--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ আজি ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ গৌৰৱজ্জল মুহূৰ্তত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে। ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ অমৃতোপম দিনটোতে প্ৰধানমন্ত্ৰী মোদীৰ ভাষণত অতি স্পৰ্শকাতৰ জম্মু-কাশ্মীৰৰ প্ৰসংগ উত্থাপিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ প্ৰসংগত সদৰী কৰে যে, ‘দেশৰ কোনো এটা কোণ অনুন্নত হৈ নাথাকিব।

উত্তৰ-পূৱ ভাৰত, হিমালয় অঞ্চল অৰ্থাৎ জম্মু-কাশ্মীৰ, লাডাখ আৰু অন্যান্য উপকূলীয় অঞ্চলৰ লগতে জনজাতীয় অধ্যুষিত অঞ্চলসমূহত উন্নয়নৰ ফোঁহাৰ দেখিবলৈ পোৱা গৈছে। লাডাখত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে আৰু শিক্ষাৰ্থীসকলক উচ্চ শিক্ষা প্ৰদান কৰা হৈছে। জম্মু হওক বা কাশ্মীৰেই হওক, আমাৰ উন্নয়নৰ গতি একেই থাকিব।’ লাডাখত আৰু অধিক উন্নত আন্তঃগাঁথনিৰ নিৰ্মাণকাৰ্য হাতত লোৱা বুলিও তেওঁ উল্লেখ কৰে। লাডাখত ইণ্ডাছ কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰ কাম পূৰ্ণ গতিত চলি থকা বুলিও তেওঁৰ ভাষণত প্ৰকাশ পাইছে। লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, ‘জম্মু আৰু কাশ্মীৰৰ উন্নয়ন দৃশ্যমান।

সীমান্ত সমস্যা প্ৰতিহত কৰিবলৈ সীমা নিৰ্ধাৰণ আয়োগ গঠন কৰা হৈছে। ভৱিষ্যতে সুচল হ’ব পৰাকৈ বিধানসভা নিৰ্বাচনৰো প্ৰস্তুতি চলি আছে।’
দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসৰ পৱিত্ৰ মহোত্‍সৱৰ দিনা মোদীয়ে সকলো ভাৰতীয়কে নতুন ভাৰত গঢ়িবলৈ একেলগে কাম কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে, ‘১০০ শতাংশ গ্ৰামাঞ্চলৰ পথ পকীকৰণৰ ব্যৱস্থা হাতত লোৱা হ’ব। ১০০ শতাংশ পৰিয়ালৰ বেংক একাউণ্ট থাকিব। আয়ুষ্মান ভাৰতৰ জৰিয়তে দেশৰ ১০০শতাংশ লোকে লাভান্বিত হোৱাৰ লগতে উজ্জ্বলা আঁচনিৰ অধীনত দেশৰ ১০০শতাংশ নাগৰিকে সুবিধা লাভৰ অংগীকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে সুব্ৰত কাপ ফুটবলত চেম্পিয়ন অসমৰ ছোৱালী দল
নিৰাপত্তা বাহিনীৰ দ্বাৰা জম্মু-কাশ্মীৰৰ LoCত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ, এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী
মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ পত্নীৰ শোকাবহ মৃত্যু
ভূটানত পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ, শক্তি ক্ষমতা ৪০ শতাংশলৈ বৃদ্ধি
ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া ৰূপৰ মুদ্ৰাৰ সবিশেষ প্রকাশ
'বনতাৰা'ৰ তদন্তৰ বাবে SIT গঠন উচ্চতম ন্যায়ালয়ৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ