--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত মাহত মহাকুম্ভত পদপিষ্ট হৈ ৩০ লোকৰ মৃত্যু হোৱাৰ বিষয়ত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা মন্তব্যত বুধবাৰে জাঙুৰ খাই উঠিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। 

মুখ্যমন্ত্রী বেনার্জীয়ে উক্ত ঘটনাক কেন্দ্ৰ কৰি মহাকুম্ভ 'মৃত্যুকুম্ভ'লৈ পৰিণত হৈছে বুলি মঙলবাৰে অভিযোগ কৰিছিল। উত্তৰ প্ৰদেশৰ বিধানসভাত খঙত অগ্নিশর্মা হৈ মুখ্যমন্ত্রী যোগীয়ে মমতাৰ মন্তব্যক গৰিহণা দি কয় যে মহাকুম্ভ আৰম্ভ হোৱাৰ পৰা 'সংগম'ত এতিয়ালৈকে ৫৬ কোটি ভক্তই 'পৱিত্ৰ স্নান' কৰিছে আৰু সেইবাবে মুখ্যমন্ত্রী যোগীয়ে মমতাৰ অভিযোগক ভিত্তিহীন বুলি অভিহিত কৰে। 

মমতাই ৫৬ কোটি ভক্তৰ বিশ্বাসৰ সৈতে খেলা কৰিছে বুলি যোগীয়ে অভিযোগ উত্থাপন কৰে। যোগী আদিত্যনাথে বিধানসভাত পদপিষ্ট হৈ মৃত্যু হোৱা ৩০ লোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মহাকুম্ভলৈ অহাৰ পথত মৃত্যু হোৱা তীর্থযাত্রীসকলৰ পৰিয়ালবৰ্গকো সমবেদনা জ্ঞাপন কৰে।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ