--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : প্ৰধানমন্ত্ৰীৰূপে অষ্টমবাৰলৈ পতাকা উত্তোলন কৰিলে নৰেন্দ্ৰ মোদীয়ে৷ ৰাষ্ট্রক সম্বোধি ভাষণ প্ৰদান কৰে প্রধানমন্ত্রীগৰাকীয়ে৷ স্বাধীনতা আন্দোলনৰ প্ৰতিজন সেনানীক সশ্ৰদ্ধ স্মৰণ কৰে তেওঁ৷ কৰ’নাযোদ্ধালৈ লালকিল্লাৰ পৰা কৃতজ্ঞতা মোদীৰ৷ অলিম্পিকত পদকজয়ী এথলীটক ভাষণত প্ৰশংসা কৰিলে মোদীয়ে৷ হাততালিৰে পদকজয়ী এথলীটক অভিনন্দন জনায় তেওঁ৷ ৪৭ৰ বিভাজনত দুৰ্ভোগ ভোগা জনলৈকো স্মৰণ মোদীৰ৷ কৰ’নাৰ বিৰুদ্ধে সৰ্ববৃহৎ ভেকচিন প্ৰদান সূচী দেশত৷ ভাৰতত ৫৪ কোটিৰ অধিকলৈ ভেকচিন প্ৰদান কৰা হয় বুলিও মন্তব্য কৰে মোদীয়ে৷

অমৃতকালৰ প্ৰতিজ্ঞাৰ সোঁৱৰণ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ গাঁও-চহৰৰ প্ৰভেদবিহীন ভাৰতৰ প্ৰতিজ্ঞা কৰে তেওঁ৷ প্ৰতিজন নাগৰিকৰ সম-অধিকাৰৰ প্ৰতিজ্ঞা৷ দেশ নিৰ্মাণত প্ৰতিজন নাগৰিকৰ সম-অৱদানৰ প্ৰতিজ্ঞা৷ তেওঁৰ মতে, কল্যাণমূলক আঁচনিসমূহে স্পৰ্শ কৰিছে দৰিদ্ৰজনক৷ অমৃতকালৰ প্ৰতিজ্ঞা পূৰণৰ সময় সমাগত বুলি মন্তব্য মোদীৰ৷ দুৰ্নীতিমুক্তভাৱে আঁচনি ৰূপায়ণত গুৰুত্ব প্ৰধানমন্ত্ৰীগৰাকীৰ৷

‘উন্নত চিকিৎসা, চিকিৎসা বিদ্যাৰ বৰ্ধিত আসন হৈছে৷ শীঘ্ৰেই প্ৰতি চিকিৎসালয়ত হ’ব অক্সিজেন প্লাণ্ট৷ উন্নয়ন সৰ্বস্পৰ্শী কৰাৰ বাবে চৰকাৰ ব্ৰতী' বুলিও উল্লেখ কৰে মোদীয়ে৷ পূৰ্বোত্তৰ প্ৰসংগত বিশেষ মন্তব্য প্ৰধানমন্ত্ৰীৰ৷ 'অষ্টলক্ষ্মীত যোগাযোগ আন্ত-গাঁথনি উন্নত হৈছে৷ সম্ভাৱনাৰে পৰিপূৰ্ণ পূৰ্বোত্তৰৰ প্ৰতিখন ৰাজ্য৷ হিমালয়, সাগৰৰ আশিসপুষ্ট ৰাজ্যসমূহো সম্ভাৱনাপূৰ্ণ৷ উন্নয়নত অৰিহণা যোগাইছে দেশৰ প্ৰতিটো প্ৰান্তই৷ ভোকেল ফৰ লোকেলৰ জৰিয়তে মহিলাই আত্মনিৰ্ভৰশীল হৈছে' - বুলিও সদৰী কৰে তেওঁ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ