয়া ডাৱৰ আঁতৰ নহওঁতেই বিশ্ব স্বাস্থ্য সংস্থাই সাৱধানবাণী প্ৰেৰণ কৰিছে। নতুনকৈ তিনি প্ৰজাতিৰ কৰ’না ভাইৰাছ এতিয়া দেশত বিয়পি পৰিব পাৰে। যিয়ে ভৱিষ্যতে মানৱ জাতিৰ বাবে সন্ত্ৰাসৰ সৃষ্টি কৰিব পাৰে। এই তিনিটা প্ৰজাতি ক্ৰমে কাপ্পা, লামডা আৰু B1.617.3 প্রজাতি বুলি ‘বিশ্ব স্বাস্থ্য সংস্থা’ই জানিবলৈ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু