--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি হয়তো সৌৰজগতৰ এটা গ্ৰহণৰ এনে  সৌন্দৰ্যৰ কথা আগতে  বিশ্বাসেই কৰিব নোৱাৰিলেহেঁতেন। কিন্তু এতিয়া নাছাই শ্বেয়াৰ কৰা এই ছবি খন চাই আপুনি হয়তো ক’ব যে সৌৰজগতত  সঁচাকৈয়ে ধুনীয়া গ্ৰহ আছে। আমেৰিকাৰ নেচনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন (নাছা)-এ শেহতীয়াকৈ  পোষ্ট কৰা এখন ছবিয়ে বহুতকে  আচৰিত কৰি তুলিছে।

 এই ছবিখন আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ বুধৰ ছবি। গ্ৰহটোক প্ৰদক্ষিণ কৰা প্ৰথম মহাকাশযান মেচেঞ্জাৰে তোলা এই ছবিখন এতিয়া  মানুহৰ মাজত আলোচনাৰ বিষয় হৈ পৰিছে।নাছাই গ্ৰহটোৰ বিষয়ে অধিক বুজাবলৈ ফটোখনৰ সৈতে কিছু কথাও  লিখিছে।নাছাই লিখিছে " চন্দ্ৰতকৈ অলপ ডাঙৰ, বুধ হৈছে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ, আৰু সূৰ্যৰ নিকটতম গ্ৰহ। 
 


 বুধ আটাইতকৈ সৰু গ্ৰহ যদিও  ই খুব দ্ৰুত, ই কক্ষপথত প্ৰতি ছেকেণ্ডত প্ৰায় ২৯  মাইল (৪৭  কিমি) গতিৰে ভ্ৰমণ কৰে। ফলত বুধ গ্ৰহত  পৃথিৱীৰ ৮৮ দিনত এবছৰ হয়।’’
নাছাই লগতে কৈছে যে গ্ৰহটোত বায়ুমণ্ডলৰ পৰিৱৰ্তে পাতল এক্সোস্ফিয়াৰ আছে। 

 উল্লেখ্য বুধ গ্ৰহ  সম্বন্ধে  এতিয়ালৈকে কম তথ্যহে  পোৱা গৈছে। বুধৰ  অভিযানৰ বাবে ১৯৭৪ - ১৯৭৫ চনত মেৰিনাৰ ১০ যান প্ৰেৰণ কৰা হৈছিল।সূৰ্যৰ পৰা বুধ গ্ৰহৰ  গড় দূৰত্ব প্ৰায় ৫,৭৫,৬৪,০০০ কিলোমিটাৰ৷ বুধৰ পৃষ্ঠভাগ শিলাময় আৰু শুকান৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ