--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰশান্ত মহাসাগৰৰ বিশালতা, গভীৰতাই বাৰে বাৰে বিজ্ঞানীসকলক আকৰ্ষণ কৰি আহিছে। ইয়াৰ আকাৰ বাকী চাৰিখন মহাসাগৰতকৈ ডাঙৰ। সেয়েহে দুঃসাহসিক অভিযাত্ৰীসকলে ইয়াৰ বুকুত লুকাই থকা গোপনীয়তা বিচাৰি বাৰে বাৰে জঅপিয়াই পৰে।

যোৱা মাহত এনে এটা অন্বেষকৰ দলে প্ৰশান্ত মহাসাগৰক বাছি লৈ অজ্ঞাত গভীৰ সাগৰ অন্বেষণ কৰিছিল। তেওঁলোকে এনেকুৱা কিবা এটা আৱিষ্কাৰ কৰিলে যিটো আগতে কোনেও দেখা নাছিল। প্ৰশান্ত মহাসাগৰৰ তলত সোণালী ৰঙৰ এটা অচিনাক্ত অণ্ডাকাৰ আকৃতিৰ বস্তু দেখা পালে তেওঁলোকে। বস্তুটো এটা ঠাইত স্থিৰ হৈ থাকিলেও বিজ্ঞানীসকলে সন্দেহ কৰে যে সেয়া কোনো অজ্ঞাত প্ৰাণী হ’ব পাৰে।

আমেৰিকাৰ ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডল প্ৰশাসনে (NOAA) প্ৰশান্ত মহাসাগৰ অন্বেষণ কৰিবলৈ এজন গৱেষক আৰু অভিযাত্ৰীক পঠিয়াইছিল। তেওঁলোকৰ মূল লক্ষ্য আছিল আলাস্কা উপসাগৰৰ গভীৰতা অন্বেষণ কৰা আৰু তাত লুকাই থকা গোপনীয়তাসমূহ আৱিষ্কাৰ কৰা। সেই বিজ্ঞানীসকলে সাগৰত প্ৰবাল আৰু স্পঞ্জৰ উপস্থিতি আৰু আগ্নেয়গিৰিৰ উপস্থিতিৰ ওপৰতো কাম কৰি আছে।

আগষ্ট মাহত এন অ’ এ এৰ গৱেষণা দলটোৱে প্ৰশান্ত মহাসাগৰত প্ৰৱেশ কৰে। তেওঁলোকৰ যাত্ৰা আৰম্ভ হৈছিল আলাস্কাৰ উপকূলৰ পৰা। ২৪ দিনীয়া এই অভিযানটো সাগৰৰ চাৰি মাইল গভীৰতালৈ যোৱাৰ পৰিকল্পনা কৰা হৈছিল। ৩০ আগষ্টত আলাস্কাৰ দক্ষিণ উপকূলৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰত্বত সাগৰৰ তলত এই ৰহস্যময় সোণালী ‘কণী’ উদ্ধাৰ কৰে অভিযাত্ৰীসকলে। এই অভিযান লাইভ টেলিকাষ্ট কৰা হৈছিল।

গৱেষকসকলে কয় যে ডিম্বাকৃতিৰ বস্তুটোৰ এটা অংশত মাত্ৰ এটা লিকহে দেখা গৈছে। তাৰ পৰাই তেওঁলোকৰ এটা ধাৰণা হয় যে ই এটা অজ্ঞাত সাগৰীয় প্ৰাণী হ’ব পাৰে। যাৰ কঠিন খোলাটো বাহিৰৰ পৰা দেখা যায়। মিডিয়া গাৰ্ডিয়ানৰ প্ৰতিবেদন অনুসৰি সাগৰৰ এই ৰহস্যময় বস্তুটো কি সেই বিষয়ে জানিবলৈ ইতিমধ্যে পৰীক্ষা-নিৰীক্ষা আৰম্ভ হৈছে। ‘কণী’টোৰ বিশ্লেষণো চলি আছে।

অন্বেষকসকলৰ ডুব যোৱাৰ পৰা প্ৰতিফলিত হোৱা পোহৰৰ বাবেই এই বস্তুটো সোণালী যেন দেখা গৈছিল বুলি বিজ্ঞানীসকলে দাবী কৰিছে। আন বিভিন্ন ছবি পৰীক্ষা কৰাৰ পিছত বিজ্ঞানীসকলৰ সামূহিক সিদ্ধান্ত হ’ল যে বস্তুটোৰ ৰং আচলতে হালধীয়া-বাদামী। প্ৰাথমিক পৰ্যবেক্ষণৰ অন্তত বিজ্ঞানীসকলে কয় যে ডিম্বাকৃতিৰ বস্তুটো ছালৰ কলাৰ দৰে পদাৰ্থৰে গঠিত। অন্ততঃ বাহিৰৰ পৰা দেখাত এনেকুৱাই।

পৰীক্ষাৰ বাবে বস্তুটোৰ লগত ৰিম’ট কণ্ট্ৰ’ল কৰা বাহু এটা সংলগ্ন কৰা হৈছিল। ইয়াৰ লগত এটা নলীও সংযোগ কৰা হয়। এতিয়া ৰহস্যময় ‘কণী’টোক লৈ ব্যস্ততাৰ অন্ত নাই। অণ্ডাকাৰ বস্তুটোৰ ব্যাসৰ চাৰি ইঞ্চি। ই কোনো জনাজাত প্ৰাণীৰ শ্ৰেণীবিভাজনৰ বৈশিষ্ট্যৰ সৈতে মিল নাথাকে। বহুতে কয় যে প্ৰশান্ত মহাসাগৰত নতুন জীৱ-জন্তু আৱিষ্কাৰ হৈছে।

এন অ’ এ এৰ এজন বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে, পৰীক্ষাগাৰলৈ অনা আৰু ভালদৰে পৰ্যবেক্ষণ নকৰিলে বস্তুটোৰ ৰহস্য সম্পূৰ্ণৰূপে প্ৰকাশ কৰাটো সম্ভৱ নহয়। প্ৰশান্ত মহাসাগৰৰ সোণালী ‘কণী’ৰ ৰহস্য সমাধানৰ বাবে বিজ্ঞানী আৰু সামুদ্ৰিক জীৱবিজ্ঞানীসকলৰ পৰামৰ্শ লৈছে এন অ’ এ এয়ে। এই ৰহস্য অতি সোনকালে সমাধান হ’ব বুলি আশাবাদী বিজ্ঞানীসকল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ