--°C
Loading...
Listen to Article
2 min read
80%

অৰুণাচলঃ অৰুণাচল সীমান্তৰে বুলেট ট্ৰেইনৰ চলাচল আৰম্ভ কৰিব চীনে। তিব্বতৰ ৰাজধানী লাছাৰ পৰা চীনৰ নিংচিৰ মাজত চলাচল কৰিব এই বৈদ্যুতিন বুলেট ট্ৰেইন। ইফালে, বিগত শুকুৰবাৰে বুলেট ট্ৰেইনৰ চলাচল পৰীক্ষা কৰা হৈছে। উল্লেখ্য যে, ১ জুলাইত কমিউনিষ্ট পাৰ্টী অব্ চীনে শতবৰ্ষ পূৰ্ণ কৰিব। সেয়েহে, উত্ত দিনটোতে ছিচুয়ান-তিব্বত ৰে’লৱে আৰম্ভ কৰিব বিচাৰিছে চীন। এই লাছা-নিংচিৰ মুঠ দৈৰ্ঘ্য ৪৩৫.৫ কিঃমিঃ।ভাৰতৰ স্পৰ্শকাতৰ এই সীমান্তৱৰ্তী এলেকাটোৰ প্ৰতি সদাদৃষ্টি নিবদ্ধ হৈ থাকে। চীনৰ আগ্ৰাসী ভূমিকাৰ বাবে সংশ্লিষ্ট এলেকাটোত তীক্ষ্ণ দৃষ্টি ৰাখিছে ভাৰতীয় সেনাবাহিনীয়ে।

আৰু পঢ়িব পাৰিব : কোপা আমেৰিকাঃ অপ্ৰতিৰোধ্য আৰ্জেণ্টিনা, মেছিৰ দুই গ’ল

তেনে প্ৰেক্ষাপটত এই সীমান্তৱৰ্তী এলেকাটোতে বুলেট ট্ৰেইন চলাচলৰ যো-জা চলাইছে জিন পিংয়েৰ দেশে। এই এলেকাটোত চীনৰ এয়া দ্বিতীয়টো ৰে’লপথ। বিগত বৰ্ষৰ নৱেম্বৰ মাহতে ছিয়াচুনৰপৰা নিংচিলৈ নতুন ৰে’লপথটি নিৰ্মাণৰ নিৰ্দেশ দিছিল চীনা ৰাষ্ট্ৰপতিয়ে। অৱশ্যে, সীমান্তৱৰ্তী এলেকাটোৰ সুৰক্ষাৰ কথা নখদৰ্পনত ৰাখিয়েই ৰে’লপথটি নিৰ্মাণৰ নিৰ্দেশ দিয়া বুলি জনাইছিল ৰাষ্ট্ৰপতিয়ে।জানিব পৰা মতে, ছিচুয়ানৰ ৰাজধানী ছেংগদুৰ পৰা এই ৰে’লযাত্ৰা আৰম্ভ কৰিব। অৰুণাচল প্ৰদেশ ৰাজ্যৰ সীমান্তৰ পৰা নিংছিৰ দূৰত্ব মাত্ৰ ৫০কিঃমিঃ। যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই পৰিসেৱা আৰম্ভ কৰা বুলি চীনে সদৰী কৰিছে যদিও প্ৰতিৰক্ষাৰ সৈতে জৰিয়তে কথাবোৰে উদ্বেগ প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ