--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ আৰক্ষীয়ে বুধবাৰে কয় যে মহাকুম্ভত স্নান কৰি থকা মহিলা তীৰ্থযাত্ৰীৰ আপত্তিজনক ভিডিঅ’ পোষ্ট আৰু বিক্ৰীৰ বাবে দুটা ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

ধৰ্মীয় সমাৱেশৰ সৈতে জড়িত বিভ্ৰান্তিকৰ আৰু আপত্তিজনক ছ’চিয়েল মিডিয়া কন্টেন্টৰ বিৰুদ্ধে চলি থকা দমনৰ অংশ হিচাপে উত্তৰ প্ৰদেশ আৰক্ষী অধীক্ষক প্ৰশান্ত কুমাৰৰ নিৰ্দেশত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এক বিবৃতিত আৰক্ষীয়ে জনোৱা মতে, ছ’চিয়েল মিডিয়াৰ নিৰীক্ষণ দলটোৱে কিছুমান প্লেটফৰ্মত মহিলাসকলে গা ধোৱা আৰু কাপোৰ সলনি কৰা ভিডিঅ’ আপলোড কৰা দেখা গৈছে, যিটো তেওঁলোকৰ গোপনীয়তা আৰু মৰ্যাদাৰ স্পষ্ট উলংঘা কৰা হৈছে। ইয়াৰ পিছতে কোটোৱালি কুম্ভ মেলা আৰক্ষী থানাত গোচৰ ৰুজু কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Videos of women bathing at Maha Kumbh for sale at Instagram, Telegram - The  Tribune

১৭ ফেব্ৰুৱাৰীত মহিলা তীৰ্থযাত্ৰীৰ অনুপযুক্ত ভিডিঅ’ পোষ্ট কৰাৰ বাবে ইনষ্টাগ্ৰাম একাউণ্টৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।

আৰক্ষীয়ে জনোৱা মতে, একাউণ্ট অপাৰেটৰক চিনাক্ত কৰিবলৈ ইনষ্টাগ্ৰামৰ স্বত্বাধিকাৰ আৰু পৰিচালক প্ৰযুক্তি গোট মেটাৰ পৰা তথ্য বিচাৰিছে আৰু সবিশেষ লাভ কৰাৰ পিছত গ্ৰেপ্তাৰকে ধৰি ব্যৱস্থা গ্ৰহণ কৰিব।


১৯ ফেব্ৰুৱাৰীত পঞ্জীয়ন হোৱা দ্বিতীয়টো গোচৰত টেলিগ্ৰামৰ এটা চেনেলত একেধৰণৰ ভিডিঅ’ বিক্ৰী কৰা দেখা গৈছিল। বিবৃতিটোত কোৱা হৈছে যে চেনেলটোৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰু অধিক তদন্ত অব্যাহত আছে।

মহাকুম্ভৰ সৈতে জড়িত আপত্তিজনক বিষয়বস্তু বা ভুল তথ্য প্ৰচাৰৰ বাবে ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু