--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আজি ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ গৌৰৱজ্জল মুহূৰ্তত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে। ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ অমৃতোপম দিনটোতে প্ৰধানমন্ত্ৰী মোদীৰ ভাষণত অতি স্পৰ্শকাতৰ জম্মু-কাশ্মীৰৰ প্ৰসংগ উত্থাপিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ প্ৰসংগত সদৰী কৰে যে, ‘দেশৰ কোনো এটা কোণ অনুন্নত হৈ নাথাকিব।

উত্তৰ-পূৱ ভাৰত, হিমালয় অঞ্চল অৰ্থাৎ জম্মু-কাশ্মীৰ, লাডাখ আৰু অন্যান্য উপকূলীয় অঞ্চলৰ লগতে জনজাতীয় অধ্যুষিত অঞ্চলসমূহত উন্নয়নৰ ফোঁহাৰ দেখিবলৈ পোৱা গৈছে। লাডাখত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে আৰু শিক্ষাৰ্থীসকলক উচ্চ শিক্ষা প্ৰদান কৰা হৈছে। জম্মু হওক বা কাশ্মীৰেই হওক, আমাৰ উন্নয়নৰ গতি একেই থাকিব।’ লাডাখত আৰু অধিক উন্নত আন্তঃগাঁথনিৰ নিৰ্মাণকাৰ্য হাতত লোৱা বুলিও তেওঁ উল্লেখ কৰে। লাডাখত ইণ্ডাছ কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰ কাম পূৰ্ণ গতিত চলি থকা বুলিও তেওঁৰ ভাষণত প্ৰকাশ পাইছে। লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, ‘জম্মু আৰু কাশ্মীৰৰ উন্নয়ন দৃশ্যমান।

সীমান্ত সমস্যা প্ৰতিহত কৰিবলৈ সীমা নিৰ্ধাৰণ আয়োগ গঠন কৰা হৈছে। ভৱিষ্যতে সুচল হ’ব পৰাকৈ বিধানসভা নিৰ্বাচনৰো প্ৰস্তুতি চলি আছে।’
দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসৰ পৱিত্ৰ মহোত্‍সৱৰ দিনা মোদীয়ে সকলো ভাৰতীয়কে নতুন ভাৰত গঢ়িবলৈ একেলগে কাম কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে, ‘১০০ শতাংশ গ্ৰামাঞ্চলৰ পথ পকীকৰণৰ ব্যৱস্থা হাতত লোৱা হ’ব। ১০০ শতাংশ পৰিয়ালৰ বেংক একাউণ্ট থাকিব। আয়ুষ্মান ভাৰতৰ জৰিয়তে দেশৰ ১০০শতাংশ লোকে লাভান্বিত হোৱাৰ লগতে উজ্জ্বলা আঁচনিৰ অধীনত দেশৰ ১০০শতাংশ নাগৰিকে সুবিধা লাভৰ অংগীকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ