--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত মাহত মহাকুম্ভত পদপিষ্ট হৈ ৩০ লোকৰ মৃত্যু হোৱাৰ বিষয়ত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা মন্তব্যত বুধবাৰে জাঙুৰ খাই উঠিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। 

মুখ্যমন্ত্রী বেনার্জীয়ে উক্ত ঘটনাক কেন্দ্ৰ কৰি মহাকুম্ভ 'মৃত্যুকুম্ভ'লৈ পৰিণত হৈছে বুলি মঙলবাৰে অভিযোগ কৰিছিল। উত্তৰ প্ৰদেশৰ বিধানসভাত খঙত অগ্নিশর্মা হৈ মুখ্যমন্ত্রী যোগীয়ে মমতাৰ মন্তব্যক গৰিহণা দি কয় যে মহাকুম্ভ আৰম্ভ হোৱাৰ পৰা 'সংগম'ত এতিয়ালৈকে ৫৬ কোটি ভক্তই 'পৱিত্ৰ স্নান' কৰিছে আৰু সেইবাবে মুখ্যমন্ত্রী যোগীয়ে মমতাৰ অভিযোগক ভিত্তিহীন বুলি অভিহিত কৰে। 

মমতাই ৫৬ কোটি ভক্তৰ বিশ্বাসৰ সৈতে খেলা কৰিছে বুলি যোগীয়ে অভিযোগ উত্থাপন কৰে। যোগী আদিত্যনাথে বিধানসভাত পদপিষ্ট হৈ মৃত্যু হোৱা ৩০ লোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মহাকুম্ভলৈ অহাৰ পথত মৃত্যু হোৱা তীর্থযাত্রীসকলৰ পৰিয়ালবৰ্গকো সমবেদনা জ্ঞাপন কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক