--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিৱসাগৰৰ সাই বিকাশ একাডেমীৰ শিক্ষকক ছাত্ৰই শ্ৰেণীকোঠাৰ ভিতৰতে হত্যা কৰাৰ ঘটনাই সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দুৰ্ভাগ্যজনক দিনটোত কি ঘটিছিল শ্ৰেণীকোঠাৰ ভিতৰত? শিশু কল্যাণ সমিতিৰ প্ৰাক্তন সদস্যা দীপালী ভট্টাচাৰ্য্যই কৰা মন্তব্য অনুসৰি দেউতাক ঢুকোৱাৰ বাবে মানসিকভাৱে ভাগি পৰিছিল ছাত্ৰজন।চিকিৎসাজনিত কাৰণত এসপ্তাহ ছুটীত আছিল ছাত্ৰজন। সেই দিনটোত কি ঘটিছিল ? ছাত্ৰজনে কি ভাষ্য দিছিল ? 

অংক শিক্ষকে প্ৰশ্ন সোধাত উত্তৰ দিব পৰা নাছিল ছাত্ৰজনে। ফলত অভিযোগ অনুসৰি  চুলিত ধৰি শ্ৰেণীকোঠাৰ পৰা উলিয়াই দিছিল ছাত্ৰজনক। ছাত্ৰজনে এই বিষয়ত অধ্যক্ষক অৱগত কৰিছিল যদিও কোনো  সঁহাৰি পোৱা নাছিল। ইয়াৰ পিছতে চুৰিখন ভয় খুৱালৈ কিনিছিল বুলি ছাত্ৰজনে প্ৰকাশ কৰিছে। ছাত্ৰজনৰ মানসিক স্থিতি সুস্থিৰ নাছিল ।পিতৃৰ মৃত্যুৰ পাছত ডিব্ৰুগড়ত মনৰোগ বিশেষজ্ঞৰ ওচৰত চিকিৎসাও কৰিব লগা হৈছিল ছাত্ৰজনে।

ঘটনা সংঘটিত হোৱাৰ সময়ৰ ছাত্ৰজনৰ মানসিক দিশটো পৰ্যালোচনা কৰি চোৱা হোৱা নাছিল বুলি শিশু কল্যাণ সমিতিৰ প্ৰাক্তন সদস্যা দীপালী ভট্টাচাৰ্য্যই কয়।ভট্টাচাৰ্য্যই লগতে কয় যে  আমাৰ সমাজে শিশু অধিকাৰৰ কথা নাজানে । শিশু মন:স্তত্ব জনাটো খুবেই প্ৰয়োজন আছে বুলিও তেওঁ উল্লেখ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ