--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিৱসাগৰৰ সাই বিকাশ একাডেমীৰ শিক্ষকক ছাত্ৰই শ্ৰেণীকোঠাৰ ভিতৰতে হত্যা কৰাৰ ঘটনাই সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দুৰ্ভাগ্যজনক দিনটোত কি ঘটিছিল শ্ৰেণীকোঠাৰ ভিতৰত? শিশু কল্যাণ সমিতিৰ প্ৰাক্তন সদস্যা দীপালী ভট্টাচাৰ্য্যই কৰা মন্তব্য অনুসৰি দেউতাক ঢুকোৱাৰ বাবে মানসিকভাৱে ভাগি পৰিছিল ছাত্ৰজন।চিকিৎসাজনিত কাৰণত এসপ্তাহ ছুটীত আছিল ছাত্ৰজন। সেই দিনটোত কি ঘটিছিল ? ছাত্ৰজনে কি ভাষ্য দিছিল ? 

অংক শিক্ষকে প্ৰশ্ন সোধাত উত্তৰ দিব পৰা নাছিল ছাত্ৰজনে। ফলত অভিযোগ অনুসৰি  চুলিত ধৰি শ্ৰেণীকোঠাৰ পৰা উলিয়াই দিছিল ছাত্ৰজনক। ছাত্ৰজনে এই বিষয়ত অধ্যক্ষক অৱগত কৰিছিল যদিও কোনো  সঁহাৰি পোৱা নাছিল। ইয়াৰ পিছতে চুৰিখন ভয় খুৱালৈ কিনিছিল বুলি ছাত্ৰজনে প্ৰকাশ কৰিছে। ছাত্ৰজনৰ মানসিক স্থিতি সুস্থিৰ নাছিল ।পিতৃৰ মৃত্যুৰ পাছত ডিব্ৰুগড়ত মনৰোগ বিশেষজ্ঞৰ ওচৰত চিকিৎসাও কৰিব লগা হৈছিল ছাত্ৰজনে।

ঘটনা সংঘটিত হোৱাৰ সময়ৰ ছাত্ৰজনৰ মানসিক দিশটো পৰ্যালোচনা কৰি চোৱা হোৱা নাছিল বুলি শিশু কল্যাণ সমিতিৰ প্ৰাক্তন সদস্যা দীপালী ভট্টাচাৰ্য্যই কয়।ভট্টাচাৰ্য্যই লগতে কয় যে  আমাৰ সমাজে শিশু অধিকাৰৰ কথা নাজানে । শিশু মন:স্তত্ব জনাটো খুবেই প্ৰয়োজন আছে বুলিও তেওঁ উল্লেখ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু