--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰধানমন্ত্ৰীৰূপে অষ্টমবাৰলৈ পতাকা উত্তোলন কৰিলে নৰেন্দ্ৰ মোদীয়ে৷ ৰাষ্ট্রক সম্বোধি ভাষণ প্ৰদান কৰে প্রধানমন্ত্রীগৰাকীয়ে৷ স্বাধীনতা আন্দোলনৰ প্ৰতিজন সেনানীক সশ্ৰদ্ধ স্মৰণ কৰে তেওঁ৷ কৰ’নাযোদ্ধালৈ লালকিল্লাৰ পৰা কৃতজ্ঞতা মোদীৰ৷ অলিম্পিকত পদকজয়ী এথলীটক ভাষণত প্ৰশংসা কৰিলে মোদীয়ে৷ হাততালিৰে পদকজয়ী এথলীটক অভিনন্দন জনায় তেওঁ৷ ৪৭ৰ বিভাজনত দুৰ্ভোগ ভোগা জনলৈকো স্মৰণ মোদীৰ৷ কৰ’নাৰ বিৰুদ্ধে সৰ্ববৃহৎ ভেকচিন প্ৰদান সূচী দেশত৷ ভাৰতত ৫৪ কোটিৰ অধিকলৈ ভেকচিন প্ৰদান কৰা হয় বুলিও মন্তব্য কৰে মোদীয়ে৷

অমৃতকালৰ প্ৰতিজ্ঞাৰ সোঁৱৰণ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ গাঁও-চহৰৰ প্ৰভেদবিহীন ভাৰতৰ প্ৰতিজ্ঞা কৰে তেওঁ৷ প্ৰতিজন নাগৰিকৰ সম-অধিকাৰৰ প্ৰতিজ্ঞা৷ দেশ নিৰ্মাণত প্ৰতিজন নাগৰিকৰ সম-অৱদানৰ প্ৰতিজ্ঞা৷ তেওঁৰ মতে, কল্যাণমূলক আঁচনিসমূহে স্পৰ্শ কৰিছে দৰিদ্ৰজনক৷ অমৃতকালৰ প্ৰতিজ্ঞা পূৰণৰ সময় সমাগত বুলি মন্তব্য মোদীৰ৷ দুৰ্নীতিমুক্তভাৱে আঁচনি ৰূপায়ণত গুৰুত্ব প্ৰধানমন্ত্ৰীগৰাকীৰ৷

‘উন্নত চিকিৎসা, চিকিৎসা বিদ্যাৰ বৰ্ধিত আসন হৈছে৷ শীঘ্ৰেই প্ৰতি চিকিৎসালয়ত হ’ব অক্সিজেন প্লাণ্ট৷ উন্নয়ন সৰ্বস্পৰ্শী কৰাৰ বাবে চৰকাৰ ব্ৰতী' বুলিও উল্লেখ কৰে মোদীয়ে৷ পূৰ্বোত্তৰ প্ৰসংগত বিশেষ মন্তব্য প্ৰধানমন্ত্ৰীৰ৷ 'অষ্টলক্ষ্মীত যোগাযোগ আন্ত-গাঁথনি উন্নত হৈছে৷ সম্ভাৱনাৰে পৰিপূৰ্ণ পূৰ্বোত্তৰৰ প্ৰতিখন ৰাজ্য৷ হিমালয়, সাগৰৰ আশিসপুষ্ট ৰাজ্যসমূহো সম্ভাৱনাপূৰ্ণ৷ উন্নয়নত অৰিহণা যোগাইছে দেশৰ প্ৰতিটো প্ৰান্তই৷ ভোকেল ফৰ লোকেলৰ জৰিয়তে মহিলাই আত্মনিৰ্ভৰশীল হৈছে' - বুলিও সদৰী কৰে তেওঁ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু